অসম লাইভ ২৪ঃ বলীউড অভিনেতা ছনু ছুডৰ প্ৰশংসনীয় কার্য। লকডাউনৰ সময়ছোৱাত অভিনেতাগৰাকীয়ে দুখীয়া-নিচলাক যথেষ্ট সহায় কৰি আহিছে। এইবাৰ আন এক গুৰুত্বপূর্ণ সিদ্ধান্ত ছনু ছুডৰ। ৩০ জুলাইত ছনু ছুডৰ আছিল জন্মদিন। এই বিশেষ দিনটো উপলক্ষে দৰিদ্ৰ শ্ৰমিকসকলৰ বাবে এটা বিশেষ উদ্যোগৰ কথা ঘোষণা কৰিলে অভিনেতাগৰাকীয়ে। লকডাউনত যিসকল শ্ৰমিকে চাকৰি হেৰুৱাইছে তেওঁলোকৰ বাবে ৩ লাখ কর্মসংস্থাপনৰ কথা ঘোষণা কৰিলে ছনু ছুডে। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে- ‘মোৰ জন্মদিন উপলক্ষে এটা সৰু উদ্যোগ ‘প্ৰবাসী ৰোজগাৰ ডট কম’। য’ত অতিকমেও ৩ লাখ লোকে চাকৰিৰ সুযোগ লাভ কৰিব। এই চাকৰিত ভাল দৰমহা, PF, ESI আৰু অন্যান্য সকলো সুবিধা লাভ কৰিব শ্ৰমিকসকলে।’ জানিব পৰা যায় যে দেশৰ স্বেচ্ছাসেৱী সংগঠন, ষ্টার্ট এপ, চৰকাৰী সংস্থাসহ ৫০০টা কোম্পানীয়ে সহায় কৰিছে ছুডৰ এই এপটোত। শ্ৰমিকৰ কামৰ দক্ষতা চাই সেই অনুযায়ী চাকৰি দিয়া হ’ব বুলি জনাইছে অভিনেতাগৰাকীয়ে। এই চাকৰিৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰি দিছে অভিনেতাগৰাকীয়ে। উল্লেখযোগ্য যে ইয়াৰ পূর্বে অন্ধ্ৰপ্ৰদেশৰ দৰিদ্ৰ কৃষকক আৰু বিহাৰৰ বানত ক্ষতিগ্ৰস্ত লোকক সাহার্য আগবঢ়াইছিল বলীউডৰ অভিনেতাগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ