কোটি কোটি টকাৰ মালিক, ক্ৰিপ্টমুদ্ৰাৰ মুকুটহীন সম্ৰাট, বৰ্ণময় চৰিত্ৰ৷ অথচ জীৱন শেষ হ’ল কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত৷ আত্মহত্যা কৰি নিজকে শেষ কৰে সেই সম্ৰাটে৷ তেওঁ আন কোনো নহয় তেওঁ হৈছে এণ্টিভাইৰাছ ছফ্টৱেৰ সংস্থা (McAfee) মেকেফিৰ প্ৰতিস্থাতা জন ডেভিড মেকফি৷
বন্দুকৰ চখ আছিল মেকফিৰ৷ বিভিন্ন ধৰণৰ বন্দুকৰ তেওঁ মালিকো আছিল৷ প্ৰায় সকলো বন্দুক লৈ তেওঁ ছবি তুলি সামাজিক মাধ্যমত আপলোড কৰিছিল৷ কোৱা হয় মেকফিক পঞ্চাচবাৰতকৈয়ো বেছি দুৰ্বৃত্তই হত্যা কৰাৰ চেষ্টা চলাইছিল৷ কিন্তু প্ৰত্যেকবাৰেই বিফল হৈছিল৷ ইয়াৰোপৰি অবৈধ কাৰ্যকলাপৰ বাবেও তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল৷
অবৈধভাৱে অনুপ্ৰৱেশৰ বাবে ২০১২ চনৰ ডিচেম্বৰত পৰাক্ৰমী মেকফিক গ্ৰেপ্তাৰ কৰে গুয়াতেমালা চৰকাৰে৷ গুৱাটেমালাৰ পৰা নিৰ্বাসিত হোৱাৰ পাছতেই মেকফিক আমেৰিকালৈ উভতাই পঠিওৱা হয়৷ আমেৰিকাত উপস্থিত হৈ ফ্লৰিডাৰ মিয়ামি বিচত মেকফিয়ে তেওঁতকৈ ৩০ বছৰে সৰু এগৰাকী যৌনকৰ্মী জেনিছ ডাইছনৰ সৈতে চিনাকি হয়৷ এনিশা তেওঁৰ সৈতে কটাই৷ তাৰপিছতেই দুগৰাকী পত্নী থকাৰ পাছতো আকৌ প্ৰেমত পৰে মেকফি৷ ২০১৩ চনত বিয়াও কৰাই সেই যৌনকৰ্মীক৷ বিবাহৰ পাছত দুয়ো ৱেৰগনৰ পোৰ্টলেণ্ডলৈ গৈ সংসাৰ আৰম্ভ কৰে৷
মেকফিৰ বিৰুদ্ধে কৰ ফাঁকি দিয়াৰ অভিযোগত একাধিক গোচৰ চলিছিল৷ এটা গোচৰত আমেৰিকাই তেওঁক গ্ৰেপ্তাৰ কৰিছিল৷ তেওঁক জেললৈ প্ৰেৰণ কৰাৰ পাছতেই স্পেইনৰ আদালতেই তেওঁৰ বিৰুদ্ধে থকা এটা গোচৰৰ ৰায় দিয়ে৷ তেওঁ অপৰাধী চিনাক্ত হোৱা বুলিও জনায়৷ এই ৰায় শুনি মানসিকভাৱে ভাঙি পৰে মেকফি৷ তাৰপিছতেই জেলৰ ভিতৰতেই আত্মহত্যাৰ পথ বাচি লয়৷
জেলত থাকিলেও মেকফিৰ জীৱন আছিল অতি ৰাজকীয়৷ তেওঁক জেলৰ ভিতৰতেই ছচিয়েল মিডিয়া ব্যৱহাৰৰো সুযোগ দিয়া হৈছিল৷ জেলৰ ভিতৰত থাকিয়েই তেওঁ টুইটাৰত লিখিছিল, ‘মই এতিয়া সন্তুষ্ট৷ মোৰ বন্ধু আছে ইয়াত৷ খাদ্যও ভাল৷ সকলো ঠিকে আছে৷ কিন্তু যদি কেতিয়াবা মই নিজকে শেষ কৰো তেন্তে সেয়াও মোৰ নিজা সিদ্ধান্তই হব৷’ এই টুইটক লৈ একাধিক বিতৰ্কও হৈছিল৷ বহুতেই কৈছিল তেওঁক জেলৰ ভিতৰত কোনোবাই হত্যা কৰিছে৷ মেকফিৰ অধিবক্তাইয়ো কৈছিল, মেকফি মানসিকভাৱে শক্তিশালী ব্যক্তি৷ তেওঁ কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে৷ কিন্তু কোনে কি কাৰণত হত্যা কৰিব পাৰে মেকফিক সেয়া আজিও ৰহস্যৰ আৱৰ্তত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ