জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসভৱনৰ পৰা সংবাদমাধ্যমক সম্বোধন ৰাহুল গান্ধীৰ৷ ৰাহুল গান্ধীয়ে শোকস্তব্ধ জুবিন গাৰ্গৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি কয়- খুব দুখেৰে আজি মই অসমলৈ আহিছো৷ জুবিন গাৰ্গ অসমৰেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰে সম্পদ আছিল৷ জুবিন গাৰ্গ আছিল কাঞ্চনজংঘা৷ মই ১৭ বছৰ পূৰ্বে ছিকিম গৈছিলো৷ তাতেই কাঞ্চনজংঘা পৰিদৰ্শন কৰিছিলো৷ কাঞ্চনজংঘা সৎ, তুলনাহীন৷ কাঞ্চনজংঘা ধুনীয়াই নহয়, কাঞ্চনজংঘা উজ্জল, কাঞ্চনজংঘাই স্পষ্টকৈ সকলোৰে সন্মুখত ধৰা দিয়ে৷ গৌৰৱে কৈছে জুবিনে নিজকে কাঞ্চনজংঘা কৈছিল৷ ময়ো কৈছো হয় জুবিন গাৰ্গ কাঞ্চনজংঘাৰ দৰেই উজ্জল৷
অসমে জুবিন গাৰ্গক লৈ সদায়ে গৌৰৱ কৰিছিল কৰি যাব৷ মই তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছো৷ আমি তেওঁৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছো জুবিন গাৰ্গৰ দৰে সত্বা দেশক উপহাৰ দিয়াৰ বাবে৷ মই জুবিন গাৰ্গৰ পিতৃক কৈছো তেওঁ যেন নিজৰ মনোবল ধৰি ৰাখে৷ আমি সকলো আছো তেওঁৰ কাষত৷ জুবিন গাৰ্গে অসমৰ বাবেই নহয় দেশকো বহু বাৰ্তা দি গৈছে৷ অসম আজি দুখত আছে, দুখত থাকিবলগীয়া কথাই, জুবিন গাৰ্গ আৰু কায়িকভাৱে নাই৷ অসমৰ প্ৰতিজন জনতাৰেই প্ৰেম আছিল জুবিন৷ জুবিন সকলোৰে ভালপোৱাত সদায়ে জীয়াই থাকিব৷
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰতাৰে আগবাঢ়ক৷ মই অসম চৰকাৰক অনুৰোধ জনাইছো যে, জুবিন গাৰ্গৰ মৃত্যু তদন্ত একদম নিকা হওক৷ জুবিন গাৰ্গে ন্যায় পাওক৷ অসমেই নহয় আমিও জানিব খোজো ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে কি হৈছিল? পৰিয়ালকো জনাওক জুবিন গাৰ্গৰ সৈতে কি হৈছিল৷ তেওঁৰ পত্নী, পিতৃ, ভগ্নীয়েও আশাৰে ৰৈ আছে৷ মই কংগ্ৰেছ পাৰ্টিৰ হৈ অসমৰ প্ৰতিজন জনতাক জুবিন গাৰ্গৰ মৃত্যুৰ বাবে সমবেদনা জনাইছো৷ জুবিন গাৰ্গৰ পৰিয়ালৰ বাবে যেতিয়াই যেনেকৈ থিয় দিব লাগে কংগ্ৰেছ দল থিয় দিব৷ We Love Zubeen Garg, #JusticForZubeenGarg, ধন্যবাদ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















