হিন্দু ধৰ্মত শাওন মাহক অত্যন্ত পবিত্ৰ বুলি ধাৰণা কৰা হয়৷ এই মাহটো ভগবান শিৱৰ অত্যন্ত প্ৰিয়৷ শাওন মাহত উপবাস আৰু ৰুদ্ৰাভিষেক কৰিলে শিৱ সন্তুষ্ট হয়৷ তেওঁ কাঙ্খিত বৰ দিয়ে৷ সেয়ে শাওন মাহত ৰুদ্ৰাভিষেক কৰাৰ গুৰুত্ব অপৰিসীম৷ যদিও সম্পূৰ্ণ শাওন মাহ খুবেই বিশেষ, সেয়ে শাওনৰ সোমবাৰ আৰু ইয়াৰ সৈতে কিছু তাৰিখক বিশেষ বুলি কোৱা হয়৷ শাওনৰ সোমবাৰ আৰু এই তিথিসমূহত ৰুদ্ৰাভিষেক কৰিলে বিশেষ ফল পোৱা যায়৷
শাওনত ৰুদ্ৰাভিষেক কৰাৰ শুভ তিথি
শাওনৰ সোমবাৰৰ ওপৰিও শাওন মাহৰ প্ৰদোষ উপবাস, শাওনৰ শিৱৰাত্ৰি, নাগপঞ্চমী ইত্যাদি ৰুদ্ৰাভিষেকৰ বিশেষ তিথি৷ এই দিনসমূহত ৰুদ্ৰাভিষেক কৰিলে মহাদেৱে সমস্ত অসুবিধা দূৰ কৰে আৰু মনৰ ইচ্ছা পূৰণ কৰে৷ সোমবাৰ ২১ জুলাইত শাওনৰ সোমবাৰ, বুধবাৰ, ২৩ জুলাইত শাওনৰ শিৱৰাত্ৰি, সোমবাৰ ২৮ জুলাই শাওনৰ সোমবাৰ, মঙলবাৰ ২৯ জুলাই ২০২৫ নাগপঞ্চমী, সোমবাৰ ৪ আগষ্ট শাওনৰ সোমবাৰ ১১ আগষ্ট শাওনৰ সোমবাৰ৷
ৰুদ্ৰাভিষেকৰ পদ্ধতি
প্ৰথমে শিৱলিংগত বিশুদ্ধ পানী নিবেদন কৰক৷ এই নিবেদনৰ পাছত গংগাজল দিয়ক৷ তাৰপিছতেই গাখীৰ, দৈ, চেনী, ঘী মৌৰ পঞ্চামৃত দি শিৱলিংগৰ অভিষেক কৰক৷ ইয়াৰ পাছতেই আকৌ বিশুদ্ধ পানী নিবেদন কৰি শিৱলিংগ পৰিষ্কাৰ কৰক৷ তাৰপিছতেই শিৱলিংগত হালধীয়া চন্দন বা বগা চন্দনৰ ফোঁট লগাওক৷ ভগবান শিৱক বেলপাত অৰ্পন কৰক৷ ইয়াৰবাবে বেলপাতৰ সংখ্যা ১, ৩, ৫, ৭, ৯, ১১, ২১, ৫১ অথবা ১০৮ ৰাখক৷ এই সময়ত ধ্যান ৰাখিব যাতে কোনো বেলপাতেই আধাছিঙা নহয়৷ তাৰপিছতেই ভগৱান শিৱক বগা ফুলৰ মালা অৰ্পন কৰক৷ ফল বা মিঠাইয়ো ইয়াক সৈতে অৰ্পণ কৰিব পাৰে৷
দেশী ঘীঁৰেহে প্ৰদীপ জ্বলাব৷ এই সময়ত ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি থাকিব৷ অৱশেষত আৰতি কৰক আৰু পূজাত কিবা ভুল ভ্ৰান্তি ৰৈ যাব পাৰে তাৰবাবে ক্ষমা প্ৰাৰ্থনা কৰক৷ তাৰপিছতেই অৱশ্যেই আপোনাৰ সামৰ্থ অনুসৰি দৰিদ্ৰক দান কৰক৷ দান অবিহনে কোনো আচাৰেই সম্পূৰ্ণ নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















