আজিৰে পৰা মা কামাখ্যা ধামত মহা অম্বুবাচী মেলা, মন্দিৰলৈ যোৱাৰ পূৰ্বে জানি লওক নিৰ্দেশনা…
আজি ইংৰাজী ২২ জুন আহাৰৰ ৭ তাৰিখ শনিবাৰৰ পৰা মা কামাখ্যা ধামত এই বৰ্ষৰ অম্বুবাচী মেলা আৰম্ভ হৈছে। পুৱা ৮ বাজি ৪৩ মিনিটৰ পৰা লাগিছে অম্বুবাচী। অম্বুবাচীৰ প্ৰবৃত্তিৰ আজি হোৱাৰ বিপৰীতে অহা মঙলবাৰ ২৫ জুন তাৰিখে নিশা অন্ত পৰিব। নিবৃত্তিৰ সময়- ১০ আহাৰ মঙ্গলবাৰে নিশা ৯ বাজি ৭ মিনিটত। পিছদিনা পুৱাৰ পৰা ভক্তৰ বাবে খোল খাব মন্দিৰৰ দুৱাৰ।
ইতিমধ্যে প্ৰতিবাৰৰ দৰে এইবাৰো মা কামাখ্যা ধামত ভিৰ কৰিছে অগণন ভক্তই। দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। বহু লোকে লোকাৰণ্য হৈ পৰিছে মা কামাখ্যা ধাম। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন ঠাইৰ উপৰিও বিদেশৰ পৰাও আগমণ ঘটিছে কামাখ্যা মাৰ ভক্তৰ।
ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে অম্বুবাচী মেলাকলৈ প্ৰতি বছৰৰ দৰে এই বেলিও গ্ৰহন কৰিছে কেতবোৰ ব্যৱস্থা। অম্বুবাচী মেলা সূচাৰূপে পৰিচালনা কৰিবলৈ প্ৰশাসনে জাৰি কৰিছে কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি, শনিবাৰে নিশাৰেপৰা ২৭ জুনলৈ কোনো VIP দৰ্শন নাথাকিব। সকলোৱে সাধাৰণ দৰ্শনাৰ্থীৰ নিচিনাকৈ দৰ্শন কৰিব লাগিব।
কামাখ্যা মন্দিৰলৈ যোৱা মূল পথেৰে জৰুৰীকালীন সেৱাৰ বাহিৰে কোনো ধৰণৰ বাহন ওপৰলৈ যাব নোৱাৰিব। কেৱল পাণ্ডুৰ ফালৰ পৰা বিকল্প পথেৰে বাহন যাব পাৰিব। বিশেষ বাহনৰ ক্ষেত্ৰতহে অনুমতি থাকিব পাণ্ডুৰ ফালৰ পথটোও। নিশা ৮ বজাৰ পাছত আৰু কোনো ব্যক্তি কামাখ্যাৰ মূল তোৰণ থকা পথেৰে আনহাতে পাণ্ডুৰ পিনে থকা বিকল্প পথেৰে নিশা ৯ বজাৰ পাছত কোনো ওপৰলৈ উঠিব নোৱাৰিব। কেৱল নামিবহে পাৰিব।
জোতা-চেণ্ডল পৰিধানৰ ক্ষেত্ৰতো আছে নিৰ্দেশনা- কামাখ্যা ধামত অম্বুবাচী মেলালৈ অহা দৰ্শনাৰ্থীসকল জোতা-চেণ্ডেল সকলোবোৰ তলতেই ৰাখি যাবৰ বাবে অনুৰোধ কৰা হৈছে। ফ্লাইঅভাৰৰ তলতেই জোতা থোৱা ব্যৱস্থা কৰা হৈছে। সকলোকে তাত জোতা চেণ্ডেল ৰাখি আহিবলৈ আহ্বান কৰা হৈছে। খালী ভৰিৰে পাহাৰৰ ওপৰলৈ উঠিব লাগিব দৰ্শনাৰ্থী। ৰ’দ বেছি হ’লে সময়ে সময়ে ৰাস্তাত পানী মাৰি দিয়া হ’ব আৰু কাৰ্পেট পাৰি দিয়াৰ ব্যৱস্থাও কৰা হ’ব। ৰে’ল ষ্টেশ্যনৰ পৰা বাছৰ দ্বাৰা পাণ্ডু প’ৰ্টলৈ দৰ্শনাৰ্থী অনা হ’ব। মূল উদ্বোধনী অনুষ্ঠান পাণ্ডু পৰ্টতে কৰা হ’ব
ইফালে মহানগৰ আৰক্ষীয়েও কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে সাজু হোৱাৰ কথা জানিব পৰা গৈছে। মন্দিৰৰ সুৰক্ষা তথা ভক্তৰ নিৰাপত্তাকলৈ ৩ তৰপীয়া ব্যৱস্থা কৰা বুলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে জানিবলৈ দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ