এখন কেচিনোৰ প্ৰাক্তন কেচিয়াৰক সহকৰ্মীসকলে উপেক্ষা কৰি বিশাল পৰিমাণৰ ক্ষতিপূৰণ ভৰিবলগীয়া হৈছে৷
ৰীতা লেহেৰ নামৰ ৫১ এগৰাকী মহিলা পূৱ লণ্ডনৰ ষ্ট্ৰেটফ’ৰ্ডৰ এছপেৰাছ কেচিনোত কৰ্মৰত আছিল৷ ৰীতা লেহেৰে কয় যে কৃষ্ণাংগ মূলৰ হোৱাৰ বাবেই কেচিনোখনৰ অন্য কৰ্মচাৰীসকলে তেওঁক উপেক্ষা কৰি আহিছিল৷
মহিলাগৰাকীয়ে অভিযোগ কৰাৰ মতে কেচিনোখনৰ সকলো কৰ্মচাৰীয়ে এবাৰ পাৰ্টি কৰিবলৈ চহৰৰ বাহিৰলৈ গৈছিল আৰু কৃষ্ণাংগ মূলৰ হোৱাৰ বাবেই তেওঁক সেই পাৰ্টিলৈ যাবলৈ দিয়া নাছিল৷ আনকি তেওঁৰ সৈতে অন্য কৰ্মচাৰীসকলে ড্ৰিংকছো কৰা নাছিল৷
লগতে পঢ়ক ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক
ইমানেই নহয় কৃষ্ণাংগ মূলৰ হোৱাৰ বাবে তেওঁৰ শৰীৰৰ মিশ্ৰিত বৰণক লৈ সন্মুখতে সহকৰ্মীসকলে বিদ্ৰূপমূলক মন্তব্য কৰি প্ৰায়ে তেওঁক তাচ্ছিল্য কৰি আহিছিল৷
ৰীতা লেহেৰে প্ৰকাশ কৰা অনুসৰি ২০১১ চনৰ পৰা তেওঁ উক্ত কেচিনোখনত কাম কৰিবলৈ আৰম্ভ কৰিছিল৷ কৃষ্ণাংগ মূলৰ হোৱাৰ বাবেই কেচিনোখনত লেহেৰ পদোন্নতিয়ো ৰুদ্ধ কৰি ৰখা হৈছিল৷ লেহেৰে অভিযোগ কৰা মতে তেওঁ পদোন্নতিৰ বাবে বাৰে বাৰে আবেদন কৰাৰ পিছতো পদোন্নতি দিয়া হোৱা নাছিল৷ আফালে, তেওঁৰ কণিষ্ঠ সহকৰ্মীসকলক তেওঁৰ চকুৰ আগতে কেচিনোখনৰ কৰ্তৃপক্ষই পদোন্নতি দিছিল৷
সহকৰ্মী আৰু কেচিনো কৰ্তৃপক্ষৰ এনে ব্যৱহাৰত হতাশাগ্ৰস্ত হৈ লেহেৰে ২০১৮ত কামৰ পৰা অব্যাহতি লৈছিল যদিও আৰ্থিক অৱস্থাৰ বাবে পুনৰ ২০২১ চনত পুনৰ কামত যোগ দিবলৈ বাধ্য হয়৷ পুনৰ যোগ দি লেহেৰে অনুভৱ কৰিলে যে পৰিস্থিতৰ কোনো পৰিৱৰ্তন হোৱা নাই, বৰং পূৰ্বৰ দৰেই তেওঁক উপেক্ষা কৰা হৈছে৷
লগতে পঢ়ক কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?
ইয়াৰ পিছতে লেহেৰে আদালতত অন্যায়ভাৱে কামৰ পৰা অব্যাহতি দিয়া, বয়স আৰু বৰ্ণবৈষম্য বলি হোৱাৰ অভিযোগ দাখিল কৰে৷
উক্ত অভিযোগৰ বিচাৰ কৰি বিচাৰপতিয়ে ৰীতা লেহেৰে কাম কৰা কেচিনোখনৰ কৰ্তৃপক্ষ আৰু তেওঁৰ প্ৰাক্তন কৰ্মচাৰীসকলক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে৷
আদালতে কেচিনোখনৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকলক ক্ষতিপূৰণ আৰু জৰমিনা হিচাপে ৰীতা লেহেৰক ৭৪,০০০ পাউণ্ড অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ৭২ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ