• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
MAKE MONEY

শ্বেয়াৰ বজাৰ আৰু ডিমেট একাউণ্ট

4 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

2 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

3 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

4 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

5 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

6 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

7 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

8 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

8 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

8 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

শ্বেয়াৰ বজাৰ আৰু ডিমেট একাউণ্ট

editor by editor
February 4, 2022
in লেখা
0
MAKE MONEY

make-15-thousand-rupees-monthly-through-share-market

0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইয়াৰ পূৰ্বৰ লেখাত আমি শ্বেয়াৰ মাৰ্কেটৰ কিছু মৌলিক বিষয় আলোচনা কৰিছোঁ। এই ব্যৱসায়ৰ বাবে ডিমেট বা ট্ৰেডিং একাউণ্ট অতি জৰুৰী।বেংকত ধন জমা ৰাখিবলৈ যিদৰে চেভিংছ একাউণ্ট থাকিব লাগে, ঠিক তেনেদৰে শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিবলৈ বা ব্যৱসায় কৰিবলৈ ডিমেট একাউণ্টৰ প্ৰয়োজন হয়।

ষ্টক এক্সেঞ্জৰ ট্ৰেডিং মেম্বাৰ অথবা ব্ৰোকিং কোম্পানী সমূহত ডিমেট একাউণ্ট খুলিব পাৰি। আজি কালি বেংকসমূহতো ডিমেট একাউণ্ট খোলাৰ ব্যবস্থা আছে। অৱশ্যে বেংকত ডিমেট একাউণ্ট খুলিলে গ্ৰাহকে, প্ৰশাসনীয় ব্যয় বা একাউণ্টটো চোৱা-চিতা কৰাৰ বাবদ কিছু অতিৰিক্ত ধন আদায় দিবলগীয়া হয়। কিয়নো অধিকাংশ বেংকে অন্য কোনো ব্ৰোকিং কোম্পানীৰ জৰিয়তে শ্বেয়াৰৰ বেচা কিনা কৰে।

আনহাতে কিছু সংখ্যক বেংক ষ্টক এক্সেঞ্জৰ ট্ৰেডিং মেম্বাৰ হিচাপেও পঞ্জীয়নভুক্ত হৈছে। ব্ৰোকিং কোম্পানী আৰু বেংকসমূহে শ্বেয়াৰ বেচা কিনা কৰাৰ বাবদ গ্ৰাহকৰ পৰা কমিছন হিচাপে সামান্য ধন আদায় লয়। সাধাৰণতে এই কমিছন এক শতাংশৰ পৰা পাঁচ শতাংশ পৰ্যন্ত হ’ব পাৰে। অবশ্য দৈনিক বেচা কিনা কৰিলে কমিছনৰ হাৰ ০.০২ শতাংশৰ পৰা সৰ্বাধিক ০.১০ শতাংশও হ’ব পাৰে।ডিমেট একাউণ্ট খোলাৰ সময়ত এই বিষয়সমূহ আলোচনা কৰা উচিত। পৰবৰ্তী সময়ত ডিমেট একাউণ্টৰ অন্য কাৰিকৰী দিশসমূহ আলোচনা কৰা হ’ব।

কিন্তু শ্বেয়াৰ মাৰ্কেটৰ মূল বিষয়টো হ’ল শ্বেয়াৰ কিনা বেচা কৰি লাভ আৰ্জন কৰাতো। ইয়াৰ একেবাৰে সাধাৰণ প্ৰক্ৰিয়াটো হৈছে – এটা শ্বেয়াৰ কম দামত কিনি বেছি দামত বিক্ৰী কৰা। এই ক্ষেত্ৰত সততে মনত ৰাখিব লগীয়া কথাটো হ’ল কিনা বেচা দামৰ পাৰ্থক্য অতি কমেও দুই শতাংশ হ’ব লাগে। কিয়নো শ্বেয়াৰ কিনা বেচা প্ৰক্ৰিয়াত চৰকাৰক আদায় দিবলগীয়া কৰ আৰু ব্ৰোকিং কোম্পানীৰ কমিছনত ০.৫০ শতাংশ ধন ব্যয় হ’ব।

এই খিনিতে এটা উদাহৰণ দিছোঁ। ধৰিলোৱা হৈছে ডিছ টিভি কোম্পানীৰ শ্বেয়াৰ এটা দহ টকাত কিনা হ’ল। তেন্তে এই শ্বেয়াৰটো সৰ্বনিম্ন ১০.২০ টকা দৰত বিক্ৰী কৰিলে এক শতাংশ লাভ পোৱা হয়। অৱশ্যে এয়া এক উদাহৰণ মাত্ৰ। সাধাৰণতে সক্ৰিয় শ্বেয়াৰ সমূহ দিনটোতে ১৫ শতাংশ পৰ্যন্ত বঢ়া টুটা হয়। অৰ্থাৎ শ্বেয়াৰ কিনা বেচা কৰি এদিনত ১৫ শতাংশ লাভ আৰ্জন কৰাতো বৰ টান কাম নহয়।

অৰ্থাৎ শ্বেয়াৰ বজাৰত এক লাখ টকা বিনিয়োগ কৰি প্ৰতি দিনে ১৫,০০০/- টকা উপাৰ্জন কৰিব পাৰি। অৱশ্যে তাৰবাবে ১৫/২০টা কোম্পানীৰ শ্বেয়াৰ বঢ়া টুটা কৰাৰ গতিবিধিত সুক্ষ্ম নজৰ ৰাখিব লাগে।

কিন্তু শ্বেয়াৰ বজাৰত দাম বৃদ্ধি আৰু হ্ৰাসৰ ক্ষেত্ৰত যিকোনো ধৰণৰ ঘটনা ঘটিব পাৰে। কেতিয়াবা শ্বেয়াৰ এটা কিনাৰ পাছত তাৰ দাম হঠাৎ অস্বাভাৱিক হাৰত কমিবলৈ ধৰে। তেতিয়া বিনিয়োগকাৰী শংকিত হয় আৰু কম দামত শ্বেয়াৰ বিক্ৰী কৰে।পৰিণতিত তেওঁৰ লোকচান হয়। তেনে লোকৰ মনত শ্বেয়াৰ বজাৰ সম্পৰ্কত ভ্ৰান্ত ধাৰণা গঢ়ি উঠে।

আনহাতে ইয়াৰ বিপৰীত ঘটনাও ঘটে। শ্বেয়াৰ এটা কিনাৰ পাছত হঠাৎ ইয়াৰ দাম ২০ শতাংশলৈ বৃদ্ধি হয়। তেতিয়া বিনিয়োগকাৰীয়ে সন্তুষ্টি লাভ কৰে। কিন্তু জানিবলগীয়া কথাটো হ’ল শ্বেয়াৰ মাৰ্কেটত এটা শ্বেয়াৰ কিনাৰ পাছত তাৰ দাম বহু কমিলেও যথেষ্ট লাভ আৰ্জন কৰিব পাৰি। তৰবাবেও ইয়াত ব্যৱস্থা আছে। যিটো আন কোনো ব্যৱসায়ত নাই।

শ্বেয়াৰৰ দাম কমিলেও কেনেদৰে লাভ উপাৰ্জন কৰিব পাৰি সেই বিষয়ে পৰবৰ্তী লেখাত আলোচনা কৰা হ’ব। শেষত আমি ক’ব পাৰো যে, শিকি বুজি ল’লে শ্বেয়াৰ বজাৰত লোকচানৰ কোনো সম্ভাৱনা নাথাকে।

– মানৱেন্দ্ৰ কুমাৰ দাস

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24make moneymake money onlineshare market tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
Next Post
আজি সৰস্বতী পূজা, প্ৰচণ্ড শীতৰ মাজতে বাগদেৱী বীণাপানিৰ  বন্দনাত মুখৰ ৰাজ্য

আজি সৰস্বতী পূজা, প্ৰচণ্ড শীতৰ মাজতে বাগদেৱী বীণাপানিৰ বন্দনাত মুখৰ ৰাজ্য

মা সৰস্বতী কেতিয়া বিতুষ্ট হয়?

মা সৰস্বতী কেতিয়া বিতুষ্ট হয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.