• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে নেহৰুক কিয় বিচাৰিছিল?

গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে নেহৰুক কিয় বিচাৰিছিল?

6 years ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

19 minutes ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

41 minutes ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

4 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

4 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

6 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

7 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

22 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

22 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

23 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

23 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে নেহৰুক কিয় বিচাৰিছিল?

editor by editor
August 9, 2020
in লেখা
0
গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে নেহৰুক কিয় বিচাৰিছিল?
0
SHARES
433
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৃত্যুৰ পাছত পৃথিৱীয়ে যিজনক মানৱ জাতিৰ একমাত্ৰ পথ প্ৰদৰ্শক হিচাপে গ্ৰহণ কৰিছে, তেওঁ হ’ল- মহামানৱ মহাত্মা গান্ধী। আধুনিক পৃথিৱীত জন্মগ্ৰহণ কৰিও গান্ধী স্বদেশত গুলীবিদ্ধ হৈছিল। ভাৰতবৰ্ষক এক নতুন পথৰ সন্ধান দিছিল গান্ধীজীয়ে। গুলী, অত্যাচাৰ, বৰ্বৰতাক নিৰস্ত্ৰ হৈয়ো কিদৰে কাবু কৰিব পাৰি, সেই পথৰ সন্ধান দিয়া মানুহজন আজি বিশ্ববন্দিত। পৃথিৱীৰ এনে কোনো ৰাষ্ট্ৰ নাই, এনেকুৱা কোনো এজন মানুহ নাই, যি গান্ধী দৰ্শনৰ সৈতে পৰিচিত নহয়! ভাৰতৰ জনসাধাৰণৰ বাবে গৌৰৱৰ বিষয় এইটোৱে যে গান্ধীয়ে আজি পৃথিৱীবাসীৰ সন্মুখত নতুনকৈ ধৰা দিছে। পৃথিৱীৰ সৰ্বত্ৰে স্থাপন হৈছে গান্ধীৰ প্ৰতিমূৰ্তি। সকলো ৰাষ্ট্ৰ নেতাই বন্দনা কৰিবলৈ লৈছে গান্ধীক। বুদ্ধৰ পাছতে ভাৰতবৰ্ষক সুকীয়া আৰু নতুন পৰিচয়ৰে পৃথিৱীবাসীৰ সন্মুখত সংস্কাৰৰ পাঠ দিয়া মানুহজনেই হ’ল- গান্ধী।

আমি আজিও শিহৰিত হৈ উঠো আঁঠুৰ মূৰত চুৰীয়া পিন্ধি অৰ্ধ নাঙঠ হৈ ঘূৰি ফুৰা এজন মানুহৰ পৃথিৱীবাসীৰ ওপৰত ইমান প্ৰভাৱ! বুদ্ধ-গান্ধীক জন্ম দি ভাৰতবৰ্ষ যি গৌৰৱৰ অধিকাৰী হৈছিল, সেই গৌৰৱত ক’লা ৰং সানিছিল নাথুৰাম নামৰ এজন আততায়ীয়ে। গান্ধীৰ দৰে মানুহকো হত্যা কৰিব পৰা মানুহ ভাৰতবৰ্ষই জন্ম দিছে।

গান্ধীৰ দূৰদৰ্শিতাক লৈ আজিও আচৰিত হওঁ। গান্ধীক লৈ দেশ-বিদেশৰ নৱপ্ৰজন্মৰ আগ্ৰহৰ অন্ত নাই। এই সময়তে ভাৰতত এটা ৰাজনৈতিক দলৰ কিছুমান নেতাই গান্ধীক চতুৰ বণিয়া আখ্যা দিবলৈ লাজ পোৱা নাই। ৰাজনৈতিক দলটোৰ নেতা, সাংসদ আদিয়ে গান্ধীক হত্যা কৰা আততায়ী নাথুৰাম গডছেৰ মুকলি বন্দনা কৰিবলৈ লৈছে। ইয়াৰ বাবে দলটোৰ নেতাসকলে লজ্জাবোধ নকৰাটো আমাৰ বাবে আন এক লাজৰ বিষয়। এই দলৰ নেতা-কৰ্মীয়ে গান্ধীক সমালোচনা কৰি গডছেৰ নামত মন্দিৰ নিৰ্মাণৰ প্ৰস্তাৱ দিয়ে। এনেকুৱা এক পৰ্যায়ত আহি ভাৰতবৰ্ষই ভৰি দিছে। এই পৰ্যায়ৰ পৰা দেশখনে মুক্তি পাবনে?

এতিয়া আহো গান্ধীৰ আন এক প্ৰসংগলৈ। ভাৰতৰ স্বাধীনতা আন্দোলনত কোনো ধৰণৰ ভূমিকা নথকা কেতবোৰ দল-সংগঠনৰ নেতাই দাবী কৰে যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতা আছিল চৰ্দাৰ বল্লভভাই পেটেলৰ। জৱাহৰলাল নেহেৰুৱেহে ৰাজনীতি কৰি পেটেলক বঞ্চিত কৰিছিল! এই ধৰণৰ অবান্তৰ কথা কোৱা ৰাজনৈতিক দলৰ নেতাই পেটেলক কংগ্ৰেছৰ পৰা হাইজেক কৰি নিজ দলৰ নেতা নিৰ্বাচন কৰি ভাৰতবৰ্ষৰ জনসাধাৰণক দেখুৱাব খুজিছে যে স্বাধীনতা আন্দোলনত তেওঁলোকৰ আদৰ্শৰ অনুগামী নেতাই আগভাগ লৈছিল।

প্ৰশ্ন উঠে, নেহৰুৱে ৰাজনীতি কৰি পেটেলক প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা বঞ্চিত কৰিছিল নেকি? ইতিহাসৰ পাত লুটিয়ালে এটা কথা প্ৰতীয়মান হয় যে ভাৰতবৰ্ষৰ জনসাধাৰণক আজি যিদৰে গান্ধীয়ে প্ৰভাৱান্বিত কৰি আছে, স্বাধীনতা আন্দোলনতো দেশৰ জনতা আৰু আন্দোলনৰ নেতৃত্ব দিয়া কংগ্ৰেছকো বাট দেখুৱাইছিল গান্ধীয়ে। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ লগে লগে দেশ বিভাজনৰ দাবীত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়। গান্ধীৰ লগতে নেহৰু আৰু পেটেলে পৰিস্থিতি চম্ভালিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। তেওঁলোকে মহম্মদ আলী জিন্নাক দেশ বিভাজনৰ আকোৰগোজ স্থিতি পৰিহাৰ কৰিবলৈ অনুৰোধ কৰিছিল। গান্ধীয়ে নিজে জিন্নাক সাক্ষাৎ কৰি দেশ বিভাজনত সন্মতি নজনাবলৈ অনুৰোধ কৰিছিল। এই ইতিহাস ইয়াত উল্লেখ কৰিব বিচৰা নাই।

যেতিয়া দেশ বিভাজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল আৰু ভাৰত আৰু পাকিস্তান নামৰ দুখন দেশ গঠনৰ আনুষ্ঠানিকতা সম্পন্ন হ’ল, তেতিয়া লক্ষাধিক লোক ভাৰতৰ পৰা পাকিস্তানলৈ আৰু পাকিস্তানৰ পৰা ভাৰতলৈ আগমন ঘটিল। এই সময়ত দুটা বিশেষ শক্তিয়ে ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা কৰে। দেশ বিভাজনৰ সময়ত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত কিমান লোকৰ মৃত্যু হ’ল, তাৰ কোনো সঠিক তথ্য আজিলৈকে নোলাল। দেশ বিভাজন আৰু সাম্প্ৰদায়িক সংঘৰ্ষত ভাগৰুৱা ভাৰতক নেতৃত্ব দিবৰ বাবে নেহৰু আৰু পেটেলৰ মাজত কোন যোগ্য হ’ব, সেই সিদ্ধান্ত গান্ধীয়ে গ্ৰহণ কৰিছিল। আৰু এতিয়া প্ৰমাণিত হৈছে যে গান্ধীয়ে গ্ৰহণ কৰা সেই সিদ্ধান্ত আছিল অতি দূৰদৰ্শী। দেশ বিভাজনৰ সময়ত চৰ্দাৰ পেটেলৰ বয়স হৈছিল ৭২ বছৰ। দেশ বিভাজনৰ সময়ত পণ্ডিত জৱাহৰলাল নেহৰুৰ বয়স আছিল ৫৮ বছৰ। পণ্ডিত নেহৰু আৰু পেটেলৰ মাজত বয়সৰ ব্যৱধান আছিল ১৪ বছৰৰ। ভগ্ন অৰ্থনীতি আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰে জুৰুলা হোৱা ভাৰতবৰ্ষই দীঘলীয়া সংগ্ৰামৰ শেষত স্বাধীনতা লাভ কৰিও আন এক বিপৰ্যয়ৰ সন্মুখীন হৈছিল। এই বিপৰ্যয়ৰ পৰা ভাৰতবৰ্ষক বচাবলৈ এজন ডেকা, কৰ্মপটু, উচ্চ শিক্ষিত, গতিশীল নেতাৰ প্ৰয়োজনীয়তাৰ কথা মহাত্মা গান্ধীয়ে বৰকৈ অনুভৱ কৰিছিল। পেটেলৰ স্বাস্থ্য তেতিয়া উদ্বেগজনক আছিল। কিয়নো স্বাধীনতা আন্দোলনৰ সময়ত পেটেল বিভিন্ন ধৰণৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ ৰুগীয়া হৈ পৰিছিল।

গান্ধীৰ দূৰদৰ্শিতা ইয়াতে প্ৰতিফলিত হৈছিল। নিঃস্বাৰ্থভাৱে গান্ধীয়ে ভগ্ন অৰ্থনীতি আৰু সাম্প্ৰদায়িক সংঘৰ্ষত বিপৰ্যয়ৰ গৰাহত পৰা ভাৰতক প্ৰধানমন্ত্ৰীৰ আসনত বহি সন্মুখৰ পৰা নেতৃত্ব দিবলৈ নেহৰুক নিৰ্বাচন কৰিছিল। নেহৰুক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰি গান্ধীয়ে পৰম সুখ অনুভৱ কৰিছিল। নাথুৰাম আৰু তেওঁৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত মানুহবোৰৰ বাহিৰে ভাৰতবৰ্ষৰ প্ৰতিজন লোকে আজিও শতেকবাৰ চিঞৰি চিঞৰি ক’ব খোজে যে ভাৰতবৰ্ষক আটাইতকৈ ভালপোৱা মানুহজন আছিল গান্ধী। গান্ধীয়ে এই ভালপোৱাৰ উপহাৰ হিচাপে ৫৮ বছৰীয়া এজন মানুহক প্ৰধানমন্ত্ৰী পতাৰ বিনিময়ত ভাৰতবৰ্ষই নেহৰুৰ কাৰ্যকালত লাভ কৰিছিল- দুখনকৈ আই আই টি, যোজনা আয়োগ, এইমছ, ভাবা পৰমাণু অনুসন্ধান কেন্দ্ৰ, ভাৰতীয় ইস্পাট প্ৰাধিকৰণ, ভিলাই ষ্টিল প্ৰকল্প, অ’ এন জি চি, ৰক্ষা অনুসন্ধান আৰু বিকাশ সংস্থা, আই আই এম, নেছনেল বুক ট্ৰাষ্ট, ইছৰো আদি। আজিৰ ভাৰতবৰ্ষই যিবোৰ সম্পদক লৈ পৃথিৱীবাসীৰ সন্মুখত গৌৰৱ কৰে, সেইবোৰৰ অধিকাংশই নেহৰুৰ কাৰ্যকালত স্থাপিত।

এই প্ৰসংগতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে চল্লিশৰ দশকত ভাৰতত স্বাস্থ্যখণ্ডৰ অৱস্থা একেবাৰে শোচনীয় আছিল। তেতিয়া মানুহৰ গড় আয়ুস আছিল ৩২ বছৰ। এতিয়া ভাৰতীয় মানুহৰ গড় আয়ুস ৬৯ বছৰ। যি সময়ত ভাৰতীয় মানুহৰ গড় আয়ুস ৩২ বছৰ আছিল, সেই সময়ত ৭২ বছৰীয়া এজন মানুহক আলৰ বৃদ্ধ হিচাপে চিহ্নিত কৰা হৈছিল। প্ৰখৰ বুদ্ধিমত্তাসম্পন্ন গান্ধীয়ে ভাৰতক নেতৃত্ব দিবৰ বাবে পেটেলক নিৰ্বাচন নকৰাৰ এটা প্ৰধান কাৰণ বয়সো বুলি ক’ব পাৰি! ভাৰতবৰ্ষৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী হিচাপে পেটেলে দায়িত্ব গ্ৰহণ কৰাৰ তিনি বছৰৰ পাছতে অৰ্থাৎ ১৯৫০ চনৰ ১৫ ডিচেম্বৰত হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।

গান্ধীৰ দূৰদৰ্শিতাৰ বাবে নেহৰুৰ নেতৃত্বত ভাৰতে সাম্প্ৰদায়িক সংঘৰ্ষ আৰু বিপৰ্যয়ৰ বিৰুদ্ধে যুঁজ দিলে। সেই সময়ত ভাৰতত প্লেগ, যক্ষ্মা, কলেৰা, হাইজা ৰোগেও মহামাৰীৰ ৰূপ লৈছিল। খাদ্য সংকট আছেই‌। এনে সময়ত নেহৰুক দেশ নেতা হিচাপে গান্ধীয়ে নিৰ্বাচন কৰাটো যে সঠিক সিদ্ধান্ত আছিল আজি ভাৰতবাসীয়ে মানি লৈছে। এই যুঁজৰ ফলাফলৰ ধাৰাবাহিকতা আজিৰ ভাৰতবৰ্ষ। গান্ধীয়ে যিটো ভুল নকৰিলে, সেই ভুল মহম্মদ আলী জিন্নাই কৰাৰ পৰিণাম আজিও পাকিস্তানে ভোগ কৰিছে। ধৰ্মীয় উন্মাদনা, সাম্প্ৰদায়িক সংঘৰ্ষই পাকিস্তানক সন্ত্ৰাসবাদীৰ ঘাটিত পৰিণত কৰিছে। পাকিস্তানত গণতন্ত্ৰ বুলিবলৈ একো নাই। ইয়াৰ বাবে জিন্নাকে বহুতে দায়ী কৰে। জিন্নাই পাকিস্তানৰ ৰাষ্ট্ৰনেতা হিচাপে দায়িত্ব লওঁতে বয়স হৈছিল ৭১ বছৰ। ৩২ বছৰ গড় আয়ুসৰ দেশ এখনত ৭১ বছৰীয়া এজন বৃদ্ধ আৰু ৰুগীয়াই কিদৰে নেতৃত্ব দিব পাৰে! পাকিস্তানৰ নেতৃত্ব ল’বৰ সময়ত জিন্না যক্ষ্মা ৰোগত আক্ৰান্ত হৈ আছিল। মাত্ৰ এবছৰ দেশ চলোৱাৰ পাছতে ১৯৪৮ চনৰ ১১ ছেপ্টেম্বৰত যক্ষ্মা ৰোগতে আক্ৰান্ত হৈ জিন্নাৰ মৃত্যু হয়। যি সময়ত ভাৰতবৰ্ষৰ দায়িত্ব লৈ নেহৰুৱে এখন বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে উজলি উঠা দেশ নিৰ্মাণত আত্মোসৰ্গ কৰিছিল, সেই সময়ত পাকিস্তানত জিন্নাৰ আকস্মিক মৃত্যুত দেশবাসীৰ মনোবল ভাগি গৈছিল। আৰম্ভণিতে ৰাষ্ট্ৰনেতাৰ আকস্মিক বিয়োগত পাকিস্তান দিশহাৰা হৈ পৰে। সেই যে ১৯৪৮ চনতে পাকিস্তানৰ কঁকাল পৰিল আজিলৈকে দাঙিব নোৱাৰিলে।

গান্ধীৰ দূৰদৰ্শিতা ক’ত ইয়াৰ পাছত নাথুৰামৰ অনুগামীসকলে প্ৰশ্ন নকৰাই ভাল!

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24jitumoni bora
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?
জীৱনশৈলী

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

September 9, 2026
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক
বিশ্ব

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

September 9, 2026
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
Next Post

ক’লৈ গ’ল পৰিমল শুক্লবৈদ‍্যৰ গাড়ীচালকগৰাকী?

ক’ৰোনা টেষ্ট নহয়, ক’ৰোনাক আদৰাৰ কুচকাৱাজ!

ক’ৰোনা টেষ্ট নহয়, ক’ৰোনাক আদৰাৰ কুচকাৱাজ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.