অসম লাইভ ২৪ঃ বহু সময়ত দেখা যায় যে সাধাৰণ মানুহে ৰন্ধন গেছৰ মাত্ৰ এটা সংযোগ লাভ কৰিবৰ বাবে তাঁতবাটি কৰি আহৰি নোহোৱা হয় ডিষ্ট্ৰিবিউটৰ কাৰ্যালয়লৈ। তাঁতবাটিৰ পিছতো বাৰে বাৰে ডিষ্ট্ৰিবিউটৰক জমা দিব লাগে না না নথি। কিন্তু এইবাৰ এইবোৰ সমস্যাৰ পৰা আপুনি সম্পূৰ্ণ সকাহ পাব। কিয়নো IOCL অৰ্থাৎ Indian Oil corporation Limoted এ গ্ৰাহকৰ সুবিধাৰ বাবে মুকলি কৰিছে নতুন নিয়ম। আৰু এই নিয়ম অনুসৰি এতিয়াৰ পৰা আপুনি মাত্ৰ এটা নম্বৰত Miss Call মাৰিয়ে লাভ কৰিব ৰন্ধন গেছৰ নতুন সংযোগ। ইতিমধ্যে IOCLয়ে এই কথা টুইটাৰ যোগে ৰাজহুৱাকৈ প্ৰকাশ কৰিছে। আৰু গ্ৰাহকসকলে Miss Call মাৰিব লগা সেই বিশেষ নম্বৰটো হৈছে 8454955555।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ