অসমৰ ১৪৩ গৰাকী প্ৰার্থীৰ ভাগ্য নিৰ্ণয়, কেইবাটাও সমষ্টিত আগবাঢ়ি আছে বিজেপি। ৰাজ্যৰ ১৪ টা সমষ্টিত ১৪৩ গৰাকী প্ৰার্থীয়ে লোকসভা নিৰ্বাচনত আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা। ইতিমধ্যে কেইবাটাও সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ কেইবাগৰাকী প্ৰাৰ্থী।
৫২টা কেন্দ্ৰৰ ১৫২টা কাউণ্টিং হলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন। ইয়াৰে ভিতৰত অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল নিৰ্বাচন।
অহা পাঁচ বছৰলৈ কোন হ’ব দেশৰ ১৪০ কোটি জনতাৰ ভাগ্য নিয়ন্তা। ইয়াৰে ৫৪৩টা লোকসভা সমষ্টিৰ এটা সমষ্টিত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল এগৰাকী প্ৰাৰ্থী। গুজৰাটৰ ছুৰাট সমষ্টিত বিজেপি প্ৰাৰ্থী মুকেশ দালালে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে।
অসমৰ কোন সমষ্টিত কোনে প্ৰতিদ্বন্দ্বিতা কৰিছিল এইবাৰ। লখিমপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা। শোণিতপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত, কংগ্ৰেছৰ প্ৰেমলাল গাঁজু আৰু আপৰ ঋষিৰাজ কৌণ্ডিন্যৰ মাজত হ’ব মূল যুঁজ।
ডিব্ৰুগড় সমষ্টি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন আছু নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু আম আদমি পাৰ্টি মনোজ ধানোৱাৰৰ মাজত হ’ব মূল যুঁজ। যোৰহাট সমষ্টি বিজেপিৰ তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈৰ মাজত হ’ব মূল যুঁজ।
নৱ গঠিত কাজিৰঙা সমষ্টি বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা আৰু কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কীৰ মাজত হ’ব। নগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈ আৰু বিজেপিৰ সুৰেশ বৰা আৰু এ আই ইউ ডি এফ আমিনুল ইছলামৰ মাজত হ’ব ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা।
ডিফু সমষ্টিত বিজেপিৰ অমৰছিং তিছ’ আৰু কংগ্ৰেছৰ জয়ৰাম ইংলেঙৰ মাজত হ’ব শক্তিশালী যুঁজ। শিলচৰ সমষ্টি বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য, কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ আৰু তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাসৰ মাজত হ’ব ত্ৰিকোণীয়া যুঁজ। কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছৰ হাফিজ ৰচিদ আহমদ চৌধুৰী, বিজেপিৰ কৃপানাথ মাল্লা এ আই ইউ ডি এফ চাহাবুল ইছলাম চৌধুৰীৰ মাজত হ’ব ত্ৰিকোণীয়া যুঁজ।
দৰং-ওদালগুৰি সমষ্টিত বিজেপি দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু BFPৰ দুৰ্গা দাস বড়োৰ মাজত হ’ব শক্তিশালী যুঁজ। বৰপেটা সমষ্টিত অগপৰ ফণীভূষণ চৌধুৰী, চি পি আই (এম)ৰ মনোৰঞ্জন তালুকদাৰ, কংগ্ৰেছৰ দ্বীপ বায়ন, নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ মাজত হ’ব চাৰিকোণীয়া যুঁজ।
কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী, বি পি এফৰ খাম্পা বৰগয়াৰী আৰু কংগ্ৰেছৰ গৰ্জন মুছাহাৰীৰ মাজত হ’ব মূল যুঁজ। ধুবুৰী সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইন, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, অগপৰ জাভেদ ইছলামৰ মাজত শক্তিশালী যুঁজ। গুৱাহাটী সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীৰ মাজত হ’ব হাইভল্টেজ যুঁজ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ