• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মা কালী কিয় চতুৰ্ভূজা? কিয় তেওঁ কৃষ্ণবৰ্ণা? জানক সঠিক কাৰণ

মা কালী কিয় চতুৰ্ভূজা? কিয় তেওঁ কৃষ্ণবৰ্ণা? জানক সঠিক কাৰণ

3 years ago
ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

6 minutes ago
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

34 minutes ago
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

2 hours ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

16 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

16 hours ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

16 hours ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

17 hours ago
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

17 hours ago
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

18 hours ago
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

18 hours ago
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

আমলখি খোৱাৰ পিছত পানী খালে মিঠা কিয় লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতৰ পৰা আহিছে দুঃখবৰ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মা কালী কিয় চতুৰ্ভূজা? কিয় তেওঁ কৃষ্ণবৰ্ণা? জানক সঠিক কাৰণ

editor by editor
November 8, 2023
in জীৱনশৈলী, লেখা
0
মা কালী কিয় চতুৰ্ভূজা? কিয় তেওঁ কৃষ্ণবৰ্ণা? জানক সঠিক কাৰণ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মা শ্মশানবাসিনী অৰ্থাৎ এই স্থানত মানুহৰ সমস্ত অহংকাৰ ইয়াতেই নাশ হয়। মানুহৰ স্থুলদেহৰ বিনাশ হয়। এই স্থানতেই তেওঁ অধিষ্ঠাত্ৰীৰূপে অৱস্থান কৰে। মাতৃৰ ৰূপকল্পৰ গভীৰ অৰ্থবহ।

চতুৰ্ভুজা
মাতৃ হৈছে চতুৰ্ভূজা। চৌদিশে তেওঁৰ ব্যপ্তি। সৰ্বত্ৰতেই তেওঁ বিৰাজমান। মাতৃ চতুৰ্বৰ্গ ফলপ্ৰদায়িনী অৰ্থাৎ কালীৰ আছে চাৰিখন হাত। চাৰিখন হাতত যথাক্ৰমে ধৰ্ম, কাম, অৰ্থ আৰু মোক্ষম। ধৰ্মৰ অৰ্থ হৈছে এজন মানুহে পালন কৰিবলগীয়া সামাজিক কৰ্তব্য। ইয়াৰ ভিতৰত আছে আৰ্তজনক সেৱা, দৰিদ্ৰসকলক সাহায্য, নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন আদি।

ধৰ্মৰ পাছতেই আছে কাম। কামৰ অৰ্থ হৈছে ইচ্ছা। ইয়াত কামনাকেই কাম হিচাপে বুজোৱা হৈছে। মানুহৰ বিভিন্ন কামনা থাকে। কামনাৰ ভিতৰত প্রধানকৈ নিজৰ উত্তৰোত্তৰ উন্নয়ন। নিজৰ অন্তঃশ্ৰীৰ বৃদ্ধিৰ ইচ্ছা জাগ্ৰত কৰাকেই এতিয়া কাম বুলি অভিহিত কৰা হয়।

তৃতীয়তে আছে অৰ্থ। অৰ্থ হৈছে সকলো ব্যক্তিৰেই জীৱনৰ প্রধান লক্ষ্য। জীয়াই থকাৰ লক্ষ্য কি? কেৱল যাপন? কিয় মানুহে জন্মগ্ৰহণ কৰে? এক নিৰ্দিষ্ট সময়লৈকেহে এজন ব্যক্তি জীয়াই থাকে। সেয়ে লক্ষ্য বুজিব পৰা আৰু তাক উপলব্ধিক বুজি পোৱাই হৈছে অৰ্থ। মোক্ষ হ’ল মুক্তি। লোভ অৰ্থাৎ আত্মত্যাগ আৰু আত্মোপলব্ধিয়েই হৈছে মোক্ষ।

কৃষ্ণ বৰ্ণা
কালীৰ বৰণ ক’লা। কৃষ্ণবৰ্ণতেই সমস্ত ৰঙ শেষ হয়। অৰ্থাৎ সকলো ৰঙক কৃষ্ণবৰণে ঢাকি ধৰে। কালীয়ে সকলোকে গ্ৰাস কৰে। এই গ্ৰাস কৰাৰ অৰ্থ হৈছে ইয়াতেই ভক্তৰ নিবেদন, ভক্তি গ্ৰহণ আৰু তমোগুণ তেওঁ সামৰি ৰাখে। সত্ত্ব-তমো-ৰজঃ এই ত্ৰিগুণৰ সাম্যতা তেঁৱেই ধৰি থাকে।

উন্মুক্ত কেশ
উন্মুক্ত কেশ মায়াৰ প্ৰতীক। ভীষণ ক’লা কেশ মানেই মায়াজাল। এই কেশতেই সকলো ভুল যায়। সকলোকে অৱৰুদ্ধ কৰি ৰাখে। সেইখিনি অতিক্ৰম কৰি কোনো আগবাঢ়ি যাব নোৱাৰে। “সৃষ্টিস্থিতি বিনাশাং শক্তিভূতে সনাতনী….”।

মুণ্ডমালা
কালীৰ ডিঙিত থকা নৰমুণ্ডৰ মালাই বুজাই যে তেওঁ বাকৰ অধিশ্বৰী। মন্ত্ৰও তেওঁৰ, কু কথাও তেওঁৰ, প্ৰশংসাও তেওঁৰ। জগতৰ সমস্ত চলাচল তেৱেই পৰিচালিত কৰে। তেওঁৰ ডিঙিত থকা কটা মুণ্ডৰ এটা হৈছে আদিধ্বনি।

খড়্গ
খড়্গৰ দ্বাৰা তেওঁ শৰণাগতৰ যাৱতীয় অজ্ঞানতা বা অন্ধকাৰ নাশ কৰে। খড়্গই জ্ঞানচক্ষুকো বুজায়।

কৰ্ণ কুণ্ডল
কৰ্ণ কুণ্ডলত শিশু শৱ! অৰ্থাৎ ভয়ংকৰ। কিন্তু ইয়াৰ অৰ্থ হৈছে কালীয়ে শিশুৰ ন্যায় নিৰ্বিকাৰ, সৰলতাক পছন্দ কৰে সেয়ে তেওঁ শিশুক ডিঙিতেই সামৰি ৰাখে।

তেজ
কালীৰ সৰ্বাংগ শৰীৰতেই তেজ লাগি থাকে। তেওঁৰ ওঁঠ, জিভা সকলোতে তেজ। ইয়াৰ অৰ্থ হৈছে কালীয়ে প্ৰতিনিয়ত প্ৰলয়ৰ বিৰুদ্ধে থিয় হয়। তেওঁ ক্ৰিয়াশীল জগতৰ প্ৰতীক, ঋতুচক্ৰৰ প্ৰতীক, ঋতুচক্ৰৰ তেজৰ পৰাই এটি পূৰ্ণাংগ শিশুশয্যাৰ লয় আৰু ভৱিষ্যৎ শিশুৰ শৰীৰ গঠনৰ নিদৰ্শন। চিৰন্তৰ মাতৃত্বৰ ছবি।

ত্ৰিনয়ন
দেৱীৰ তিনিটা চকুৰেই বিশেষ মাহাত্ম্য আছে। দেৱীৰ ত্ৰিনয়ন হৈছে চন্দ্ৰ, সূৰ্য আৰু অগ্নি। অৰ্থাৎ আলোকৰ প্ৰতীক। তেওঁৰ তিনি চকুৱে অতীত, বৰ্তমান আৰু ভৱিষ্যত অৰ্থাৎ সৃষ্টি, স্থিতি আৰু প্ৰলয়ক প্ৰতিনিধিত্ব কৰে।

পদযুগল
কালীৰ দুভৰীৰো বিশেষ মাহাত্ম্য আছে। শিৱৰ বুকুত থোৱা তেওঁৰ ভৰিয়ে বুজায় যে অতীতত তেওঁ এটা ভৰি থৈছে আৰু আনখন ভৰি ভৱিষ্যতৰ দিশে। সোঁ ভৰিয়ে আলিঢ় আৰু বাওঁ ভৰিয়ে প্ৰত্যালীঢ় বুজায়।

জিভা আৰু দাত
দেৱীৰ ৰক্তবৰ্ণৰ জিভাই ৰজঃগুণৰ প্ৰতীক, তেওঁৰ বগা দাত সত্ত্বগুণৰ প্ৰতীক। বগা দাতে ৰঙা জিভাক চেপি ৰখাৰ অৰ্থ ৰজঃগুণক বশীভূত কৰি ৰখা।

কঁকালৰ কৱছ
ককালত লগোৱা কৱচে কৰ্মক প্ৰতিনিধিত্ব কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!
জীৱনশৈলী

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

November 1, 2026
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা
বিশ্ব

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

November 1, 2026
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো
জীৱনশৈলী

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

November 1, 2026
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?
জীৱনশৈলী

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

October 31, 2026
Next Post
ক্ৰিকেটৰ বিশ্বত তেওঁ আজি ৰজা! মেক্সৱেলৰ ভাৰতীয় পত্নীক চিনি পাইনে?

ক্ৰিকেটৰ বিশ্বত তেওঁ আজি ৰজা! মেক্সৱেলৰ ভাৰতীয় পত্নীক চিনি পাইনে?

এন্দুৰে কৰিলে মদৰ পাৰ্টী! আৰক্ষীয়ে বাজেয়াপ্ত কৰা ৬০ বটল মদ খালে এন্দুৰে, ক’ত এই ঘটনা?

এন্দুৰে কৰিলে মদৰ পাৰ্টী! আৰক্ষীয়ে বাজেয়াপ্ত কৰা ৬০ বটল মদ খালে এন্দুৰে, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.