আগন্তুক সোমবাৰ ২০ অক্টোবৰত পালিত হ’ব কালীপূজা আৰু দীপাৱলি৷ আৰু ঠিক তাৰ পাছৰ দিনা অৰ্থাৎ ২১ অক্টোবৰ মঙ্গলবাৰে তুলা ৰাশিত গোচৰ কৰিব চন্দ্রই৷ অন্যহাতে ১৩ ছেপ্টেম্বৰৰ পৰাই তুলা ৰাশিত অৱস্থান কৰিছে মঙ্গলে৷ ইয়াৰপাছতেই ২৭ অক্টোবৰত ৰাশি পৰিবৰ্তন কৰিব ৰঙা গ্ৰহ মঙ্গলে৷ চন্দ্ৰ আৰু মঙ্গলৰ যুঁটিত গঠিত হ’ব শক্তিশালী মহালক্ষ্মী ৰাজযোগ৷ এই ৰাজযোগৰ প্ৰভাৱত তিনি ৰাশিৰ জাতকে মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব৷ জানি থওক দীপাৱলিৰ পাছতেই লক্ষ্মী আহিব কোন কোন ৰাশিৰ ঘৰত৷
মেষ ৰাশি
মহালক্ষ্মী ৰাজযোগৰ প্ৰভাৱত অৰ্থ উপাৰ্জনৰ নতুন পথ খুলিব মেষ ৰাশিৰ জাতকৰ সন্মুখত৷ ৰৈ থকা প্ৰকল্পৰ কাম সম্পন্ন হ’ব৷ আপোনাৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল লাভ কৰিব৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ শুভ অনুষ্ঠানত অংশ ল’ব পাৰে৷ দৰমহা বৃদ্ধি হোৱাৰ যোগ আছে৷
কৰ্কট ৰাশি
মহালক্ষ্মী ৰাজযোগৰ বিশেষ শুভ প্ৰভাৱ পৰিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত আপোনাৰ জীৱনত আৰাম আৰু বিলাসিতা বাঢ়িব৷ কোনো কামত দীৰ্ঘদিনৰ বাধা থাকিলে দূৰ হ’ব৷ অতিৰিক্ত অৰ্থলাভৰ পথ খুলিব পাৰে আপোনাৰ সন্মুখত৷ নতুন বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰে৷
মকৰ ৰাশি
মহালক্ষ্মী ৰাজযোগৰ প্ৰভাৱত চকুত লগা উন্নতি কৰিব পাৰে মকৰ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি কেৰিয়াৰত বৃহৎ সাফল্য লাভ কৰিব পাৰে৷ পৰিশ্ৰমৰ সুফল পাব আৰু সামাজিক প্ৰতিপত্তি আৰু মৰ্যদা বাঢ়িব৷ অফিচত কাম আৰু সামাজিক পদমৰ্যদা বাঢ়িব৷ অফিচত কামৰ নতুন দায়িত্ব পাব আৰু পদোন্নতি হ’ব পাৰে৷ কামৰ প্ৰশংসা পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















