ভাস্কৰ জ্যোতি বৰুৱাঃ প্ৰখৰ গৰমে ত্ৰাহি মধুসূদন সোঁৱৰাইছে সকলোকে৷ দিল্লীত উত্তাপে দহিছে ৰাজধানীবাসীক৷
ইয়াৰ মাজতে এখন ফটোৱে তোলপাৰ লগাইছে৷ বিকিনি পিন্ধি বৰফত খোজকাঢ়িছে এগৰাকী মডেলে৷ সাগৰৰ পাৰত বিকিনি পিন্ধি খোজকঢ়াৰ দৃশ্য তেনেই সুলভ৷
কিন্তু বিকিনি পিন্ধি বৰফৰ মাজত খোজকঢ়া দেখিছে জানো? মডেল লোপামুদ্ৰা ৰাৱটে বিকিনি পিন্ধি বৰফৰ মাজত প’জ দিয়া ফটোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে৷
মহাৰাষ্ট্ৰৰ লোপামুদ্ৰাৰ পূৰ্বেও আছে বহু আকৰ্ষণীয় ফটো৷ অৱশ্যে শেহতীয়াকৈ ভাইৰেল হোৱা কেইখনমান ফটোৱে বিশেষ চৰ্চা লাভ কৰিছে৷
উল্লেখ্য, মডেল হিচাপে ইতিমধ্যে বহু খ্যাতি অৰ্জন কৰিছে লোপামুদ্ৰা ৰাৱটে৷ ‘মিছ ইণ্ডিয়া গোৱা’, ‘মিছ ইউনাইটেড’, ‘কণ্টিনেন্স ইণ্ডিয়া ২০১৬’ৰ বিজয়ী লোপামুদ্ৰা৷ ‘
বিগ বছ ১০’ৰ প্ৰাক্তন প্ৰতিযোগী লোপামুদ্ৰা ৰাৱট৷ ৰাষ্ট্ৰীয় টেলিভিছনত বহুকেইটা শ্ব’ত ভাগ লৈ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল লোপামুদ্ৰা ৰাৱটে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ