নতুন বছৰ ২০২৬ৰ মাৰ্চ মাহত আধ্যাত্মিকতাৰ কাৰক ছায়া গ্ৰহ কেতুৰ নক্ষত্ৰ পৰিবৰ্তন হ’ব৷ কেতুৱে সদায়ে বক্ৰী চলনেৰে নিজৰ ৰাশি আৰু নিজৰ নক্ষত্ৰ সলনি কৰিব৷ দ্ৰিক পঞ্চাঙ্গ অনুসৰি ২৯ মাৰ্চৰ পুৱা ৪ বাজি ৪৯ মিনিটত কেতুৱে মঘা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ কেতুৰ নিজৰ নক্ষত্ৰ মঘাত প্ৰৱেশ কৰা জ্যোতিষ দৃষ্টিত খুবেই গুৰুত্বপূৰ্ণ হ’ব৷ কেতুৰ এই নক্ষত্ৰ পৰিবৰ্তন ৪ৰাশিৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ’ব৷ জানি থওক লাকী ৰাশি কি কি?
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে কেতুৰ নক্ষত্ৰ গোচৰে প্ৰতিক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব৷ আৰ্থিক ক্ষেত্ৰত জাতক খুবেই শক্তিশালী থাকিব আৰু একাধিক উৎসৰ পৰা অৰ্থ উপাৰ্জন কৰিব৷ চিন্তা ভাৱনা কৰাৰ শক্তি বাঢ়িব৷ মানসিক ৰূপৰ পৰা জাতকে শান্তি অনুভৱ কৰিব আৰু আত্মবিশ্বাস বাঢ়িব৷
সিংহ ৰাশি
কেতুৰ মঘা নক্ষত্ৰত প্ৰৱেশে সিংহ ৰাশিৰ জাতকৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব৷ জাতকৰ ভাগ্য হঠাৎ চমকি উঠিব৷ দীৰ্ঘ সময় ধৰি ৰৈ থকা পৰিকল্পনাৰ ওপৰত কাম কৰাৰ সুযোগ পাব৷ বিনিয়োগৰ পৰা বৃহৎ লাভ কৰিব পাৰিব৷ আৰ্থিক পৰিস্থিতি সলনি হব৷ জাতকে ডাঙৰ সিদ্ধান্ত ল’ব পাৰে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ বাবে কেতুৰ নক্ষত্ৰ গোচৰ অতি লাভদায়ক প্ৰমাণিত হব৷ জাতকৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ থাকিব৷ অৰ্থ উপাৰ্জনৰ একাধিক ৰাস্তা খুলি যাব৷ যিকোনো পৰিকল্পনাৰ ওপৰত কাম কৰাৰ বাবে এই সময় শুভ৷ উচ্চপদত থকা অধিকাৰীসকলে সহায়তা পাব৷ জাতকসকলৰ সন্মান বাঢ়িব আৰু সকলোৱে আপোনাৰ প্ৰশংসা কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















