২০২৪ চনটো শেষ হ’বলৈ মাত্ৰ মাত্ৰ ২মাহ৷ ২০২৪ চনৰ নৱেম্বৰ মাহত বহুকেইটা গ্ৰহই ৰাশি পৰিবৰ্তন কৰিব৷ ২০২৫ চনৰ আৰম্ভণিতেই বহু ৰাশিৰ ওপৰত ইয়াৰ শুভ আৰু অশুভ প্ৰভাৱ দেখা যাব৷ অন্যান্য ৰাশিচক্ৰৰ দৰে ১০ নৱেম্বৰত কেতুৱেও স্থান পৰিবৰ্তন কৰিছে৷ ইয়াৰ প্ৰভাৱ ১২ ৰাশিৰ ওপৰতেই পৰিবলৈ আৰম্ভ কৰিছে৷
প্ৰকৃতপক্ষে কেতুৰ ৰাশি পৰিবৰ্তনক খুব বিশেষ বুলি কোৱা হয়৷ বৰ্তমান কেতুৱে কন্যা ৰাশিত অৱস্থান কৰিছে আৰু উত্তৰা ফাল্গুনী নক্ষত্ৰতো অৱস্থান কৰিছে৷ উত্তৰা ফাল্গুনী নক্ষত্ৰৰ অধিপতি হৈছে সূৰ্য৷ কেতুৱে বছৰৰ শেষ পৰ্যন্ত সূৰ্যৰ উত্তৰা ফাল্গুনী নক্ষত্ৰতেই অৱস্থান কৰিব৷ ইয়াৰ ফলত কেইটামান ৰাশিৰ জাতকৰ ওপৰত অৰ্থৰ বৃষ্টিপাত হ’ব৷ কোন কোন ৰাশি ইয়াৰ দ্বাৰা লাভাম্বিত হ’ব?
ধনু ৰাশি
জ্যোতিষীৰ মতে, সূৰ্যৰ ৰাশিত কেতুৰ গমন ধনু ৰাশিৰ জাতকৰ বাবে শুভ বুলি কোৱা হয়৷ আপুনি আপোনাৰ পৰিয়াল আৰু পূৰ্বপুৰুষৰ পৰা আশীৰ্বাদ পাব৷ সমাজত আপোনাৰ অৱস্থান আৰু মৰ্যাদা বৃদ্ধি পাব৷ ব্যৱসায়িক সমস্যা সমাধান হ’ব৷ অৰ্থ সংক্ৰান্তিয় সমস্যাসমূহ ধীৰে ধীৰে দূৰ হ’ব৷
মকৰ ৰাশি
সূৰ্যৰ ৰাশিত কেতুৰ অৱস্থান মকৰ ৰাশিৰ জাতকৰ বাবে উপকাৰী৷ বছৰৰ পাছত বছৰ ধৰি অমীমাংসিত আপোনাৰ কাম শেষ হ’ব৷ সম্পদ বৃদ্ধিৰো সম্ভাৱনা আছে৷ মাতৃৰ স্বাস্থ্য সংক্ৰান্তিয় কোনো ভাল খবৰ পাব পাৰে৷ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে সূৰ্যৰ ৰাশিত কেতুৰ গমন লাভজনক হ’ব৷ বিবাদত জয়ী হ’ব পাৰে৷ ব্যৱসায়ীসকলে কোনো ভাল খবৰ পাব পাৰে৷ সম্পত্তিত পুৰণি কোনো বিনিয়োগে আপোনাৰ আৰ্থিক অৱস্থানক শক্তিশালী কৰিব পাৰে৷ কামৰ বাবে ভ্ৰমণ কৰিব৷ আপোনাৰ স্বাস্থ্যৰ যত্ন লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















