লক্ষ্মী দেৱীক সন্তুষ্ট কৰি ৰাখিব বিচাৰে যদি ধনতেৰাছত ভুলতো ঘৰলৈ নানিব এনে সামগ্ৰী
কাইলৈ ধনতেৰাছ। দীপাৱলীৰ পূৰ্বে এই বিশেষ উৎসৱ সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হয়। ধনতেৰাছৰ পৰাই ভাৰতত আৰম্ভ হয় দীপাৱলীৰ আগমণ।
মা লক্ষ্মীৰ ঘৰলৈ আদৰণি জনোৱাৰ উদ্দেশ্যে এই ধনতেৰাছৰ দিনাৰে পৰা আৰম্ভ হয় ঘৰ-দুৱাৰ আদি সজোৱাৰ কাম। ঘৰলৈ অনা হয় বিভিন্ন ধৰণৰ সামগ্ৰী। বহুতেই শুভ বুলি আ-অলংকাৰ, বাচন-বৰ্তন আদিয়ো ক্ৰয় কৰে এই ধনতেৰাছৰ দিনটোত।
কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত এই ধনতেৰাছ উৎসৱ পলান কৰা হয়। বহুতেই বহু ধৰণৰ সামগ্ৰী ক্ৰয় কৰে।
পাছে জানেনে, এই দিনটোত পাকঘৰৰ কিছুমান সামগ্ৰী ক্ৰয় কৰিব নালাগে। যদিহে ক্ৰয় কৰে তেন্তে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে।
কি কি এনে সামগ্ৰী আছে, যি ধনতেৰাছৰ দিনটোত ক্ৰয় কৰিব নালাগে-
লোহাৰ সামগ্ৰী ক্ৰয় কৰিব নালাগে এই দিনটোত। লোহাৰ বাচন-বৰ্তন ক্ৰয় কৰিলে অশুভ দিন ঘৰলৈ অহা বুলি মান্যতা আছে। সেয়ে ধনতেৰাছৰ দিনা ঘৰলৈ কোনো ধৰণৰ লোহাৰ সামগ্ৰী আনিব নালাগে।
এই দিনটোত কোনো ধৰণৰ খালী বৰ্তন ক্ৰয় কৰিব নালাগে। কোৱা হয় যে, এই দিনটোত খালী বাচন ক্ৰয় কৰিলে মা-লক্ষ্মী অসন্তুষ্ট হয়। ঘৰৰ সমৃদ্ধি নোহোৱা হয় ।
যদিহে এই দিনটোত তেনে কোনো এক বাচন ক্ৰয় কৰাটো অত্যন্ত প্ৰয়োজন হৈ পৰে, তেন্তে তেনে বাচন ক্ৰয় কৰাৰ লগে লগে সেই খালী বাচনত কোনো খাদ্য সামগ্ৰী ক্ৰয় কৰি ভৰাই দিব নাইবা পানীকে অলপ দি ঘৰলৈ লৈ আহিব। তেনে কৰিলে সকলো সমস্যা নোহোৱা হয় বুলি মান্যতা।
ধৰতেৰাছৰ এই দিনটোত কোনো ধৰণৰ ধাৰ থকা তথা ধৰাল সামগ্ৰী যেনে দা-কটাৰী আদি ক্ৰয় কৰি ঘৰলৈ আনিব নালাগে। মান্যতা অনুসৰি এনে ধৰাল সামগ্ৰীয়ে ঘৰলৈ দুৰ্ভাগ্য আনে। পৰিয়ালৰ লোকৰ মাজত সম্পৰ্কৰ ফাঁট মেলাৰ সম্ভাৱনা থাকে।
বহু লোকেই নাজানে যে, এই দিনটোত ষ্টীলৰো কোনো সামগ্ৰী ক্ৰয় কৰিব নালাগে। পাছে বহু লোকেই কাঁহ-পিতলৰ বাচনতকৈ ষ্টীলৰ বাচন-বৰ্তনৰ দাম কম হোৱা বাবে এনে বাচন ক্ৰয় কৰি ঘৰলৈ আনে। পাছে এনে কৰিব নালাগে।
কাঁচেৰে নিৰ্মিত সামগ্ৰীয়ো ক্ৰয় কৰিব নালাগে এই দিনটোত। কাঁচৰ সম্পৰ্ক ৰাহু গ্ৰহেৰে জড়িত। ইয়াৰ উপৰিও কাঁচৰ সামগ্ৰী অতিকে ভংগুৰ।
তেল বা ঘিউ ক্ৰয় কৰা ক্ষেত্ৰত বৰ্জিত এই দিনত। কেৱল ক্ৰয় কৰাৰ ক্ষেত্ৰতে নহয়, এই ধনতেৰাছৰ দিনা কোনো ধৰণৰ তেল তথা ঘিউ খাদ্যত ব্যৱহাৰো কৰিব নালেগে। সম্পূৰ্ণ সিদ্ধ খাদ্য খাব লাগে বুলি মান্যতা আছে এই দিনটোত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















