অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলো ‘মাদ্ৰাছা’ক বিলোপ কৰিব লাগে মন্তব্য কৰি পুনৰ দেশজুৰি বিতৰ্কৰ সূচনা কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ মন্তব্য কৰিছে যে দেশত সকলো মাদ্ৰাছাক বন্ধ কৰিব লাগে আৰু কেৱল ঘৰতে কোৰাণৰ শিক্ষা প্ৰদান কৰিব লাগে৷
দিল্লীৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ সকলো মুছলমানেই হিন্দু আছিল৷ অৰ্থাৎ বৰ্তমানৰ সকলো মুছলমানৰে ‘হিন্দুৰ অতীত’ আছে৷
মুখ্যমন্ত্ৰী শৰ্মাই এক প্ৰশ্ন উত্তৰত আন এক বিতৰ্কিত মন্তব্য কৰাও পৰিলক্ষিত হয়৷ তেওঁক সোধা হৈছিল যে দেশৰ মুছলমান ধৰ্মাৱলম্বী শিক্ষাৰ্থীসকল হিন্দু শিক্ষাৰ্থীসকলতকৈ কিয় মেধাৱী হয়? সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইদৰে কয় যে ভাৰতৰ সকলো মুছলমানৰেই হিন্দু অতীতত আছে সেয়ে এতিয়া মুছলমান শিক্ষাৰ্থীসকল অতি মেধাৱী৷
লগতে পঢ়ক কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ
মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ মতে দেশত ‘মাদ্ৰাছা’ থকালৈকে কোনো শিশুৱে চিকিৎসক-অভিযন্তা হ’ব নোৱাৰিব৷ কাৰণ তেওঁলোকে মাদ্ৰাছালৈ গৈ মোল্লা-মৌলবী হোৱাৰ শিক্ষা লাভ কৰি সেইবোৰ হোৱাৰহে চিন্তা কৰিব৷
‘‘মাদ্ৰাছাত পঢ়িলে ডাক্তৰ বা অভিযন্তা হ’ব নোৱাৰিবা বুলি ক’লে তেওঁলোকে নিজেই মাদ্ৰাছালৈ যাবলৈ অস্বীকাৰ কৰিব। সন্তানক কোৰান শিকাওক, কিন্তু ঘৰত শিকাওক। মাদ্ৰাছাত শিশুক ভৰ্তি কৰিলে তেওঁলোকৰ মানৱ অধিকাৰ উলংঘা কৰা হয়।’’ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়৷
লগতে পঢ়ক কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?
ডঃ শৰ্মাৰ মতে সকলো শিশুকে বিজ্ঞান, গণিত, জীৱবিজ্ঞান, উদ্ভিদ বিজ্ঞান, আৰু প্ৰাণীবিজ্ঞান শিকোৱাৰ ওপৰত গুৰুত্ব দিব লাগে৷ তেওঁলোক চিকিৎসক, অভিযন্তা, অধ্যাপক, বিজ্ঞানী হ’বলৈ পঢ়া-শুনা কৰা উচিত।
২০২০ চনত অসম চৰকাৰে চৰকাৰীভাৱে পৰিচালিত সকলো মাদ্ৰাছা ভংগ কৰি ধৰ্মনিৰপেক্ষ শিক্ষা প্ৰদান কৰিবলৈ সাধাৰণ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়৷।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















