অসম লাইভ ২৪ঃ পুনৰ বিৰ্তকত মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়৷ চিকিৎসালয়ৰ হেমাহিত পুনৰ প্ৰাণ হেৰুৱালে আৰু এজন যুৱকে৷ বিৰ্তকই লগ এৰা দিয়া নাই মাজুলীৰ পিতাম্বৰ দেৱ জিলা অসামৰিক চিকিৎসালয়ক৷ মানস, তেজস্বীতাৰ পিছত এইবাৰ প্ৰাণ হেৰুৱালে আদিত্য পায়েঙে৷
১৫ দিনৰ ভিতৰত দুগৰাকী লোকৰ মৃত্যুৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসালয়খনৰ বিৰুদ্ধে৷ উল্লেখ্য যে মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত ফুলেশ্বৰীৰ নিবাসী আদিত্য পায়েংৰ বুকুৰ বিষৰ বাবে নিশা ২মান বজাত পৰিয়ালৰ লোকে গড়মূৰ জিলা চিকিৎসালয়লৈ নিজা গাড়ীৰে লৈ যায়৷ হাস্পতালত ভৰ্তি কৰোৱাৰ পিছতেই চিকিৎসক নথকাত পৰিয়ালৰ লোকে এঘণ্টা সময় ধৰি ফোন যোগে চিকিৎসালয়লৈ আহিবলৈ অনুৰোধ জনোৱাৰ পিছতো চিকিৎসক হাস্পতালত উপস্থিত নহ’ল৷
চিকিৎসক উপস্থিত নোহোৱাত চিকিৎসালয়ত থকা নাৰ্চে এটা বেজী দিয়ে আদিত্যক৷ বেজীটো দিয়াৰ পিছতেই আদিত্যৰ শৰীৰ হালধীয়া হোৱা দেখা গৈছিল বুলি অভিযোগ আনিছে পৰিয়ালৰ লোকে৷ হালধীয়া পৰাত গড়মূৰ জিলা চিকিৎসালয়ে উন্নত চিকিৎসাৰ বাবে লক্ষীমপুৰলৈ প্ৰেৰণ কৰে আদিত্যক৷ আদিত্যক লখিমপুৰলৈ নিবৰ বাবে বাৰম্বাৰ ১০৮ এম্বুলেঞ্চ সেৱাত ফোন লগায়ো কোনো সঁহাৰি নোপোৱাৰ ক্ষন্তেক সময়ৰ পিছতেই মৃত্যুক সাবটি লয় আদিত্যই বুলি অভিযোগ আনিছে আদিত্যৰ পৰিয়ালে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ