ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ কটাক্ষ কৰিলে সংবাদমেলত। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ বাবেই অহা ১৮জানুৱাৰীত মাজুলী যাত্ৰা বাতিল কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মঙলবাৰে এক সংবাদমেলত এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ৰাহুল গান্ধীৰ যাত্ৰাৰ বাবেই ১৮জানুৱাৰীৰ মোৰ মাজুলী যাত্ৰা বাতিল কৰিছো। কিয়নো মাজুলী যথেষ্ট এখন সৰু জিলা আৰু প্ৰশাসনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মই সেইদিনাৰ মাজুলী যাত্ৰা বাতি কৰিছো।”
আনহাতে উক্ত দিনটোত যোৰহাটত এক বিশেষ অনুষ্ঠানত উপস্থিত থাকিম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ১৮জানুৱাৰীত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা উপস্থিত হ’বহি যোৰহাট জিলাত। উক্ত দিনটোতে মাজুলীত ৰেচন কাৰ্ড বিতৰণ আৰু ভাওনা সমাৰোহত অংশ লোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ