মহিলাসকললৈ আহি আছে ভাল এক আঁচনি৷ প্ৰত্যেক গৰাকী মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন৷ এই চৰকাৰী আঁচনিৰ অধীনত ধন লাভ কৰিবলৈ কি কি তথ্য জমা দিব লাগিব মহিলাসকলে? এই আঁচনিৰ অধীনত সকলো মহিলাই উপকৃত হ’ব৷
মহিলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনা এই আঁচনি কি?
মহিলাৰ বাবে অৰুণোদয় আঁচনি আনিছে ৰাজ্য চৰকাৰে৷ মহিলাকেন্দ্ৰীক কেইবাখনো আঁচনি আছে কেন্দ্ৰীয় চৰকাৰৰো৷ এই আঁচনিসমূহৰ সহায়তে মহিলাসকল স্বাৱলম্বী হৈ উঠিছে৷ কেন্দ্ৰীয় চৰকাৰে অনা নতুন আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব ৬০০০কৈ টকা৷ অৱশ্যে এই আঁচনিৰ বাবে আৱেদন কৰিবলৈ কেইটামান যোগ্যতাৰ প্ৰয়োজন৷ কোনবোৰ মহিলা এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব? জানি থওক সবিশেষ৷
এই আঁচনিৰ সুবিধা লাভ কৰিব গৰ্ভৱতী মহিলাসকলে৷ দেশৰ সকলো গৰ্ভৱতী মহিলাই এই সুবিধা লাভ কৰিব৷ পোনপটীয়াকৈ মহিলাসকলৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব এই ধন৷ কেন্দ্ৰীয় চৰকাৰে মহিলাক এই ধন দিয়াৰ কাৰণ হৈছে এগৰাকী গৰ্ভৱতী মহিলাই যাতে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব পাৰে৷ আৰু পুষ্টিকৰ খাদ্য খালেহে এটা সুস্থ সৱল শিশুৰ জন্ম হ’ব৷
চৰকাৰী আঁচনিখনৰ নাম হৈছে মাতৃত্ব বন্দনা যোজনা৷ যদি আপোনাৰ ঘৰতো গৰ্ভৱতী মহিলা আছে তেন্তে আপুনিও এই আঁচনিৰ বাবে আৱেদন কৰিব পাৰে৷ এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ মাতৃত্ব বন্দনা যোজনাৰ সুবিধা লাভ কৰিবলৈ গৰ্ভৱতী মহিলাই কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ অফিচিয়েল ৱেবছাইটত গৈ আৱেদন কৰিব লাগিব৷ এই আঁচনিত আৱেদন কৰিবলৈ গৰ্ভৱতী মহিলাগৰাকীৰ বয়স ১৯ বছৰৰ ওপৰত হ’ব লাগিব৷ আৱেদনৰ বাবে অফিচিয়েল ৱেবচাইটৰ ওপৰিও ঘৰৰ কাষৰ অংগনবাড়ী কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰে৷ নতুবা এই আঁচনিৰ ৱেবছাইট (https://wcd.nic.in/schemes/pradhan-mantri-matru-vandana-yojana) গৈ অনলাইনযোগেও আবেদন কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ