এজন-দুজন নহয়, সৰ্বমুঠ ৩০ জনে হেৰুৱালে প্ৰাণ, ২৫ চিনাক্ত
মহাকুম্ভত পদপিষ্ট হৈ এজন দুজন নহয়, বৰঞ্চ ৩০ জন লোকে প্ৰাণ হেৰুাৱইছে।
এএনআইৰ সূত্ৰ অনুসৰি মহাকুম্ভৰ ডিআইজি বৈভৱ কৃষ্ণই এই ঘটনাত মৃতকৰ সংখ্যা সন্দৰ্ভত স্পষ্ট কৰি দিয়ে।
উল্লেখ্য যে, মঙলবাৰে পুৱতি নিশা প্ৰায় ১মান বজাৰ পৰা ২ মান বজাৰ ভিতৰত সংঘটিত সংঘটিত হৈছিল এই ঘটনা।
হঠাতে ভিৰ হৈছিল বহু ভক্তৰ, আৰু ভক্তই দৌৰা দৌৰি কৰাৰ ফলতে তেনেদৰে ৩০ জন লোক পৰপিষ্ট হৈ মৃত্যুক আঁকোৱালী লয়।
https://x.com/ANI/status/1884589584329379897
মৃতকৰ সকলৰ ভিতৰত বৰ্তমানলৈ ২৫ জন লোকক চিনাক্ত কৰা হৈছে, অন্য ৫ জনক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।
মৃত ২৫ৰ ভিতৰত এজন অসমৰ লোক। অসমৰ হাইলাকান্দিৰ ব্যৱসায়ী নীতিৰঞ্জন পাল।
মহাকুম্ভৰ ডিআইজি বৈভৱ কৃষ্ণই জনোৱা মতে, স্থানীয় চিকিৎসালয়ত ৩৬ জন লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ