আগন্তুক ১৫ মাৰ্চত পৰিছে ফাগুনৰ পূৰ্ণিমা৷ সেই দিনাই পালিত হ’ব দৌলযাত্ৰা৷ সেই দিনাই হ’ব এই বছৰৰ প্ৰথম গ্ৰহণ৷ আগন্তুক ফাগুনৰ পূৰ্ণিমাত অৰ্থাৎ দৌলৰ দিনাই গ্ৰহণ লাগিব চন্দ্ৰত৷ এই দিনটোত কুম্ভ এৰি মীন ৰাশিত গোচৰ কৰিব সূৰ্য৷ ইয়াৰ ঠিক ১৫ দিন পাছত আগন্তুক ২৯ মাৰ্চত হ’ব সূৰ্যগ্ৰহণ৷ সেই দিনাই আকৌ শনিয়ে কুম্ভ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিব৷ মাত্ৰ ১৫ দিনৰ ব্যৱধানত দুটি গ্ৰহণ আৰু এই দুই দিনৰ দুটি গুৰুত্বপূৰ্ণ গ্ৰহৰ ৰাশি পৰিবৰ্তন৷ জ্যোতিষ গণনা অনুসৰি এই বিৰল যোগাযোগৰ ক্ষতিকৰ প্ৰভাৱ পৰিব কেইটামান ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক গ্ৰহণৰ পাছত এটাৰ পাছত আনটো বিপদ আহিব কোন কোন ৰাশিৰ জীৱনত?
মেষ ৰাশি
মাৰ্চত হোৱা দুটা গ্ৰহণে সমস্যাত পেলাব পাৰে মেষ ৰাশিৰ জাতকক৷ এই সময়ত নানান কাৰণত আপোনাৰ খৰচ বাঢ়িব৷ বাজেট মানি খৰচ নকৰিলে সমস্যাত পৰিব পাৰে৷ আয়তকৈ ব্যয় বাঢ়ি যোৱাত আৰ্থিক সংকটত পৰিব মেষ ৰাশিৰ জাতক৷ স্বাস্থ্যও ভালে নাথাকিব পাৰে৷ চকু আৰু ভৰিৰ সমস্যাত ভূগিব পাৰে৷ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাত সহজেই অসুস্থ হৈ পৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ