আপুনি যদি আপোনাৰ সঞ্চয় বেংকত ৰখাৰ পৰিবৰ্তে ভাল স্থানত বিনিয়োগ কৰিব খোজে তেন্তে পোষ্ট অফিচৰ কিষাণ বিকাশ পত্ৰ স্কিম আপোনাৰ বাবে এক দুৰ্দান্ত বিকল্প হ’ব পাৰে৷ এই স্কিমে স্থিৰ ৰিটাৰ্ণ প্ৰদান কৰে৷ এই স্কিম ক্ষুদ্ৰ আৰু মধ্যবিত্ত বিনিয়োগকাৰীৰ বাবে উপকাৰী৷
আপুনি যদি আপোনাৰ সঞ্চয়ক এক নিৰাপদ আৰু লাভজনক বিনিয়োগত পৰিণত কৰিব খোজে তেন্তে এই প্ৰকল্পটোত বিনিয়োগ লাভজনক হ’ব পাৰে৷ আহক এই পোষ্ট অফিচ স্কিম সম্পৰ্কে বিস্তাৰিতভাৱে জানি লওঁ৷
কিষাণ বিকাশ পত্ৰ যোজনাৰ বৈশিষ্ট্য
কোনো সৰ্বোচ্চ সীমা নাইঃ আপুনি সৰ্বনিম্ন ১০০০ টকা দি বিনিয়োগ আৰম্ভ কৰিব পাৰে আৰু কোনো সৰ্বোচ্চ সীমা নাই৷
শিশুৰ বাবেও একাইণ্ট খোলাৰ সুবিধাঃ১০ বছৰৰ বেছি বয়সীয়া শিশুৰ নামতো একাউণ্ট খোলা সম্ভৱ৷
কেনেকৈ দ্বিগুণ ৰিটাৰ্ণ পাব?
উদাহৰণস্বৰূপে আপুনি যদি ১১৫ মাহৰ পাছত ৪লাখ টকা বিনিয়োগ কৰে, তেন্তে এই পৰিমাণ দ্বিগুণ হৈ ৮ লাখ টকা হৈ পৰিব৷
এই প্ৰকল্পত কোনে কোনে বিনিয়োগ কৰা উচিত?
অৱসৰপ্ৰাপ্ত ব্যক্তিঃ যিসকলে কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকৰ মূলধন বঢ়াব খোজে তেওঁলোকে ইয়াত বিনিয়োগ কৰিব পাৰে৷ ক্ষুদ্ৰ বিনিয়োগকাৰীঃ নিৰাপদ আৰু স্থিৰ ৰিটাৰ্ণ বিচৰা ব্যক্তিয়ে বিনিয়োগ কৰিব পাৰে৷
পিতৃমাতৃয়ে সন্তানৰ ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিব পাৰেঃ যিসকলে দীৰ্ঘম্যাদি বিনিয়োগ কৰিব খোজে তেওঁলোকৰ বাবে এই প্ৰকল্প উল্লেখযোগ্য৷
এই প্ৰকল্প সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য
সুদৰ হাৰ পৰ্যালোচনাঃ চৰকাৰে প্ৰতি তিনিমাহত সুদৰ হাৰ পৰ্যালোচনা কৰে৷
লক ইন পিৰিয়ডঃ এই স্কিমৰ লক ইন পিৰিয়ড ৫বছৰ অৰ্থাৎ ৬০মাহ৷
এই স্কিমত অৰ্জিত সুদ কৰযোগ্য৷
মনোনয়নৰ সুবিধাঃ আপোনাৰ মৃত্যুৰ পাছত টকা পোৱাৰ বাবে আপুনি এজন দাবীদাৰক মনোনয়ন কৰিব পাৰে৷
কিষাণ বিকাশ পত্ৰ প্ৰকল্পৰ বাবে কেনেকৈ আবেদন কৰিব?
আপোনাৰ নিকটতম ডাকঘৰলৈ যাওক আৰু কিষাণ বিকাশ পত্ৰ যোজনা ফৰ্মখন ফিলআপ কৰক৷ প্ৰয়োজনীয় নথি জমা দিয়ক৷ একক অংকৰ টকা পৰিশোধ কৰক আৰু ৰছিদ লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ