শনিবাৰে এগৰাকী শীৰ্ষ চোৰাংচোৱা বিষয়াই প্ৰকাশ কৰা কৰিছে যে সেনাৰ এজন জোৱানক এগৰাকী যুৱতী পাকিস্তানী এজেণ্টক সেনা বাহিনীৰ গোপনীয় আৰু স্পৰ্শকাতৰ তথ্য যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।
যোধপুৰত নিয়োজিত সেনা জোৱান প্ৰদীপ কুমাৰে পাকিস্তানী চোৰাংচোৱা সংস্থাটোৰ এগৰাকী যুৱতী এজেণ্টৰ মোহত বন্দী হৈ দেশৰ নিৰাপত্তা সম্পৰ্কীয় বিভিন্ন গোপন আৰু স্পৰ্শকাতৰ তথ্য যোগান ধৰি আহিছিল৷ জোৱানজনৰ গতি বিধি কেবাদিনো নিৰীক্ষণ কৰাৰ পিছতে শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় বুলি চোৰাংচোৱা সংস্থাৰ শীৰ্ষ বিষয়াগৰাকীয়ে সদৰী কৰিছে৷
তদন্তত জোৱানগৰাকীৰ ফেচবুক আৰু হোৱাটছএপৰ জৰিয়তে পাকিস্তানী যুৱতী এজেণ্টগৰাকীৰ সৈতে সম্পৰ্কত থকা আৰু গোপনীয় তথ্য যোগান ধৰাৰ প্ৰমাণ পোৱা বুলিও বিষয়াগৰাকীয়ে প্ৰৰাশ কৰিছে।
লগতে পঢ়ক কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?
বিষয়াগৰাকীয়ে সদৰী কৰা মতে যোৱা ১৮ মে’ত অভিযুক্ত সেনা জোৱানজনক জেৰাৰ বাবে জিম্মাত লোৱা হৈছিল আৰু তাৰ পিছত গ্ৰেপ্তাৰ কৰা হয়৷ বিষয়াগৰাকীয়ে লগতে কয় যে উত্তৰাখণ্ডৰ বাসিন্দা কুমাৰে মাত্ৰ তিনি বছৰ পূৰ্বেহে সেনা বাহিনীত যোগদান কৰিছিল।
প্ৰায় ছমাহ পূৰ্বে পাকিস্তানী যুৱতীগৰাকীয়ে অভিযুক্ত কুমাৰৰ সৈতে মোবাইল যোগে যোগাযোগ কৰি নিজকে বঙাইগাঁৱৰ মিলিটাৰী নাৰ্চিং সেৱাৰ কৰ্মচাৰী বুলি পৰিচয় দিছিল।
লগতে পঢ়ক ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক
যুৱতীগৰাকীয়ে কুমাৰক দিল্লীত সাক্ষাৎ কৰাৰ প্ৰলোভন দিয়াৰ লগতে বিয়াৰ প্ৰস্তাৱো দিছিল বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে৷ ইয়াৰ পিছতে হনী ট্ৰেপিঙৰ জৰিয়তে পাক যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহু গোপনীয় তথ্য আৰু নথি-পত্ৰৰে কুমাৰৰ পৰা আদায় কৰিছিল৷
সেনা জোৱান প্ৰদীপ কুমাৰ বিৰুদ্ধে অফিচিয়েল ছিক্ৰেটছ এক্ট, ১৯২৩ৰ অধীনত গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰা হৈছে আৰু অধিক তথ্য ফাদিল কৰাৰ বাবে জেৰা চলাই থকা হৈছে বুলি বিষয়াগৰাকীয়ে সদৰী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ