• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আদৱানীয়ে কান্দিলে আমাৰ চকুলো নোলায়

আদৱানীয়ে কান্দিলে আমাৰ চকুলো নোলায়

5 years ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

11 hours ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

11 hours ago
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

11 hours ago
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

12 hours ago
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

12 hours ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

14 hours ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

14 hours ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

1 day ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

1 day ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

1 day ago
ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

1 day ago
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আদৱানীয়ে কান্দিলে আমাৰ চকুলো নোলায়

editor by editor
August 16, 2020
in লেখা
0
আদৱানীয়ে কান্দিলে আমাৰ চকুলো নোলায়
0
SHARES
410
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আদৱানীৰ এতিয়াৰ মুখখন দেখিলে মহাভাৰতৰ ভীষ্মলৈ মনত পৰে। মহাভাৰত পঢ়ি গ’লে ভীষ্মৰ অসহায় অৱস্থাটো চকুৰ আগত ভাঁহি উঠে। ভীষ্মই পিতৃ শান্তনুৰ দ্বিতীয় বিবাহ সফল কৰিবলৈ গৈ কেতিয়াও বিয়া নকৰোৱা আৰু হস্তিনাপুৰক ৰক্ষণাবেক্ষণৰ প্ৰতিজ্ঞা কৰিছিল। হস্তিনাপুৰ তথা কৌৰৱ ধ্বংস হৈছিল দুৰ্যোধনৰ বাবে। ইয়াৰ বাবে শ্ৰীকৃষ্ণই কিন্তু ভীষ্মকহে দোষাৰোপ কৰিছিল। কৃষ্ণই কৈছিল- ‘আপুনি বিয়া নকৰাই ধৃতৰাষ্ট্ৰৰ দৰে পুত্ৰ প্ৰেমত অন্ধ এজন ৰজা আৰু তেওঁৰ পুত্ৰ দুৰ্যোধনৰ সকলো অপমান সহ্য কৰিও তেওঁলোকৰ পক্ষত আজীৱন কটাই দিলে। ইয়াৰ দ্বাৰা ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনক অপকৰ্ম কৰিবলৈ আপুনিয়েই উৎসাহ দিছিল। আপোনাৰ দৰে এজন বীৰ তেওঁলোকৰ পক্ষত নথকা হ’লে ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনে কুৰুক্ষেত্ৰ যুদ্ধ কৰিবলৈ সাহস নকৰিলেহেঁতেন! দ্বিতীয়তে আপুনি বিয়া কৰোৱা হ’লে হস্তিনাপুৰে ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনৰ সলনি আপোনাৰ দৰে বলৱান আৰু দয়ালু তথা ধৰ্মৰ পক্ষত থকা ৰজা লাভ কৰিলেহেঁতেন! আপুনি কৌৰৱৰ পক্ষত থাকি সকলো অপকৰ্মত সহযোগ কৰাৰ বাবে ইতিহাসৰ পাতত সদায় জগৰীয়া হৈ থাকিব।’

আদৱানীৰ মুখখন দেখা পালে ভীষ্মলৈ কিয় মনত পৰে এতিয়া গম পালে! বৰ্তমান নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ যি ৰাজনীতি বিজেপিৰ মঞ্চত চলিছে, সেই ৰাজনীতিত লালকৃষ্ণ আদৱানী একেবাৰে উপেক্ষিত। বহুতে আদৱানীক বিজেপিৰ পিতামহ বুলি কয়। পিতামহ আদৱানী সিদিনালৈকে বিজেপিৰ সৰ্বময়কৰ্তা আছিল। অৰ্থাৎ ২০১৪ চনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ সময়লৈকে আদৱানী আছিল বিজেপিৰ পিতামহ তথা পথ প্ৰদৰ্শক। ২০১৪ চনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে দেশজুৰি এক আলোড়নৰ সূচনা কৰে। নিৰ্বাচন, ৰাজনীতি, ইস্তাহাৰ, প্ৰতিশ্ৰুতি সকলোৰে নতুনকৈ মাৰ্কেটিং কৰে বিজেপিয়ে। ২০১৪ চনত বিজেপিক যি ৰূপত অসমৰ মানুহে দেখা পাইছিল, সেই ৰূপ ইয়াৰ আগলৈকে বিজেপি বাদেও আন ৰাজনৈতিক দলতো দুৰ্লভ আছিল। একপ্ৰকাৰ আকাশলংঘী প্ৰতিশ্ৰুতি আৰু সপোন দেখুৱাই বিজেপিয়ে ভাৰতীয় মানুহক আকৰ্ষিত কৰি আহিছে। বিজেপি ক্ষমতালৈ আহিল। নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ল। মোদীয়ে মন্ত্ৰীসভা গঠন কৰোঁতে বাদ পৰিল লালকৃষ্ণ আদৱানীৰ নাম। মন্ত্ৰীসভাৰ পৰা বাদ পৰাই নহয়, বিজেপিত আটাইতকৈ এলাগী হৈ ৰয় ৯০ ঊৰ্ধ্বৰ ৰাজনীতিকগৰাকী। কোৱা হ’ল বয়সৰ বাবে আদৱানীক অৱসৰ দিয়াৰ কথা দলে বিবেচনা কৰিছে। তেতিয়া বিজেপি দলৰ বাঘজৰী অমিত শ্বাহৰ হাতলৈ আহিল। লাহে লাহে বিজেপিত এনেকুৱা হ’ল যে আদৱানীক মাতিলেও যেন দলৰ নেতাসকলে বেয়া পাব। গতিকে দলৰ সকলো কৰ্মীয়ে এৰাই চলিলে পিতামহক।এনেদৰে প্ৰথমটো কাৰ্যকাল পাৰ হ’ল।

সকলোৰে নিশ্চয় মনত আছে কেইবাখনো ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ সন্মুখত আদৱানীৰ অসহায় অৱস্থাটো। ৰাজহুৱাকৈ মানুহজনক এলাগী কৰা হৈছিল। ২০১৯ত অনুষ্ঠিত হৈছিল লোকসভাৰ সাধাৰণ নিৰ্বাচন। বিজেপিয়ে মানে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এটা বৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সিদ্ধান্তটো আছিল- আদৱানীয়ে প্ৰতিনিধিত্ব কৰি অহা গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা অমিত শ্বাহে প্ৰতিদ্বন্দ্বিতা কৰাৰ। ভাৰতৰ সংবাদমাধ্যমত ব্যাপকভাৱে চৰ্চিত হ’ল এই খবৰটো। আদৱানীক এইবাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰি তেওঁৰ সমষ্টিত অমিত শ্বাহে প্ৰতিদ্বন্দ্বিতা কৰিলে। দলৰ লগতে লোকসভাৰ পৰাও আদৱানীক আঁতৰোৱা হ’ল। বিজেপিৰ কেন্দ্ৰীয় ৰাজনীতিত নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ আগমনৰ পাছতে আদৱানী নিসংগ হৈ পৰে। বহু সময়ত সংবাদমাধ্যম তথা সামাজিক মাধ্যমত আদৱানীয়ে চকুলো টোকা ভিডিঅ’, ফটো আদি ভাইৰেল হয়। আদৱানীৰ চকুপানী দেখি আমাৰ কিন্তু দুখ লগা নাই। আদৱানীৰ আজিৰ অৱস্থাৰ বাবে তেওঁ নিজেই জগৰীয়া।

গুজৰাটত নৰেন্দ্ৰ মোদীৰ শাসনত গোধ্ৰা কাণ্ড সংঘটিত হওঁতে পৃথিৱীজুৰি ভাৰত নিন্দিত হৈছিল। কেন্দ্ৰত তেতিয়া অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত এন ডি এ চৰকাৰ আছিল। গোধ্ৰা কাণ্ডত সহস্ৰাধিক ইছলামধৰ্মী লোকক হত্যা কৰাৰ পাছত বাজপেয়ীয়ে নৰেন্দ্ৰ মোদী চৰকাৰক বৰ্খাস্ত কৰিবলৈ সাজু হৈছিল। গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি বাজপেয়ীয়ে ৰাজধৰ্ম পালন কৰিবলৈ সকীয়াই দিছিল। বাজপেয়ীয়ে কোৱা ৰাজধৰ্মৰ অৰ্থ আছিল- সকলো ধৰ্মৰ প্ৰজা তথা নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াটো ৰাজনীতিকৰ প্ৰথম আৰু প্ৰধান দায়িত্ব। পৃথিৱীজুৰি হোৱা সমালোচনাত অসহায় হৈ বাজপেয়ীয়ে নৰেন্দ্ৰ মোদী চৰকাৰ বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈয়ো আদৱানীৰ বাধাৰ বাবে বৰ্খাস্ত কৰিব নোৱাৰিলে। গুজৰাটৰ নৰেন্দ্ৰ মোদী চৰকাৰক বৰ্খাস্ত কৰিলে আদৱানীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পদত্যাগৰ ভাবুকি দিছিল। অৰ্থাৎ মোদীক ৰাজনৈতিকভাৱে সুৰক্ষা দি আহিছিল আদৱানীয়ে।

১৯৯০ চনত ভি পি সিঙৰ নেতৃত্বত কেন্দ্ৰত গঠন হোৱা অকংগ্ৰেছী চৰকাৰখনে মণ্ডল আয়োগ কাৰ্যকৰী কৰিবলৈ তৎপৰ হৈছিল। মণ্ডল আয়োগৰ জৰিয়তে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে চাকৰি, শিক্ষা আদিত সংৰক্ষণৰ প্ৰস্তুতি চলাইছিল প্ৰধানমন্ত্ৰী ভি পি সিঙে। বৰ্ণহিন্দুৱে ইয়াৰ প্ৰতিবাদ কৰাই নহয়, দেশজুৰি সংঘটিত হয় হিংসাত্মক কাম-কাজ। বিজেপিয়ে বৰ্ণহিন্দুৰ পৰিপন্থী বুলি মণ্ডল আয়োগক বিবেচনা কৰি ইয়াক সমৰ্থন কৰিব নিবিচাৰিলেও মুখেৰে প্ৰকাশ কৰা নাছিল। পিছপৰা শ্ৰেণীৰ ভোটৰ লালসাত আদৱানী তথা বিজেপিয়ে দেখুৱাই মণ্ডল আয়োগৰ বিৰোধ নকৰিলেও ইয়াৰ পৰা ৰাইজৰ দৃষ্টি অন্যফালে নিবৰ বাবে আৰম্ভ কৰে ৰাম মন্দিৰ নিৰ্মাণৰ সমৰ্থনত ৰথযাত্ৰাৰে। জ্বলন্ত সমস্যাৰ পৰা ৰাইজৰ দৃষ্টি কেনেকৈ আঁতৰাব লাগে, সেই কৌশল বিজেপিয়ে কেতিয়াবাই আয়ত্ত কৰিছিল। আদৱানীয়ে ১৯৯০ চনৰ পৰা ৰাম মন্দিৰৰ সমৰ্থনত আৰম্ভ কৰা ৰথযাত্ৰাই ভাৰতত তিনি হাজাৰ লোকৰ জীৱন কাঢ়ি লৈছিল। ঠায়ে ঠায়ে সংঘটিত হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষৰ। মণ্ডল আয়োগৰ বাবে ভি পি সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ নকৰিলেও ৰথ যাত্ৰাৰ জৰিয়তে চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হয় আৰু অৱশেষত সমৰ্থনো প্ৰত্যাহাৰ কৰে। ভিতৰৰ কথাটো হ’ল, বিজেপিয়ে মণ্ডল আয়োগৰ বাবেহে ভি পি সিঙৰ বিৰোধ কৰিছিল আৰু ৰাইজক ৰথযাত্ৰা আৰু ৰাম মন্দিৰৰ বাবে সংঘাত হোৱা বুলি ফাঁকি দিছিল।

আপুনি জানি আচৰিত হ’ব ৰাম মন্দিৰৰ বাবে ভাৰতত ৬ হাজাৰৰো অধিক লোকৰ সাম্প্ৰদায়িক সংঘৰ্ষত মৃত্যু হৈছে। ১৯৯৩ চনত আদৱানীৰ ৰথযাত্ৰাৰ সামৰণি পৰিল।

৫ আগষ্ট, ২০২০ত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন সম্পন্ন হয়। ইয়াত উপস্থিত থাকিবলৈ আদৱানীক কোনেও নিমন্ত্ৰণ নজনালে। ঘৰত বহি টিভিত এই অনুষ্ঠান চালে আদৱানীয়ে। দুদিন পূৰ্বে বাবৰি মছজিদ ভঙা গোচৰত সতীৰ্থ মুৰুলী মনোহৰ যোশীৰ সৈতে আদৱানী আদালতত হাজিৰ হৈছিল। আদৱানীৰ ৰাজনৈতিক আৰু সামাজিক সন্ন্যাসত মোদী আৰু অমিত শ্বাহৰ অৱদান কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ৰাম মন্দিৰৰ ভূমি পূজনত নতুন বিজেপি ৰামদেৱ উপস্থিত আছিল। উপস্থিত আছিল ৮০ ঊৰ্ধ্বৰ পুৰোহিতো।

আজিৰ ভাৰতবৰ্ষৰ যি ৰাজনীতি এই ৰাজনীতি আমদানিত আদৱানীৰ ভূমিকাই আছিল সৰ্বাধিক। এই ৰাজনীতিৰ প্ৰথম বলিও হ’ল আদৱানীয়েই। সেয়ে এতিয়া আদৱানীয়ে চকুপানী টোকা আৰু কন্দাৰ ফটো দেখি আমাৰ দুখ নালাগে, চকুপানী নোলায়!

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: atal bihari vajpayeejitumoni boralal krishna advaninarendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?
জীৱনশৈলী

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

July 14, 2025
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?
জীৱনশৈলী

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

July 14, 2025
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ
জীৱনশৈলী

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

July 14, 2025
বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?
জীৱনশৈলী

বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?

July 12, 2025
Next Post
লখিমপুৰত কিশোৰীক বলাৎকাৰ, হত্যা কৰি কাঢ়িলে চকু

লখিমপুৰত কিশোৰীক বলাৎকাৰ, হত্যা কৰি কাঢ়িলে চকু

জন্মদিনৰ উপহাৰ ‘অক্সিমিটাৰ’

জন্মদিনৰ উপহাৰ ‘অক্সিমিটাৰ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.