বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া কোনো গ্ৰহই ৰাশি পৰিবৰ্তন কৰে তেতিয়া কেৱল ব্যক্তিৰ জীৱনকেই নহয় দেশ আৰু বিশ্বকো প্ৰভাৱিত কৰে৷ কিছু গ্ৰহৰ পৰিবৰ্তনে আৰাম আৰু বিলাসিতা কঢ়িয়াই আনে৷ আকৌ কিছু পৰিবৰ্তনে সংগ্ৰাম আৰু চেলেঞ্জ কঢ়িয়াই আনে৷ এই গ্ৰহসমূহৰ পাছত শুক্ৰৰ এক বিশেষ গুৰুত্ব আছে৷ ইয়াক ঐশ্বৰ্য, সুখ, প্ৰেম আৰু সম্পদৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়৷ শুক্ৰই প্ৰায় প্ৰতিমাহতে ৰাশি পৰিবৰ্তন কৰে আৰু প্ৰতিবাৰেই ইয়াৰ গোচৰে নিৰ্দিষ্ট যোগ তৈয়াৰ কৰে৷
দৃক পঞ্চাঙ্গ অনুসৰি ২০২৬ চনৰ মাৰ্চ মাহত শুক্ৰই তাৰ উচ্চ ৰাশি মীনত প্ৰৱেশ কৰিব৷ জ্যোতিষশাস্ত্ৰীয় দৃষ্টিকোণৰ পৰা মীন ৰাশিত শুক্ৰৰ প্ৰৱেশ অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ এই গোচৰ পঞ্চ মহাপুৰুষ যোগৰ অন্যতম মালব্য মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিব৷ এই যোগৰ প্ৰভাৱত কিছু ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ হঠাৎ ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ অৰ্থ, কৰ্মজীৱন আৰু পাৰিবাৰিক জীৱন সম্পৰ্কিত বহু সমস্যাৰ সমাধান হব পাৰে৷ জানি থওক ২০২৬ চনৰ মাৰ্চ মাহত গঠিত হোৱা মালব্য ৰাজযোগৰ পৰা কোন কোন ৰাশি সকলোতকৈ বেছি উপকৃত হ’ব পাৰে?
কৰ্কট ৰাশি
মাৰ্চ মাহত শুক্ৰৰ প্ৰভাৱত গঠিত মালব্য ৰাজযোগে কৰ্কট ৰাশিৰ জাতকৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব৷ শুক্ৰই কৰ্কট ৰাশিৰ ভাগ্যস্থানত গোচৰ কৰিব৷ ৰৈ থকা প্ৰকল্পসমূহ পুনৰায় সচল হ’ব৷ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে৷ পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে৷ এই সময়ত ভ্ৰমণৰ সুযোগ আহিব পাৰে৷ বিশেষকৈ বিদেশ ভ্ৰমণৰ যোগ আছে৷ সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব৷ জীৱনৰ সুযোগ সুবিধা বৃদ্ধি পাব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে মালব্য মহাপুৰুষ ৰাজযোগ কৰ্মজীৱন সংক্ৰান্তীয় বিষয়ত উপকাৰী হব৷ শুক্ৰৰ প্ৰভাৱত মিথুন ৰাশিৰ কৰ্মভাৱ প্ৰভাৱিত হব যিয়ে তেওঁলোকৰ কৰ্মক্ষেত্ৰত স্বীকৃতি আৰু উন্নতিৰ দ্বাৰ খুলি দিব৷ চাকৰিয়ালে পদোন্নতি বা আয় বৃদ্ধিৰ খবৰ আহিব পাৰে৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে৷ যিসকলে ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকৰ বাবে এই সময়ত নতুন চুক্তি বা উল্লেখযোগ্য লাভৰ ইংগিত দিছে৷
মীন ৰাশি
এই সময়ত মীন ৰাশিৰ বাবে সকলোতকৈ শুভ বুলি ধাৰণা কৰা হৈছে৷ কাৰণ শুক্ৰই আপোনাৰ ৰাশিতেই গোচৰ কৰিব৷ আপোনাৰ ব্যক্তিত্ব আৰু জীৱনযাত্ৰাক প্ৰভাৱিত কৰিব৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ মানুহে আপোনাৰ কামত মুগ্ধ হব৷ সম্পৰ্ক আৰু মধুৰ হব৷ আপোনাৰ প্ৰেম জীৱনত স্থিতিশীলতা বৰ্তি থাকিব৷ যিসকলে বিবাহৰ কথা ভাৱিছে তেওঁলোকে ভাল প্ৰস্তাব পাব পাৰে৷ এই সময় আৰ্থিকভাৱেও শক্তিশালী হব৷ অংশীদাৰিত্বৰ পৰা লাভৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















