অসম লাইভ ২৪ঃ মঙল গ্ৰহ মানুহৰ বাসোপযোগী হয়নে নহয়, এই বিষয়ত ‘নাছা’ই গৱেষণা চলাই আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে মঙল গ্ৰহলৈ পুনৰ যান পঠালে নাছাই। ৰ’ব’ট বিজ্ঞানীক লৈ মঙল গ্ৰহলৈ উৰা মাৰিছে ‘পাৰচিভিয়াৰেন্স’। বৃহস্পতিবাৰে ভাৰতীয় সময় মতে বিয়লি ৫.২০ বজাত আমেৰিকাৰ ফ্ল’ৰিডাৰ কেপ কান্নাভেৰাল এয়াৰফোর্ছ ষ্টেচনৰ পৰা ৰাওনা হয় এই মঙল যান ‘পাৰচিভিয়াৰেন্স’।এই যানখন মঙল গ্ৰহত উপস্থিত হ’ব ২০২১ বর্ষৰ ১৮ ফ্ৰেব্ৰুৱাৰীত। যানখনে মঙলৰ মাটি আৰু শিল পৃথিৱীলৈ পঠিয়াব। এই মাটি আৰু পাথৰৰ পৰাই বিজ্ঞানীসকলে ৰঙা গ্ৰহটোৰ সম্বন্ধে অনেক নতুন তথ্য জানিব পৰা যাব বুলি আশা কৰিছে। ইয়াৰ পৰাই মঙল গ্ৰহৰ বায়ু-মাটি বসতিৰ অনুকূল হয়নে নহয়, সেই কথা স্পষ্ট হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















