একেবাৰে সাধাৰণ কাম কৰিয়ো মহাকুম্ভত লাখপতি হৈ পৰা কেইজনমান যুৱকৰ কাহিনী…
আপুনি মই হয়তো ভাবিবও নোৱাৰো তেনে ব্যৱসায়ৰ কথা। একেবাৰে সাধাৰণ। কোনোৱে যদি এটকাও খৰচ নকৰাকৈ ব্যৱসায় কৰি ভাল উপাৰ্জন কৰিছে। কোনোৱে আকৌ সামান্য টকা খৰচ কৰিয়ে লাখ টকা উপাৰ্জন কৰিছে। সাধাৰণ সাধাৰণ ব্যৱসায় কৰি লাখপতি হৈ পৰিছে বহু লোক।
তাৰেই মাজৰ এগৰাকী যুৱকে এটকাও খৰচ নকৰাকৈ নিম গছৰ ঠানি দাঁত ঘহা যঁতন হিচাপে মহাকুম্ভৰ থলীত বিক্ৰী কৰি বহু টকা উপাৰ্জন কৰিছে। যুৱকৰ ভিডিঅ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। যুৱকে সদৰি কৰা অনুসৰি প্ৰেমিকাৰ কথা মতেই বিনামূলীয়া ব্যৱসায়ত নামি পৰিছিল যুৱক। নিতৌ উপাৰ্জন ৫ৰ পৰা ৮ হাজাৰ।
আন এগৰাকী লোকে মাথো কেই টুকুৰামান চুম্বকৰ ব্যৱহাৰ কৰিয়ে নিতৌ ৪০০০-৫০০০ টকা উপাৰ্জন কৰিছে। যি সকল ভক্তই নদীত পইচা দি সেৱা কৰে, সেই পইচা বোৰেই চুম্বকৰ জৰিয়তে উঠাই আনে যুৱক জনে।
এগৰাকী যুৱকে সামান্য সেন্দুৰ, হালধী আৰু চন্দন লগত লৈ মানুহৰ ফোট দি বহু টকা উপাৰ্জন কৰি আছে। মহাকুম্ভৰ থলীলৈ অহা বহু ভক্তই সেন্দুৰ-হালধীৰ ফোট লগোৱাৰ ফলত নিতৌ ১০ৰ পৰা ২০ হাজাৰ টকা উপাৰ্জন কৰি আছে।
আন এগৰাকীয়ে কেৱল চাহ বিক্ৰী কৰিয়ে বহু উপাৰ্জন কৰিছে। দিনটোত যদি খৰচ হৈছে খুউব বেছি ২ হাজাৰ টকা , উপাৰ্জন কৰিছে ৮ৰ পৰা ১০ হাজাৰ টকা। শীতত নদীত স্নান কৰি শীতৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বহু লোকেই চাব পান কৰাৰ ফলত ভাল ব্যৱসায় হৈ পৰিছে যুৱকৰ।
আন এজন শিক্ষিত যুৱকে আকৌ কেৱল কেঁচা বুট-মগুৰ চানা বনাই নিতৌ ১০ৰ পৰা ১৫ হাজাৰ টকা উপাৰ্জন কৰি আছে। লগতে যুৱকে কৈছে- কৰ্পোৰেট হাউচৰ পৰা ওলাই মহাকুম্ভত ব্যৱসায় কৰি আধিক লাভৱান হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ