অসম লাইভ২৪ঃ দূৰ্গাপুজালৈ মাজত মাত্ৰ ৩৫ দিন। আগন্তুক ২০ অক্টোবৰত মহাষষ্ঠী, সেইদিনাৰ পৰাই আৰম্ভ হ’ব দূৰ্গাপুজা। তাৰপূৰ্বে ১৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব শাৰদীয় নৱৰাত্ৰি। গীতাত দেৱী দূৰ্গাত এই বিশ্ব ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ দেৱী হিচাপে বৰ্ণনা কৰা আছে। বৈষ্ণৱধৰ্ম মতে তেওঁ শ্ৰী কৃষ্ণৰ সমকক্ষ। স্কন্দ পুৰাণ অনুসৰি মহিষাসুৰক বধ কৰি দূৰ্গা নামেৰে পূজিত হয় পাৰ্বতী। দূৰ্গা পুজাৰ আগে আগে জানি থওত দূৰ্গাৰ ৯টা ৰূপৰ কথা। আৰু কোন গ্ৰহই কোন অৱতাৰক নিয়ন্ত্ৰণ কৰে?
দেৱী শৈলপুত্ৰী
দেৱীৰ ৯ অৱতাৰৰ ভিতৰত প্ৰথম অৱতাৰ হৈছে শৈলপুত্ৰী। বৃষ বা ষাঁড় হৈছে দেৱীৰ প্রথম অৱতাৰৰ বাহন। এই বাহনক বৃষাৰূঢ়াও কোৱা হয়। এই অৱতাৰত দেৱীৰ দুখন হাত আছে। সোঁ হাতত আছে ত্ৰিশূল আৰু বাওঁ হাতত আছে পদুম। সূৰ্যক নিয়ন্ত্ৰণ কৰে এই দেৱীয়ে।
দেৱী ব্ৰহ্মচাৰী
দেৱীৰ দ্বিতীয় অৱতাৰ হৈছে ব্ৰহ্মচাৰী। তেওঁৰ দুয়োখন হাতৰ সোঁ হাতত জপমালা আৰু বাওঁ হাতত কমণ্ডলু। এই দেবী বাহনহীনা। মহাদেৱক লাভ কৰিবলৈ দেবীয়ে ব্ৰহ্মচাৰী কঠোৰ তপস্যা কৰিছিল। শনিক নিয়ন্ত্ৰণ কৰে এইগৰাকী দেৱীয়ে।
দেৱী চন্দ্ৰঘণ্টা
বাঘৰ পিঠিত আহে দেৱীৰ তৃতীয় অৱতাৰ চন্দ্ৰঘণ্টাই। তেওঁৰ দহোখন হাত আছে। দহোখন হাতত ত্ৰিশূল, গদা, তৰোৱাল, কমণ্ডলু, পদুম, তীৰ, ধনু, জপমালা, অভয় মুদ্ৰা আৰু বৰদায়ী মুদ্ৰা। চন্দ্ৰক নিয়ন্ত্ৰণ কৰে এইগৰাকী দেৱীয়ে।
দেৱী কুষ্মাণ্ডা
দেৱীৰ চতুৰ্থ অৱতাৰ হৈছে কুষ্মাণ্ডা। কুষ্মাণ্ডা দেৱীয়ে সিংহৰ পিঠিত আহে। এই অৱতাৰত তেওঁৰ হাতত থাকে কমণ্ডলু, ধনু, অমৃত কলহ, জপমালা, গদা আৰু চক্ৰ। এই দেৱীয়ে নিয়ন্ত্ৰণ কৰে বৃহস্পতিক।
দেৱী স্কন্দমাতা
দেৱীৰ পঞ্চম অৱতাৰ সৈতে স্কন্দমাতা। শিশু মুৰুগাওঁ বা কাৰ্তিক তেওঁৰ কোলাত থাকে। তেওঁৰ দুয়ো হাতেৰে কাৰ্তিকক ধৰি থাকে। অন্য দুহাতত থাকে পদুম। এই দেৱী শুভ্ৰবসনা। তেওঁ মঙল গ্ৰহক নিয়ন্ত্ৰণ কৰে।
দেৱী কাত্যায়নী
দেৱীৰ ষষ্ঠ অৱতাৰ হৈছে কাত্যায়নী। তেওঁৰ চাৰিখন হাত আৰু বাহন সিংহ। দুখন বাওঁ হাতত পদুম আৰু তৰোৱাল আৰু দুয়োখন সোঁ হাতত অভয় আৰু মুদ্ৰা। এইগৰাকী দেৱীয়ে শুক্ৰ গ্ৰহক নিয়ন্ত্ৰণ কৰে।
দেৱী কালৰাত্ৰী
দেৱীৰ সপ্তম অৱতাৰ হৈছে কালৰাত্ৰি। এই অৱতাৰত দেৱী কৃষ্ণবৰ্ণা আৰু গাধৰ পিঠিত আহে। দুখন সোঁ হাতত তৰোৱাল আৰু লোহাৰ অস্ত্ৰ থাকে। এইগৰাকী দেৱী পাৰ্বতীৰ সকলোতকৈ ভয়ানক ৰূপ। ৰাহুল ওপৰত নিয়ন্ত্ৰণ থাকে এই দেৱীৰ।
দেৱী মহাগৌৰী
দেৱীৰ অষ্টম অৱতাৰ হৈছে মহাগৌৰী। এইৰূপত দেৱীৰ সোঁ হাতত থাকে ত্ৰিশূল আৰু অভয় মুদ্ৰা। দুখন বাওঁ হাতত থাকে ডম্বৰু আৰু বৰদা মুদ্ৰা। এইগৰাকী দেৱী শংখৰ দৰে শুভ্ৰ। বুধ গ্ৰহক তেওঁ নিয়ন্ত্ৰণ কৰে।
দেৱী সিদ্ধিদাত্ৰী
দেৱীৰ নৱম অৱতাৰ হৈছে সিদ্ধিদাত্ৰী। এইগৰাকী দেৱী পদ্মৰ ওপৰত আহে। এই অৱতাৰত দেৱীৰ চাৰি হাতত থাকে গদা, চক্ৰ, পদ্ম আৰু শংখ থাকে। এইগৰাকী দেৱীৰ সংগী হৈছে দেৱীৰ অৰ্ধনাৰীশ্বৰ ৰূপ। কেতুৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে দেৱী সিদ্ধিদাত্ৰীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ