- লখিমপুৰ লালুকৰ ডুবিত পৃথকে পৃথকে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা।
- ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় আধা ঘণ্টাৰ ব্যৱধানত সংঘটিত হৈছে ২টাকৈ দুৰ্ঘটনা।
- প্ৰথম দুৰ্ঘটনাত পশ্চিম লালুক গাঁৱৰ ২১ বছৰীয়া যুৱক লক্ষেশ্বৰ বৰা থিতাতে নিহত।
- যুৱকজনে পৰিয়ালৰে মৃতকৰ ‘অগ্নিদাহ কৰি ঘৰলৈ ওভতি আহি থকাৰ পথত মৃত্যুক সাবতি লয়।
- পুনৰ দুৰ্ঘটনাত নিহত হয় ২১ বছৰীয়া বয়সৰ যুৱতী ৰিবিকা ধান।
- ইটানগৰৰ পৰা বৰদিন পালন কৰিবলৈ নিজ বাসগৃহ ডুবিলৈ ভিনিয়েকৰ সৈতে এখন স্কুটিৰে আহি থকা সময়ত
- MP09HH8418 নম্বৰৰ এখন মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হৈছে এগৰাকী যুৱতী।
- দুয়োটা দুৰ্ঘটনাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
- লালুক আৰক্ষীয়ে দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ পেৰণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ