অসম লাইভ ২৪ঃ এচাম নিকৃষ্ট মানসিকতাৰ মানুহে বাৰে বাৰে ভুলুণ্ঠিত কৰিছে সভ্যতাক।তেনে এক ঘটনাই পুনৰ সংঘটিত হৈছে এইবাৰ । কোভিড কেয়াৰ চেণ্টাৰলৈ লৈ যোৱাৰ সময়তে ১৯ বছৰীয়া এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে এগৰাকী বৃদ্ধা মহিলাক নৌফল নামৰ এম্বুলেন্স চালকজনে হাস্পতালত থৈ অহাৰ পাছত আন এগৰাকী ১৯ বছৰীয়া কোভিড আক্ৰান্ত এগৰাকী যুৱতীক কোভিড কেয়াৰ চেণ্টাৰলৈ নিয়াৰ দায়িত্ব লাভ কৰে। কিন্তু যুৱতীগৰাকীক এম্বুলেন্সেৰে হাস্পতালৰ দিশে লৈ যায় যদিও পোনে পোনে হাস্পতাললৈ নগৈ আদবাটতে দিশ সলনি কৰে এম্বুলেন্সখনৰ। এটা বিমানবন্দৰৰ কাষত থকা জনশূন্য এলেকাত গাড়ী ৰখাই যৌন নিৰ্যাতন চলায় এম্বুলেন্স ড্ৰাইভাৰগৰাকীয়ে। ইয়াৰ পাছতে যুৱতীগৰাকীক পুনৰ হাস্পতালত থৈ সেই ঠাইৰ পৰা পলায়ন কৰে। এই পৈশাচিক কাণ্ডটো সংঘটিত হৈছে কেৰালাত। আৰক্ষীয়ে ঘটনাৰ বিষয়ে গম পোৱাৰ পাছতেই গ্ৰেপ্তাৰ কৰে পাষণ্ড নৌফলক। আনহাতে বিভাগীয় কৰ্তৃপক্ষইও ১০৮ৰ কৰ্মচাৰীৰ পদৰ পৰা বৰ্খাস্ত কৰে। ঘটনা সন্দৰ্ভত চালকৰূপী পাষণ্ডটোৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল’বলৈ কেৰেলাৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক কঠোৰ নিৰ্দেশ দিছে। অৱশ্যে ইয়াৰ পূৰ্বে দিল্লীতো এনে এক ঘটনা সংঘটিত হৈছিল। এগৰাকী কৰোনা আক্ৰান্তক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দুটা পাষণ্ডক গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ