অসম লাইভ ২৪ঃ পদক নিশ্চিতিৰে ইতিহাস ৰচনা কৰি টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ অসম কন্যাৰ। ইয়াৰ লগে লগে অলিম্পিকত পদক নিশ্চিত কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে বিবেচিত হ’ল লাভলীনা বৰগোহাঁই। ৬৯ কেজি ৱেল্টাৰ ৱেট শাখাত চীনৰ বক্সাৰ নেইন চিন চেনৰ বিৰুদ্ধে ৪-১ ব্যৱধানত জয়ী হয় লাভলীনা। পৰৱৰ্তী মেচত লাভলীনা মুখামুখি হ’ব বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ খেলুৱৈ তুৰস্কৰ বুচেনাজ চুৰমেনেলীৰ। ৪ আগষ্টত অনুষ্ঠিত হ’ব ছেমি ফাইনেল। লাভলীনাৰ এই সাফল্যত উৎফুল্লিত ৰাজ্যবাসী। উৎফুল্লিত পিতৃ-মাতৃ তথা অনুৰাগী। পৰৱৰ্তী মেচৰ বাবে খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন সমগ্ৰ অসমবাসীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ