প্ৰকৃতিৰ নিয়মত বাৰ্ধক্য এদিন আহিবই৷ কিন্তু সময়তকৈ পূৰ্বে বাৰ্ধক্য অহাটো কোনোৱে নিবিচাৰে৷ আজিকালি বয়সে ৪০ৰ সীমা পাৰ কৰিলেই শৰীৰত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটে৷ যেনে ডায়াবেটিছ, কলষ্ট্ৰেৰলৰ দৰে ক্ৰনিক ৰোগ৷ ইয়াৰ আঁৰত জলবায়ু, অত্যধিক প্ৰদূষণ, খোৱাবোৱাত অনিয়মসহ বিভিন্ন কাৰণ৷ এইসমূহৰ বাবেই হেৰাই যায় যৌৱন৷ যাৰ বাবে মুঠি মুঠিকৈ ঔষধ খোৱা নহয়, ভৰসা ৰাখক গাখীৰৰ ওপৰত৷ দৈনিক এই ছুপাৰফুড খালেই ধৰি ৰাখিব পাৰিব তাৰুণ্য৷
সুস্থ থাকিবলৈ গাখীৰ খোৱাটো শৰীৰৰ বাবে উপকাৰী৷ গাখীৰত থকা পুষ্টিগুণে শৰীৰৰ যত্ন লয়৷ ৯বিধ এমিনো এছিডসহ প্ৰটিনেৰে ভৰপুৰ গাখীৰ দৈনিক খালে বহুৰোগৰ পৰা আপুনি দূৰৈত থাকিব৷ চিকিৎসকৰ পৰা পুষ্টিবিদ, উভয়ৰে মতেই গাখীৰ খোৱাৰ আদৰ্শ সময় হৈছে নিশা৷ টোপনি যোৱাৰ পূৰ্বে এক গ্লাছ গাখীৰ খালেই বহু শাৰীৰিক সমস্যাৰ সমাধান পাব৷ কি কি ৰোগৰ পৰা উপশম পাব?
ডিহাইড্ৰেছনঃ
গৱেষণাই কৈছে, গাখীৰত পানীৰ পৰিমাণ প্ৰায় ৮০শতাংশ৷ ফলত গাখীৰে শৰীৰত পানীৰ ঘাটি দূৰ কৰে৷ গাখীৰে শৰীৰত আৰ্দ্ৰতা বজায় ৰাখে৷
ছাল উজ্জ্বল কৰে
গাখীৰত আছে প্ৰটিন, ভিটামিন বি, ডিৰ দৰে উপাদান৷ গাখীৰ খালে শৰীৰৰ এই উপাদানসমূহৰ ঘাটি দূৰ হয়৷ গাখীৰৰ মাজত প্ৰাকৃতিকভাৱেই ৰেটিনল আছে৷ যিয়ে ছালৰ ওপৰত সহজে বয়সৰ চাপ পৰিবলৈ নিদিয়ে৷
ওজন নিয়ন্ত্ৰণ
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈকো গাখীৰ বেছ উপকাৰী৷ দৈনিক খাদ্যতালিকাত গাখীৰ ৰাখিলে ওজন বাঢ়ি যোৱাৰ আশংকা কম থাকে৷
অনিদ্ৰা
নিশা শোৱাৰ পূৰ্বে গাখীৰ খালে টোপনি ভাল হয়৷ কাৰণ গৰম গাখীৰত আছে ট্ৰিপ্টফেন নামৰ এমিনো এছিড, যিয়ে চেৰোটোনিন ক্ষৰণত সহায় কৰে৷ চেৰোটোনিনে মানসিক চাপ কমায়৷
মানসিক উদ্বেগ কমায়
মানসিক স্বাস্থ্যৰ বাবেও গাখীৰ খুবেই কাৰ্যকৰী৷ গাখীৰত থাকে পটাছিয়াম, ভিটামিন, খনিজ পদাৰ্থ স্নায়ু শান্ত ৰাখে, শৰীৰক ভিতৰৰ পৰা শক্তি যোগায়৷ মানসিক অৱসাদ, উদ্বেগ দূৰৈত ৰখাত সহায় কৰে৷
হজমৰ সমস্যা দূৰ কৰে
চিকিৎসকৰ মতে নিশা টোপনিলৈ যোৱাৰ পূৰ্বে এক গ্লাছ গাখীৰ খালে হজমৰ সমস্যা দূৰ হ’ব৷ এছিডিটি কিংবা আলছাৰৰ দৰে সমস্যা থাকিলে ঠাণ্ডা গাখীৰ খাব পাৰে৷
দাঁতৰ সমস্যা
দাঁত পোকে খোৱা, দাঁত ক্ষয় যোৱা, দাঁতত হালধীয়া দাগ পৰা আদি সমস্যাৰ সমাধানো লুকাই আছে গাখীৰত৷ কেলছিয়াম সমৃদ্ধ বাবেই গাখীৰ দাঁতৰ স্বাস্থ্যৰ বাবেও উপকাৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ