অসম লাইভ২৪ঃ দীপাৱলীলৈ আৰু মাজত মাত্ৰ কেইটামান দিন বাকী। এয়া কেৱলমাত্ৰ আনন্দ আৰু পোহৰৰ উৎসৱেই নহয়। এই সময়ত বিভিন্ন সংস্থাৰ পৰা উপহাৰ আৰু বোনাছো দিয়া হয়। দীপাৱলীত উপহাৰ দিয়াটো এটা ৰীতি। বেচৰকাৰী সংস্থাসমূহেও এই উৎসৱ উপলক্ষ্যে তেওঁলোকৰ কৰ্মীসকলক উপহাৰ দিয়ে। কিন্তু উপহাৰ হিচাপে প্ৰাপ্ত পণ্য বা অৰ্থৰ বাবে ভাৰতত কৰ দিব লাগে! আয়কৰ আইন অনুসৰি কি কি উপহাৰত কৰ দিব লাগে? কিমান পৰিমানৰ কৰ দিব লাগে জানেনে?
আয়কৰৰ নিয়ম অনুসৰি কোনো বৰ্ষত ৫০,০০০ টকা পৰ্যন্ত উপহাৰ লাভ কৰিলে কৰ দিব লাগে। উপহাৰৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৰ নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ আপুনি যদি এবছৰত ৫০,০০০ টকাতকৈ বেছি মূল্যৰ উপহাৰ লাভ কৰে তেন্তে আপুনি উপহাৰৰ পৰিমানৰ ওপৰত আয়কৰ দিব লাগিব। ধৰা হ’ল কোনো বৰ্ষত আপুনি প্ৰথমে ২৫,০০০ টকাৰ পৰা ২৮,০০০ টকাৰ উপহাৰ লাভ কৰে তেন্তে আপুনি বছৰটোত মুঠ ৫৩,০০০ টকা উপহাৰত লাভ কৰিছে। এনে পৰিস্থিতিত আপুনি কৰ দিব লাগিব। আপোনাৰ আয়ৰ সৈতে এই ধন যোগ হ’ব। টেক্স স্লেৱ অনুসৰি কৰ আৰোপ কৰা হ’ব।
প্ৰকৃততে কোনোৱে যদি ৫০,০০০ হাজাৰ টকাৰো বেছি মূল্যৰ উপহাৰ পায় তেন্তে সেয়া অন্যান্য উৎসৰ পৰা সেই আয় হিচাপে বিবেচনা কৰা হয়। যদি আপুনি বছৰত ২৫,০০০ টকাৰ পৰা ১৮,০০০ টকাৰ উপহাৰ লাভ কৰে তেন্তে সেই বছৰ প্ৰাপ্ত উপহাৰৰ মুঠ মূল্য হ’ব ৪৩,০০০ টকা। এই ক্ষেত্ৰত কোনোধৰণৰ কৰ দিব নালাগে। উপহাৰৰ ওপৰত কৰ নিৰ্ভৰ কৰে। আপুনি যদি আত্মীয়স্বজনৰ পৰা উপহাৰ হৈ থাকে তেনেহলে উপহাৰৰ পৰিমান ৫০০০০তকৈ বেছি হ’লেও কোনো কৰ দিব নালাগে। আত্মীয়স্বজনৰ মাজত আছে পত্নী, স্বামী, ভায়েক, ভনীয়েক, পিতৃ-মাতৃ আদি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ