অসম লাইভ২৪ঃ ভগৱান কৃষ্ণই লাভ জেহাদ কৰিছিল! এপিচিচিৰ সভাপতি ভূপেন বৰাই কৰা এই মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ৷ মুখ্যমন্ত্ৰীয়েও ভূপেন বৰাৰ এই কথাৰ প্ৰত্তুত্ত্যৰ দিছে৷ মুখ্যমন্ত্ৰীৰ মতে ভগৱান শ্ৰী কৃষ্ণই লাভ জেহাদ কৰা নাছিল প্ৰেমহে কৰিছিল৷ কিন্তু প্ৰকৃততে শ্ৰী কৃষ্ণ আৰু ৰুক্মিনীৰ সম্পৰ্ক কেনে আছিল?
ৰুক্মিনী আৰু শ্ৰী কৃষ্ণৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিলনে?
ৰাধা-কৃষ্ণৰ প্ৰেমৰ গল্প সকলোৱে জানে৷ কিন্তু ৰাধাৰ সৈতে কৃষ্ণৰ বিবাহ হোৱা নাছিল৷ ৰুক্মিনীৰ সৈতেহে বিবাহপাশত আৱদ্ধ হৈছিল শ্ৰীকৃষ্ণ৷ ৰুক্মিনীয়ে কেতিয়াও কৃষ্ণক সন্মুখত দেখা নাছিল৷ কেৱল বৰ্ণনাহে শুনিছিল৷ আৰু এই বৰ্ণনাতেই শ্ৰী কৃষ্ণৰ প্ৰতি প্ৰেম জাগি উঠিছিল ৰুক্মিনীৰ৷ নেদেখাকৈ মনে মনে পুঁহি ৰখা ভালপোৱা সামৰিয়েই ৰুক্মিনী পত্নী হৈছিল শ্ৰী কৃষ্ণৰ৷
শ্ৰী কৃষ্ণই অপহৰণ কৰি আনিছিল ৰুক্মিনীক!
ৰুক্মিনী আছিল বিদৰ্ভৰ ৰজা ভীষ্মকৰ কন্যা৷ তেওঁ দেখাতেই কেৱল সুন্দৰী তেনে নহয়, বুদ্ধিমতীও আছিল৷ ৰজা ভীষ্মকৰ দৰবাৰত প্ৰায়েই শ্ৰী কৃষ্ণৰ কথা চৰ্চা হৈছিল৷ আৰু তেনেকৈয়ে ৰুক্মিনীয়ে শ্ৰী কৃষ্ণৰ কথা শুনি আহিছিল৷ ৰজা ভীষ্মকৰ দৰবাৰত সকলোৱেই কৈছিল শ্ৰী কৃষ্ণৰ বুদ্ধিমত্তাৰ কথা৷ ৰজা ভীষ্মকেও শ্ৰী কৃষ্ণৰ বুদ্ধিমত্তাৰ প্ৰশংসা কৰিছিল৷
কিন্তু ৰজা ভীষ্মকৰ পুত্ৰ ৰুক্মিনৰ ইচ্ছা আছিল ভনীয়েকক তেওঁৰ বন্ধু শিশুপালৰ সৈতে বিয়া দিয়া৷ ৰুক্মিন আৰু শিশুপালৰ বন্ধুত্ব আৰু গভীৰ কৰিবৰ বাবে ৰুক্মিনে ভনীয়েক ৰুক্মিনীক বিয়া দিবলৈ সিদ্ধান্ত লৈ পেলাই৷
কিন্তু ৰুক্মিনীয়ে শিশুপালক মুঠেও পছন্দ কৰা নাছিল৷ ৰুক্মিনীয়ে মনে মনে শ্ৰী কৃষ্ণক ভালপায় পেলাইছিল৷ সেয়ে শিশুপালক বিয়া কৰাবলৈ তেওঁ অমান্ত হয়৷ ৰুক্মিনীৰ এই সিদ্ধান্ত ভাতৃ ৰুক্মিনে মানি নল’লে৷ তাৰ সলনি বিবাহৰ যো-জাহে আৰম্ভ কৰে ৰুক্মিণে৷ বিবাহৰ আয়োজন দেখি ৰুক্মিনীয়েও শ্ৰী কৃষ্ণক তেওঁৰ মনৰ কথা জনাই এক বাৰ্তা প্ৰেৰণ কৰে৷ ৰুক্মিনীয়ে বাৰ্তা দিয়ে যে তেওঁৰ শ্ৰী কৃষ্ণক ভালপায় পেলাইছে৷ কিন্তু ভাতৃয়ে তেওঁৰ বিবাহ শিশুপালৰ সৈতে ঠিক কৰিছে৷ কৃষ্ণক নাপালে ৰুক্মিনীয়ে জীৱন বিসৰ্জন দিব বুলিও বাৰ্তাটোত জনাই৷
প্ৰেমৰ বাবেই যুদ্ধ!
এই বাৰ্তা পায় শ্ৰী কৃষ্ণও বিস্মিত হৈ পৰে৷ এগৰাকী নাৰীয়ে তেওঁক এনেকৈ মনে প্ৰাণে বিচৰাৰ পাছত সেইগৰাকী নাৰীক ত্যাগ কৰাৰ প্ৰশ্নই নুঠে৷ দ্বাৰকাধীশেও ৰুক্মিনীৰ সৌন্দৰ্য আৰু বুদ্ধিমত্তাৰ কথা আহুকাণে পহুকাণে শুনিছিল৷ ৰুক্মিনীৰ সকলোবোৰ দিশ চালিজাৰি চায় শ্ৰী কৃষ্ণই সিদ্ধান্ত লয় যে তেওঁ ৰুক্মিনীক বিয়া কৰাব৷ সিদ্ধান্ত লৈ তেওঁ আৰু দ্বাৰকাত ৰৈ নাথাকিল৷ লগে লগেই বিদৰ্ভ অভিমুখে ৰাওনা হয় শ্ৰী কৃষ্ণ৷ উদ্দেশ্য ৰুক্মিনীক আজীৱনৰ বাবে নিজৰ সংগী কৰি অনা৷
ইফালে শিশুপালেও ৰুক্মিনীৰ বিবাহৰ আয়োজন প্ৰায় সম্পূৰ্ণই কৰি তুলিছিল৷ শ্ৰী কৃষ্ণই সেয়ে ৰুক্মিনীক বিদৰ্ভৰ পৰা বিবাহ কৰাই অনাৰ পৰিবেশ নাছিল৷ শ্ৰী কৃষ্ণই ৰুক্মিনীক অপহৰণ কৰিয়েই লৈ অনাৰ চেষ্টা চলাই৷ কিন্তু এগৰাকী ৰাজকন্যাক অপহৰণ কৰা সহজ কথা নহয়৷ ৰুক্মিনীক লৈ বিদৰ্ভৰ পৰা বাহিৰ ওলাবলৈ নৌপাওঁতেই সৈন্য সামন্ত সহিতে ৰুক্মিণে আক্ৰমণ কৰে৷ এই আক্ৰমণত শ্ৰীকৃষ্ণও ৰৈ নাথাকিল৷ তেঁয়ো বিদৰ্ভৰ ৰাজকুমাৰক প্ৰত্যাক্ৰমণ কৰে৷ কিছুদিন ধৰি এই যুদ্ধ চলিল৷ যুদ্ধত দ্বাৰকাধীশেই বিজয়ী হয়৷ তাৰপাছতেই শ্ৰী কৃষ্ণই ৰুক্মিনীক লৈ দ্বাৰকালৈ আহে আৰু ধুমধামেৰে বিবাহপাশত আৱদ্ধ হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ