অসম লাইভ২৪ঃ উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং ওনে মঙলবাৰে ৰাছিয়ালৈ যাত্ৰা কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে পুটিনৰ সৈতে বিশেষ সন্মিলনত ভাগ ল’বলৈ ৰাছিয়ালৈ যাত্ৰা কৰিছে। ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ মাজত অস্ত্ৰ শস্ত্ৰৰ আদান প্ৰদান, সামৰিক বিষয় আৰু কূটনৈতিক বহুকেইটা বিষয়ৰ ওপৰত আলোচনা কৰিব দুই দেশৰ ৰাষ্ট্ৰপ্ৰধান দুজনে। ইয়াৰোপৰি দুয়োখন দেশে আমেৰিকাৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈকো ৰণনীতি তৈয়াৰ কৰিব পাৰে। এখন দেশৰ পৰা আন এখন দেশলৈ ৰাষ্ট্ৰপ্ৰধানে যাত্ৰা কৰাটো তেনেই সাধাৰণ বিষয় যদিও কিম জং উনে কৰা এই যাত্ৰা কিন্তু কিছু ব্যতিক্ৰম। এইবাৰ কিম জং উনে ৰাছিয়ালৈ ট্ৰেইনেৰে যাত্ৰা কৰিছে।
বিমানৰ পৰিবৰ্তে ৰে’লত ভ্ৰমণ কৰাৰ কাৰণ কি?
কিম জং উন ৰে’লযোগে ৰাছিয়াত উপস্থিত হোৱাৰ ফটো সমগ্ৰতে ভাইৰেল হৈ পৰিছে। কিন্তু কিয় বিমানযোগে নগৈ ৰে’লযোগে যাত্ৰা কৰিছে কিম জং উনে? সংবাদ সংস্থা এপিৰ প্ৰতিবেদন অনুসৰি, কিম জং উনৰ পিতৃ কিম জং ইল আৰু তেওঁৰ ককাক কিম ইল চুঙৰ মৃত্যলৈ বিৰাটেই ভয় আছিল। সেয়ে দুয়োৱে কাহানিও বিমানত ভ্ৰমণ কৰা নাছিল। তেওঁলোকৰ মনত এই ভয়ৰ সৃষ্টি হৈছিল কিম জং ইল আৰু কিম ইল চুঙে জেট বিস্ফোৰণ চকুৰ সন্মুখতে দেখিছিল সেয়ে দুয়োৱে বিমান বুলি ক’লেই ভয় কৰিছিল। এই ঘটনাৰ পাছত অৱশ্যে ১৯৮৬ চনত কিম ইল ছুঙে বিমানতেই কেইবাবাৰো ছোভিয়েট ইউনিয়নলৈ যাত্ৰা কৰিছে। কিম জং উনেও ছুইজাৰলেণ্ডত বৰ্ডিং স্কুলত পঢ়া শুনা কৰিছিল। ছুইজাৰলেণ্ডলৈ কিম জং উনেও বিমানতেই যাত্ৰা কৰিছিল।
২০১১ চনত উত্তৰ কোৰিয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰে কিম জং উনে। উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপ্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত কিম জং উনেও বিমান উৰণ একেবাৰেই কমাই দিয়ে। কিমে ২০১৮ চনতেই শেষৰটো বিমান যাত্ৰা কৰিছে। ২০১৮ চনত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হ’বলৈ ছিংগাপুৰলৈ গৈছিল। বহুতৰে ধাৰণা যে কিমে ৰে’লত যাত্ৰা কৰাটো তেওঁৰ পৰিয়ালৰ পৰম্পৰা ধৰি ৰখাহে। জ্যেষ্ঠসকলৰ প্ৰতি সন্মান জনায়েই তেওঁ ৰে’লত যাত্ৰা কৰে।
কিম জং উনে যাত্ৰা কৰা ৰে’লত কি কি বিশেষ সুবিধা আছে?
সংবাদসংস্থা ৰয়টাৰৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱামতে কিমে যাত্ৰা কৰা ৰে’লখন তেওঁৰ দেউতাক আৰু ককাকেও ব্যৱহাৰ কৰিছিল। এই ৰে’লত এখন বিলাসী চোফা আৰু কনফাৰেন্স ৰুম আছে। ৰে’লখনৰ ভিতৰত ২১ খন বুলেটপ্ৰুফ বাহনো আছে। তেওঁৰ বিশেষ ৰে’লখনৰ আগে পিছে দুখন কনভয় ৰে’লো চলে। সাম্ভাব্য ভাবুকিৰ মোকাবিলা কৰিবলৈ প্ৰায় ১০০ নিৰাপত্তা এজেণ্ট ষ্টেচনে ষ্টেচনে থাকে। আনহাতে আন ৰে’লসমূহক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁৰ ৰে’লে যাত্ৰা কৰাৰ সময়ত সেই ৰে’ল ষ্টেচনে ষ্টেচনে ৰখাই দিয়া হয়।
কিম জং উনে যাত্ৰা কৰা ৰে’লে কিমান বেগত যাত্ৰা কৰে?
সুৰক্ষাৰ ক্ষেত্ৰত এই ৰে’লখন যথেষ্ট শক্তিশালী। কিন্তু গতিৰ ক্ষেত্ৰত, ইলেক্ট্ৰনিক বাইকতকৈয়ো লেহেম। ৰে’লখনৰ শীৰ্ষ গতিবেগ ৫০ কিঃমিঃ/ঘণ্টা। অত্যাধুনিক ৰে’লসমূহতকৈ তেওঁ যাত্ৰা কৰা ৰে’লৰ গতিবেগ বহু কম। শক্তিৰ ক্ষেত্ৰত কিন্তু এই ৰে’লক লণ্ডনৰ উচ্চ গতিৰ ৰেলৰ সৈতে তুলনা কৰা হয়। লণ্ডনৰ ৰে’লসমূহ প্ৰতি ঘণ্টাত ২০০ কিঃমিঃ/ঘণ্টাত চলে। ইপিনে জাপানৰ বুলেট ট্ৰেইনসমূহ ৩২০ কিঃমিঃ/ঘণ্টা বেগত চলে।
এই ৰে’লখনৰ কি কি বিশেষত্ব আছে?
এই সেউজীয়া ৰে’লখন সম্পূৰ্ণৰূপে বুলেটপ্ৰুফ। ইয়াৰ ভিতৰত এখন ৰেষ্টুৰেণ্টো আছে, যি মূল্যৱান ফৰাচী সুৰাৰে পৰিপূৰ্ণ। এই ট্ৰেইনৰ ভিতৰত থকা ৰেষ্টুৰেণ্টত লবষ্টাৰ, গাহৰিৰ মাংসৰ বাৰবিকিউ আছে। ইয়াৰ উপৰিও, ৰে’লখনত কনফাৰেন্স ৰুম, কমন ৰুম আৰু কেইবাটাও শোৱনি কোঠা আছে। এই শোৱনি কোঠাসমূহত ছেটেলাইট ফোন আৰু ফ্লেট-স্ক্ৰীণ টেলিভিছনৰ সুবিধা আছে।
ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ মাজত কি কি আলোচনা হ’ব?
প্ৰতিবেদন অনুসৰি, এই বৈঠকত পুটিনে কিমৰ পৰা ৰাছিয়াৰ সেনাৰ বাবে আৰ্টিলাৰী শ্বেল আৰু এণ্টি টেংক মিছাইল ল’ব পাৰে। একে সময়তে এই অস্ত্ৰৰ বিনিময়ত কিম জং উনে পুটিনৰ পৰা উন্নত উপগ্ৰহ আৰু পাৰমাণৱিক শক্তিচালিত ছাবমেৰিন নিৰ্মাণৰ প্ৰযুক্তিও শিকিব পাৰে। ইয়াৰ উপৰিও, কিম জং উনে ৰাছিয়াৰ পৰা খাদ্য সাহায্যও দাবী কৰিব। এক সূত্ৰই প্ৰকাশ কৰামতে উত্তৰ কোৰিয়াৰ বহু ঠাইত এতিয়াও অনাহাৰত দিন কটাইছে বহুলোকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ