ডিউটিৰ পৰা ঘৰলৈ উভতিছিল স্বামী৷ কিন্তু ঘৰলৈ আহিলেই দেখে যে ঘৰৰ দুৱাৰ খোলা যদিও পত্নী ঘৰত নাই৷ কিছুক্ষণ ঘৰত ৰোৱাৰ পাছত স্বামী ছাদৰ ওপৰলৈ যায়৷ ছাদৰ দুৱাৰৰ কাষত ঠিয় হৈয়েই চকু থৰ হৈ ৰৈ যায় স্বামীৰ৷ তাতেই পত্নীয়ে অন্য এগৰাকী পুৰুষৰ সৈতে ঘনিষ্ঠ মুহূৰ্ত উপভোগ কৰিছে৷ তাৰপিছতেই স্বামীৰ সৈতে ঘটিল নঘটিবলগীয়া ঘটনা৷
সৰ্বভাৰতীয় সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি ঘটনাটো ঘটিছে গুৰগাওঁত৷ আৰক্ষীয়ে জনোৱা অনুসৰি মঙলবাৰে পুৱাই এই ঘটনা ঘটিছে৷ মৌছুম নামৰ যুৱকজন পেছাত কেব চালক৷ নাইট ডিউটি কৰি পুৱা ঘৰলৈ উভতিছিল মৌছুম৷ তেতিয়াই তেওঁ পত্নীক অন্য পুৰুষৰ সৈতে যৌনতাত লিপ্ত হোৱা দেখা পায়৷
মৌছুমে জনাইছে যে ঘৰত পত্নীক নেদেখি তেওঁ ছাদলৈ উঠি গৈছিল৷ তাতেই প্ৰেমিকৰ সৈতে পত্নীক হাতে লোটে ধৰা পেলায়৷ ছাদত স্বামীক হঠাৎ দেখা পায় পত্নীৰ নতুন প্ৰেমিকে তেওঁৰ মূৰত বন্দুক থৈ প্ৰাণে মৰাৰ ধমকি দিয়ে৷ আনকি পত্নী আৰু প্ৰেমিকে মিলি তেওঁক মাৰধৰো কৰে৷ ইয়াৰপাছতেই পত্নীয়ে তেওঁক একেবাৰে শেষ কৰি দিয়াৰ ধমকি দিয়ে৷ স্বামীৰ কান্দোনৰ সুৰ শুনি প্ৰতিবেশী ওচৰ চাপি আহে৷ তেতিয়াই সেই স্থান ত্যাগ কৰে প্ৰেমিক আৰু পত্নীয়ে৷ ইতিমধ্যে পত্নী আৰু সেই পুৰুষৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে যুৱকে৷ অভিযুক্তক বিচাৰি তালাচি অভিযানো আৰম্ভ কৰিছে আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ