• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঠিকনা আছিল হাৰেম, বিয়া কৰাইছিল যৌ* কৰ্মীক, কাৰাগাৰৰ ভিতৰত জীৱন শেষ হোৱা বিশ্বৰ অন্যতম বিতৰ্কিত ব্যৱসায়ী, জানক তেওঁৰ জীৱনৰ এই ৰঙীন কাহিনী

ঠিকনা আছিল হাৰেম, বিয়া কৰাইছিল যৌ* কৰ্মীক, কাৰাগাৰৰ ভিতৰত জীৱন শেষ হোৱা বিশ্বৰ অন্যতম বিতৰ্কিত ব্যৱসায়ী, জানক তেওঁৰ জীৱনৰ এই ৰঙীন কাহিনী

11 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

4 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

4 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

4 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

4 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

4 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

4 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

5 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঠিকনা আছিল হাৰেম, বিয়া কৰাইছিল যৌ* কৰ্মীক, কাৰাগাৰৰ ভিতৰত জীৱন শেষ হোৱা বিশ্বৰ অন্যতম বিতৰ্কিত ব্যৱসায়ী, জানক তেওঁৰ জীৱনৰ এই ৰঙীন কাহিনী

ঠিকনা আছিল হাৰেম, বিয়া কৰাইছিল যৌ* কৰ্মীক, কাৰাগাৰৰ ভিতৰত জীৱন শেষ হোৱা বিশ্বৰ অন্যতম বিতৰ্কিত ব্যৱসায়ী, জানক তেওঁৰ জীৱনৰ এই ৰঙীন কাহিনী

editor by editor
March 25, 2025
in জীৱনশৈলী, বিশ্ব, লেখা
0
ঠিকনা আছিল হাৰেম, বিয়া কৰাইছিল যৌ* কৰ্মীক, কাৰাগাৰৰ ভিতৰত জীৱন শেষ হোৱা বিশ্বৰ অন্যতম বিতৰ্কিত ব্যৱসায়ী, জানক তেওঁৰ জীৱনৰ এই ৰঙীন কাহিনী
0
SHARES
922
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোটি কোটি টকাৰ মালিক, ক্ৰিপ্টমুদ্ৰাৰ মুকুটহীন সম্ৰাট, বৰ্ণময় চৰিত্ৰ৷ অথচ জীৱন শেষ হ’ল কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত৷ আত্মহত্যা কৰি নিজকে শেষ কৰে সেই সম্ৰাটে৷ তেওঁ আন কোনো নহয় তেওঁ হৈছে এণ্টিভাইৰাছ ছফ্টৱেৰ সংস্থা (McAfee) মেকেফিৰ প্ৰতিস্থাতা জন ডেভিড মেকফি৷

২০২১ চনৰ জুনত স্পেইনৰ বাৰ্ছিলোনাৰ এক কাৰাগাৰত মৃত অৱস্থাত পোৱা যায় মেকফিক৷ আৰক্ষীয়ে জনাই যে তেওঁ আত্মহত্যা কৰিছে৷ বৰ্ণময় চৰিত্ৰৰ মেকফিয়ে কিয় আত্মহত্যা কৰিলে সেয়া আজিও ৰহস্যৰ আৱৰ্তত৷ আৰক্ষীৰ দাবী আছিল যে স্পেইনৰ জে’লত বন্দি অৱস্থাত থাকোতে মানসিক অৱসাদত ভুগিছিল মেকফিয়ে৷ সেই কাৰণেই তেওঁ আত্মহত্যাৰ পথ বাচি লয়৷ মেকফিৰ বৰ্ণময় জীৱন আছিল ঘটনাৰে পৰিপূৰ্ণ৷ জীৱিত অৱস্থাত বিতৰ্কত সোমাই পৰি বহুবাৰ সংবাদমাধ্যমৰ শিৰোনামত উঠিছিল তেওঁ৷
মেকফিৰ জন্ম ইংলেণ্ডৰ গ্লষ্টাৰছায়াৰৰ ছিণ্ডাৰফৰ্ডত৷ পৰবৰ্তী সময়ত তেওঁ আমেৰিকালৈ যায়৷ তেতিয়া মেকফিৰ বয়স ১৫ বছৰ৷ সেই সময়ত তেওঁৰ পিতৃয়েও আত্মহত্যা কৰে৷ সেই মৃ্ত্যুৱে মেকফিৰ মনত গভীৰ চাপ পেলায়৷ কম্পিউটাৰ প্ৰগ্ৰামাৰ আৰু ব্যৱসায়ী হিচাপে পাছলৈ নিজকে প্ৰতিষ্ঠা কৰে মেকফিয়ে৷ আমেৰিকাৰ লিবাৰ্টাৰিয়ান পাৰ্টিৰো তেওঁ সক্ৰিয় সদস্য আছিল৷
এণ্টিভাইৰাছ ছফ্টৱেৰ তৈয়াৰ কৰা প্ৰযুক্তিক্ষেত্ৰত আমূল পৰিবৰ্তন আনিছিল মেকফিয়ে৷ যি সংস্থাৰ জৰিয়তে তেওঁ নাম যশ লাভ কৰিছিল পৰবৰ্তীসময়ত সেই সংস্থাতেই ১০ কোটি ডলাৰত বিক্ৰি কৰি দিয়ে৷ তাৰপাছত তেওঁ বিনিয়োগ আৰম্ভ কৰে আবাসন শিল্পত৷ কিন্তু ২০০৮ চনত সেই ব্যৱসায়তো পতন নামি আহে৷ পৰবৰ্তী সময়ত তেওঁ বিটকয়েনত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে৷ বিস্তৰ আয়ো কৰে ক্ৰিপ্টোমুদ্ৰাৰ পৰা৷
২০০৯ চনত মেকফিৰ বিৰুদ্ধে এজন প্ৰতিবেশীক হত্যাৰ অভিযোগ উঠে৷ সেই সময়ত মেকফি বেলিজত আছিল৷ তেওঁৰ দুটি কুকুৰৰ চিৎকাৰক লৈ প্ৰতিবেশী গ্ৰেগৰি ফাউলৰ সৈতে তেওঁৰ কিছু খামখেয়ালি হয়৷ পাছত সেই প্ৰতিবেশী গ্ৰেগৰিকেই মৃত অৱস্থাত উদ্ধাৰ কৰা হয়৷ গ্ৰেগৰিৰ মূৰত পোৱা গৈছিল দুটাকৈ গুলিৰ চিহ্ন৷ অভিযোগ উঠিছিল মেকফিৰ বিৰুদ্ধেই৷
হত্যাকাণ্ডই নহয় বেলিজত থকাৰ সময়তেই মেকফিৰ বিৰুদ্ধে মাদক ৰখা আৰু বেআইনী কাৰ্যকলাপৰ সৈতে যুক্ত থকাৰো অভিযোগ উঠে৷ বেলিজত নিজস্ব এটা বিশেষ বাংলো আছিল মেকফিৰ৷ তাতেই তেওঁ একাধিক মহিলাৰ সৈতে দিন কটাইছিল৷ যৌৱন ধৰি ৰাখিবলৈ প্ৰতি সপ্তাহতেই টেষ্টোষ্টেৰণ হৰমনৰ ইঞ্জেকছনো লৈছিল৷

বন্দুকৰ চখ আছিল মেকফিৰ৷ বিভিন্ন ধৰণৰ বন্দুকৰ তেওঁ মালিকো আছিল৷ প্ৰায় সকলো বন্দুক লৈ তেওঁ ছবি তুলি সামাজিক মাধ্যমত আপলোড কৰিছিল৷ কোৱা হয় মেকফিক পঞ্চাচবাৰতকৈয়ো বেছি দুৰ্বৃত্তই হত্যা কৰাৰ চেষ্টা চলাইছিল৷ কিন্তু প্ৰত্যেকবাৰেই বিফল হৈছিল৷ ইয়াৰোপৰি অবৈধ কাৰ্যকলাপৰ বাবেও তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল৷

 অবৈধভাৱে অনুপ্ৰৱেশৰ বাবে ২০১২ চনৰ ডিচেম্বৰত পৰাক্ৰমী মেকফিক গ্ৰেপ্তাৰ কৰে গুয়াতেমালা চৰকাৰে৷ গুৱাটেমালাৰ পৰা নিৰ্বাসিত হোৱাৰ পাছতেই মেকফিক আমেৰিকালৈ উভতাই পঠিওৱা হয়৷ আমেৰিকাত উপস্থিত হৈ ফ্লৰিডাৰ মিয়ামি বিচত মেকফিয়ে তেওঁতকৈ ৩০ বছৰে সৰু এগৰাকী যৌনকৰ্মী জেনিছ ডাইছনৰ সৈতে চিনাকি হয়৷ এনিশা তেওঁৰ সৈতে কটাই৷ তাৰপিছতেই দুগৰাকী পত্নী থকাৰ পাছতো আকৌ প্ৰেমত পৰে মেকফি৷ ২০১৩ চনত বিয়াও কৰাই সেই যৌনকৰ্মীক৷ বিবাহৰ পাছত দুয়ো ৱেৰগনৰ পোৰ্টলেণ্ডলৈ গৈ সংসাৰ আৰম্ভ কৰে৷

মেকফিৰ বিৰুদ্ধে কৰ ফাঁকি দিয়াৰ অভিযোগত একাধিক গোচৰ চলিছিল৷ এটা গোচৰত আমেৰিকাই তেওঁক গ্ৰেপ্তাৰ কৰিছিল৷ তেওঁক জেললৈ প্ৰেৰণ কৰাৰ পাছতেই স্পেইনৰ আদালতেই তেওঁৰ বিৰুদ্ধে থকা এটা গোচৰৰ ৰায় দিয়ে৷ তেওঁ অপৰাধী চিনাক্ত হোৱা বুলিও জনায়৷  এই ৰায় শুনি মানসিকভাৱে ভাঙি পৰে মেকফি৷ তাৰপিছতেই জেলৰ ভিতৰতেই আত্মহত্যাৰ পথ বাচি লয়৷

জেলত থাকিলেও মেকফিৰ জীৱন আছিল অতি ৰাজকীয়৷ তেওঁক জেলৰ ভিতৰতেই ছচিয়েল মিডিয়া ব্যৱহাৰৰো সুযোগ দিয়া হৈছিল৷ জেলৰ ভিতৰত থাকিয়েই তেওঁ টুইটাৰত লিখিছিল, ‘মই এতিয়া সন্তুষ্ট৷ মোৰ বন্ধু আছে ইয়াত৷ খাদ্যও ভাল৷ সকলো ঠিকে আছে৷ কিন্তু যদি কেতিয়াবা মই নিজকে শেষ কৰো তেন্তে সেয়াও মোৰ নিজা সিদ্ধান্তই হব৷’ এই টুইটক লৈ একাধিক বিতৰ্কও হৈছিল৷ বহুতেই কৈছিল তেওঁক জেলৰ ভিতৰত কোনোবাই হত্যা কৰিছে৷ মেকফিৰ অধিবক্তাইয়ো কৈছিল, মেকফি মানসিকভাৱে শক্তিশালী ব্যক্তি৷ তেওঁ কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে৷ কিন্তু কোনে কি কাৰণত হত্যা কৰিব পাৰে মেকফিক সেয়া আজিও ৰহস্যৰ আৱৰ্তত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
মাহত কিমান টকা দৰমহা হ’লে  SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব?

মাহত কিমান টকা দৰমহা হ’লে SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব?

এক ৰহস্যময় অঞ্চল! য’ত মাটিৰ পৰা মহাকাশৰ দূৰত্ব মাত্ৰ দুঘণ্টাৰ ৰাস্তা

এক ৰহস্যময় অঞ্চল! য’ত মাটিৰ পৰা মহাকাশৰ দূৰত্ব মাত্ৰ দুঘণ্টাৰ ৰাস্তা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.