সুখবৰ দিয়াৰ পাছতে চুক্তি কৰা ছবি এৰিলে কিয়াৰাই, এতিয়া সময় কেৱল আহিবলগীয়াৰ নামত
এই সময়ত কিয়াৰা আদৱানীৰ জীৱন সুখেৰে ভৰা। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে মাক হবলৈ ওলোৱাৰ খবৰ সংবাদ মাধ্যম আৰু অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল।
বৰ্তমানে কিয়াৰাই ‘টক্সিক’ আৰু ‘ৱাৰ ২’ ছবিৰ শ্বুটিঙো কৰি আছে। কিন্তু ইণ্ডিয়া টুডেৰ খবৰ অনুসৰি কিয়াৰা বৰ্তমানে এক ডাঙৰ ফ্ৰেঞ্চাইজি ছবিৰ চুক্তি কৰিয়ো এতিয়া সেই ছবিৰ অংশ নহয়। ছবিখনৰ পৰা নিজকে আঁতৰাই ৰাখিছে কিয়াৰাই।
খবৰ অনুসৰি কিয়াৰা আদৱানীয়ে ‘ডন ৩’ ছবিখনৰ পৰা নিজকে আঁতৰাই ৰাখিছে। ফাৰহান আখতাৰে নিৰ্মাণ কৰিবলগীয়া ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ সিঙে। উদ্যোগটোৰ এক সূত্ৰই জনোৱা মতে, কিয়াৰা আদৱানীয়ে মাতৃ হবলৈ ওলোৱাৰ বাবেই এই ছবিৰ পৰা নিজকে আঁতৰাই নিয়ে। এতিয়া সময় কেৱল আহিবলগীয়া জনৰ নামত দিব বিচাৰে অভিনেত্ৰীগৰাকীয়।
আনহাতে ‘ডন ৩’ ছবিখনৰ নিৰ্মাতাসকলে কিয়াৰাই না কৰাত এতিয়া নতুন নায়িকাৰ সন্ধানত নামি পৰিছে। কিছুদিনৰ পিছতে জানিব পৰা যাব কিয়াৰাৰ ঠাইত কোনগৰাকী নায়িকাই ছবিখনত ৰণবীৰ সিঙৰ বিপৰীতে অভিনয় কৰিব। এই ছবিখনত বিক্ৰান্ত মেছেইও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















