• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাংসদহীন ৱায়নাডত প্ৰকৃতিৰ তাণ্ডৱ! ৰাজনীতি নহয়, বিজেপিৰ সদস্যকো সহায়ৰ বাবে আগুৱাই যাবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ, শেহতীয়া আপডেট কি?

সাংসদহীন ৱায়নাডত প্ৰকৃতিৰ তাণ্ডৱ! ৰাজনীতি নহয়, বিজেপিৰ সদস্যকো সহায়ৰ বাবে আগুৱাই যাবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ, শেহতীয়া আপডেট কি?

2 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

6 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

6 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

7 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

7 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

8 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

8 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

10 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

11 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

12 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

13 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

13 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সাংসদহীন ৱায়নাডত প্ৰকৃতিৰ তাণ্ডৱ! ৰাজনীতি নহয়, বিজেপিৰ সদস্যকো সহায়ৰ বাবে আগুৱাই যাবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ, শেহতীয়া আপডেট কি?

সাংসদহীন ৱায়নাডত প্ৰকৃতিৰ তাণ্ডৱ! ৰাজনীতি নহয়, বিজেপিৰ সদস্যকো সহায়ৰ বাবে আগুৱাই যাবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ, শেহতীয়া আপডেট কি?

editor by editor
July 30, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
সাংসদহীন ৱায়নাডত প্ৰকৃতিৰ তাণ্ডৱ! ৰাজনীতি নহয়, বিজেপিৰ সদস্যকো সহায়ৰ বাবে আগুৱাই যাবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ, শেহতীয়া আপডেট কি?
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৰালাৰ ৱায়নাডত মঙলবাৰে পুৱতি নিশা হোৱা ভূমিস্খলনৰ ফলত বৰ্তমানলৈকে মৃত্যু হৈছে ৯৩গৰাকীকৈ লোকৰ৷ চাৰিঘণ্টাৰ মূৰে মূৰে তিনিবাৰকৈ হোৱা ভূমিস্খলনত বহুলোক সোমাই পৰিছে মাটিৰ তলত৷ বৰ্তমানৈলেক শতাধিক লোক মাটিৰ তলতেই আছে বুলি জনাইছে উদ্ধাৰকাৰী দলে৷ ৰাস্তা খহি যোৱাৰ বাবে কেইবাটাও অঞ্চলত উপস্থিত হ’ব পৰা নাই উদ্ধাৰকাৰী দল৷ লেথাৰিকৈ বৰষুণ হৈ থকাৰ বাবে আকাশীপথেৰে উদ্ধাৰকাৰ্য চলোৱা সম্ভৱপৰ হৈ উঠা নাই৷ যাৰবাবে মৃতকৰ সংখ্যা আৰু বৃদ্ধি হ’ব পাৰে বুলি আশংকা কৰিছে প্ৰশাসনে৷ ইতিমধ্যে বতৰবিজ্ঞান কেন্দ্ৰই জনাইছে যে আগন্তুক কেইবাঘণ্টালৈকে অব্যাহত থাকিব বৰষুণ৷ ১ আগষ্ট বৃহস্পতিবাৰ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ বৰষুণৰ বাবেই উদ্ধাৰকাৰ্য স্তব্ধ হ’ব পাৰে বুলিও আশংকা কৰিছে কেৰালা প্ৰশাসনে৷

ৱায়নাডৰ মেপ্পা়ড়িৰ ওচৰৰ পাহাৰীয়া এলেকাত বৰ্তমান অব্যাহত আছে উদ্ধাৰৰ কাম৷ স্থানীয় আৰক্ষী, জাতীয় বিপৰ্যয় মোকাবিলা বাহিনীৰ সদস্যই অব্যাহত ৰাখিছে উদ্ধাৰৰ কাম৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে এই সন্দৰ্ভত কয়, ‘আমি নৌ সেনাবাহিনীকো উদ্ধাৰৰ বাবে নমাইছো৷ বৰ্তমান পৰ্যন্ত ২৫০ গৰাকী লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছো৷ অস্থায়ী শিৱিৰত তেওঁলোকক ৰখা হৈছে৷ কেৰালাৰ মুণ্ডাক্কাই, ছুৰালমানা, আট্টমালা, নুলপুঝা এলেকা সকলোতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে৷ বহু ৰাস্তা খহি গৈছে৷ এখন সেঁতুও ভাঙি পৰিছে৷ যাৰবাবে বহু স্থানত এতিয়াও উদ্ধাৰকাৰী দল উপস্থিত হ’ব পৰা নাই৷ বতৰো বেয়া হৈ আছে বাবে আকাশপথেৰে উদ্ধাৰ সম্ভৱ হৈ উঠা নাই৷’

স্বাস্থ্যমন্ত্ৰী বীণাই ANIক কয়, ‘আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছো৷ হেলিকপ্টাৰ অনা হৈছে৷ বেয়া বতৰৰ বাবে উদ্ধাৰত বাধা আহিছে৷ বৰ্তমানলৈকে ৭০জন আহত হৈছে৷ হাস্পতালত তেওঁলোকৰ চিকিৎসা চলি আছে৷’ ঘটনাৰ ভিডিঅ’ও প্ৰকাশ পাইছে৷ সেই ভিডিঅ’ত দেখা অনুসৰি সুদৃশ্য উপত্যকা, চাহ বাগানো চাৰখাৰ হৈ গৈছে৷ প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰিছে৷ খেলনাৰ দৰে ভাঙি পৰিছে ঘৰ৷ বল্ডাৰ বাগৰি আহিছে পথলৈ৷ কোনো কোনো পথত বল্ডাৰ পৰি ভাঙি পৰিছে বাহন৷

কিয় এই বিপৰ্যয়? প্ৰশাসনে কৈছে, এই এলেকাত বৰষুণৰ বাবেই এই ঘটনা সংঘটিত হৈছে৷ শেষ ২৪ঘণ্টাত কেৰালাত ৩৭২ মিলিমিটাৰ বৃষ্টি হৈছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি কোনো স্থানত প্ৰতি ঘণ্টাত ১৬ ৰ পৰা ৫০ মিলি মিটাৰ বৰষুণ হ’লে তাক অতিবৃষ্টি বুলি ধৰা হয়৷ শেষ ২৪ ঘণ্টাত কেৰালাত গড়ে ১৫.৫ মিলিমিটাৰ বৃষ্টি হৈছে৷ প্ৰশাসনে ধাৰণা কৰিছে যে এই কাৰণতেই পুৱতি নিশা কেৰালাৰ ৱায়নাডৰ পাহাৰীয়া এলেকাকেইটাত এই বিপৰ্যয় আহিছে৷

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ সৈতে ফোনযোগে কথা পাতিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ সকলোধৰণৰ সাহায্যও দিয়া হ’ব বুলি আশ্বাস দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ বিজেপি কৰ্মীয়ে যাতে এই পৰিস্থিতিত যাতে সহায়ৰ বাবে আগুৱাই যায় তাৰবাবে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাক নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰী দফতৰৰ পৰা মৃতকৰ পৰিয়াললৈ ২লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথাও ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ আহতসকলক দিয়া হ’ব ৫০হাজাৰকৈ টকা৷

মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতেই মুখ খুলিছে বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাই৷ তেওঁ কয়, ‘আৱদ্ধ হৈ থকা মানুহখিনিক ধ্বংসস্তুপৰ পৰা বাহিৰলৈ অনাই লক্ষ্য সকলোৰে৷ কেৰালাৰ মুখ্যমন্ত্ৰীৰ সৈতে মোদীজীৰ বাৰ্তালাপ হৈছে৷ কেন্দ্ৰ সহায়ৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত৷ কেন্দ্ৰীয় সংস্থাসমূহো সহায়ৰ বাবে আগুৱাই গৈছে৷ ৰাজ্য চৰকাৰৰ সৈতে সমন্বয়ৰ মাজেৰে কাম চলি আছে৷ প্ৰাথমিক লক্ষ্য দেহ উদ্ধাৰ আৰু জীৱিতসকলৰ প্ৰাণৰক্ষা৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য
বাণিজ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

June 14, 2026
Next Post
প্ৰেয়সীৰ দেহ উদ্ধাৰৰ পাছতেই প্ৰেমিকলৈ সন্দেহৰ আঙুলি, কৃষ্ণামণিৰ পাছে পাছে গ’লগৈ প্ৰেমিক চিণ্টুও! ৰহস্য ভেদ হ’বনে?

প্ৰেয়সীৰ দেহ উদ্ধাৰৰ পাছতেই প্ৰেমিকলৈ সন্দেহৰ আঙুলি, কৃষ্ণামণিৰ পাছে পাছে গ’লগৈ প্ৰেমিক চিণ্টুও! ৰহস্য ভেদ হ’বনে?

চিকিৎসাৰ বাবে মাৰ্কিন মুলুকলৈ উৰা মাৰিলে শ্বাহৰুখে! হঠাৎ কি হৈছে বাদশ্বাহৰ?

চিকিৎসাৰ বাবে মাৰ্কিন মুলুকলৈ উৰা মাৰিলে শ্বাহৰুখে! হঠাৎ কি হৈছে বাদশ্বাহৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.