অসম লাইভ২৪ঃ লাভ জেহাদ কৰিলে হাৰি যোৱাৰ কোনো পথ খোলা নাথাকিব। যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰিব লাভ জেহাদ কৰা প্ৰতিজন অপৰাধীয়েই। নতুন আইন অনাৰ পথত আগবাঢ়িছে মোদী শাসনাধীন চৰকাৰে। নতুনকৈ প্ৰস্তাৱিত ফৌজাদাৰী আইনৰ অধীনত নাৰীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি প্ৰতাৰণা কৰাৰ শাস্তিও যাৱজ্জীৱন কাৰাদণ্ড হ’ব বুলিও নতুন আইনত উল্লেখ আছে। বিগত ১২ আগষ্ঠত সংসদত লাভ জেহাদক লৈ আইন অনাৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। দেশত নতুন ফৌজাদাৰী আইন প্ৰঁণয়নৰ বাবে লোকসভাত তেওঁ তিনিখন বিল উত্থাপন কৰিছিল।
তেঁঁও উত্থাপন কৰা তিনিখন বিলৰ ভিতৰত এখনত উল্লেখ থকামতে অন্য ধৰ্মৰ মহিলা বা পুৰুষৰ সৈতে যৌন সম্পৰ্কত লিপ্ত হ’লে তেওঁলোকৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ ব্যৱস্থা কৰিব লাগে। এয়া শাস্তিযোগ্য অপৰাধ বুলি বিলখনত তেওঁ উল্লেখ কৰিছে। আৰু এই অপৰাধ বিচাৰত ব্যক্তি একোজন দোষী সাব্যস্ত হ’লে তেঁওৰ ১০ বছৰৰ কাৰাদণ্ড কথাও বিলত উল্লেখ আছে। কেৱল কাৰাদণ্ডই নহয় জৰিমনাও বিহিব লাগে বুলি বিলখনত উল্লেখ আছে। এই বিল অনাৰ পূৰ্বে ভাৰতীয় দণ্ডবিধিত এই ধৰণৰ অপৰাধৰ বিষয়ে সুনিৰ্দিষ্ট কোনো বিধান নাছিল। নতুন ফৌজাদাৰী আইনখন গৃহীত হ’লে ভাৰতীয় দণ্ডবিধিৰ ৯০ ধাৰাত অপৰাধৰ বিচাৰ কৰা হ’ব।
বিগত কেইবাবছৰ ধৰি ভাৰতত ভিন্ন ধৰ্মীন বিবাহৰ একাধিক ঘটনা ঘটিছে। বেছিভাগ ক্ষেত্ৰতেই দেখা গৈছে এনেকৈ হোৱা ভিন্নধৰ্মী বিবাহত অত্যাচাৰৰো স্বীকাৰ হৈছে মহিলাসকল। লীভ ইন ৰিলেছনশ্বীপতেই এই ধৰণৰ ঘটনা বেছিকৈ সংঘটিত হৈছে। মহিলাসকলৰ ওপৰত হোৱা এই অত্যাচাৰ দূৰ কৰিবলৈ একাংশ লোকে চৰকাৰক নতুন আইন প্রণয়নৰ বাবে এই আৱেদন দাখিল কৰিছে। এই আৱেদনৰ ভিত্তিতেই নতুন বিলখন আনিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
লাভ জেহাদৰ ওপৰিও জাতি, ধৰ্ম নিৰ্বিশেষে গণপিটন দূৰ কৰিবলৈকো প্ৰস্তাৱিত ফৌজাদাৰী আইনৰ অধীনত একাধিক বিল অনা হৈছে। পাঁচ বা তাতোকৈ অধিক ব্যক্তি মিলি
কাৰোবাক পিটি হত্যা কৰিলে তেনে ঘটনাৰ জড়িত ব্যক্তিৰ বিৰুদ্ধেও শাস্তিৰ বিধান ৰখা হৈছে এই বিলত। তেনে গণপিটনত দোষী প্ৰমাণিত হোৱা ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ড নাইবা মৃত্যুদণ্ডৰ শাস্তিৰ কথা এই বিলত অনা হৈছে। ইয়াৰোপৰি বিলত উল্লেখ থকা অনুসৰি এই ধৰণৰ কাণ্ডত অভিযুক্ত ব্যক্তিক ৭বছৰৰ কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা বিহাৰ কথাও বিলত উল্লেখ আছে।
উল্লেখ্য যে বৰ্ষাকালীন অধিবেশনৰ শেষৰ দিনটোত লোকসভাত ফৌজাদাৰী আইনৰ অধীনত তিনিখন বিল অনা হৈছিল। সেই বিল অনাৰ এসপ্তাহ পাছতো এই বিষয়টোক লৈ দেশজুৰি চৰ্চাও চলি আছে। নতুন ফৌজাদাৰী আইনখনক অমিত শ্বাহে ঔপনিবেশিক যুগৰ আইনৰ প্ৰতিস্থাপন বুলিও ভাষণত উল্লেখ কৰিছিল অমিত শ্বাহে। নতুন আইনখনে নাৰী আৰু শিশুৰ ওপৰত হোৱা অত্যাচাৰ, হত্যা আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে কোনো লোকে ষড়যন্ত্ৰ কৰিলে তেওঁলোকৰ বিৰুদ্ধে এই আইনৰ অধীনত শাস্তি বিহাৰ কথাও আইনত উল্লেখ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ