বৈদিক জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাশি নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ৷ কেতিয়াবা কেতিয়াবা গ্ৰহৰ ঘৰ সলনিয়ে বিশেষ যোগ তৈয়াৰ হয় যিয়ে ১২ ৰাশিৰ জীৱনত শুভ অশুভ প্ৰভাৱ পেলায়৷ আজি মঙলবাৰে নক্ষত্ৰ পৰিবৰ্তন হোৱাত ৪ ৰাশিৰ জীৱনলৈ ইতিবাচক সালসলনি আহিব৷
জ্যোতিষশাস্ত্ৰত, মঙলক সাহস, শক্তি আৰু বীৰত্বৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ কোষ্ঠীত মঙল অৰ্থাৎ সেনাপতি গ্ৰহ শক্তিশালী হ’লে ভাগ্য সকলোসময়তে কাষত থাকে৷ মঙলৰ অৱস্থান যদি অশুভ হয় তেন্তে জীৱনত উন্নতিৰ পথত বাধা আহে৷ আজি ২৩ জুলাইৰ পুৱা ৮.৫০ মিনিটত মঙলে উত্তৰাফাল্গুনী নক্ষত্ৰত গোচৰ কৰিব৷
এই নক্ষত্ৰৰ অধিপতি হৈছে গ্ৰহৰ ৰজা সূৰ্য৷ বৰ্তমান মঙল গ্ৰহই সূৰ্যৰ ৰাশিচক্ৰ সিংহ ৰাশিত অৱস্থান কৰিছে আৰু এই ৰাশিৰ পৰাই মঙলে সূৰ্যৰ ৰাশিত প্ৰৱেশ কৰিব৷ আগন্তুক ১৩ আগষ্ট পৰ্যন্ত উত্তৰ ফাল্গুনীত থাকিব গ্ৰহৰ সেনাপতি৷ অন্যহাতে ২৮ জুলাইত কন্যা ৰাশিত প্ৰৱেশ কৰিব মঙলে৷
জ্যোতিষ বিশেষজ্ঞসকলৰ মতে উত্তৰাফাল্গুনী নক্ষত্ৰক প্ৰতিপত্তি, সৃজনশীলতা, শক্তি আৰু সাফল্যৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়৷ একেলগে সূৰ্য আৰু মঙলৰ মাজত বন্ধুত্বৰ সম্পৰ্ক থকাত এই গোচৰৰ কাৰণে ভাগ্যৰ চকা ঘূৰিব ৪ ৰাশিৰ জাতকৰ৷ অৰ্থ-যশ-খ্যাতিৰে ভৰিব সেইসকল ৰাশিৰ জাতক জাতিকাৰ জীৱন৷ তালিকাত আপুনিও আছেনে?
মিথুন ৰাশি
মঙলৰ প্ৰভাৱত মিথুন ৰাশিৰ অৰ্থভাগ্য সলনি হব৷ বহু দিন ৰৈ থকা ধন লাভ কৰিব পাৰে৷ লটাৰী কাটিলে কিংবা ডাঙৰ কোনো বিনিয়োগ কৰিলেও লাভৱান হব৷ যিকোনো কামত সাফল্যৰ যোগ আছে৷ ঋণৰ বোজা কমিব৷ আয়ৰ নতুন সন্ধান পাব৷ সন্তানৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷ কৰ্মক্ষেত্ৰত কামৰ অনুকূল পৰিবেশ থাকিব৷ পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ পৰিয়ালত মাটি সম্পত্তি সংক্ৰান্তিয় সমস্যা থাকিলে দূৰ হব৷
সিংহ ৰাশি
মঙলৰ গোচৰত সিংহ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সুদিন উভতিব৷ আয়ৰ নতুন উৎসৰ সন্ধান পাব পাৰে৷ শ্বেয়াপ বজাৰত ধন লগালে ভৱিষ্যতে লাভ পাব৷ লটাৰীৰ টিকট কাটিলে লাভ হব পাৰে৷ কেৰিয়াৰত প্ৰভাৱশালী ব্যক্তিৰ সৈতে দেখা হব পাৰে৷ এই চিনাকিয়ে আগন্তুক দিনত পেছাগত জীৱনত লাভৱান কৰিব আপোনাক৷ মনত অযথা কোনো নেতিবাচক চিন্তাক স্থান নিদিব৷ প্ৰেম জীৱনত সুখ থাকিব৷
বৃশ্চিক ৰাশি
মঙলৰ নক্ষত্ৰ পৰিবৰ্তনে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ জীৱনত শুভ প্ৰভাৱ পেলাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ নতুন চাকৰিৰ সুযোগ পাব পাৰে৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে ডাঙৰ বিনিয়োগ কৰিব পাৰে৷ লটাৰী জিকাৰো যোগ আছে৷ আৰ্থিক দিশৰ পৰা জীৱন আৰু সুৰক্ষিত হব পাৰে৷ বহু দিন ধৰি কোনো কাম ৰৈ থাকিলে এইবাৰ শেষ কৰিব পাৰিব৷ স্বাস্থ্যৰ উন্নতি হব৷ দাম্পত্যৰ সমস্যা দূৰ হব৷ সন্তানৰ স্বাস্থ্য ভালে থাকিব৷
তুলা ৰাশি
মঙলৰ প্ৰভাৱত তুলা ৰাশিৰ জাতক জাতিকাৰ জীৱনত দুশ্চিন্তা দূৰ হব৷ আয়ৰ নতুন উৎস বিচাৰি পাব পাৰে৷ শ্বেয়াৰ বজাৰত অৰ্থ লগালে লাভ হব৷ দাম্পত্যত সুখ থাকিব৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷ কোনো কাম আত্মবিশ্বাসৰ সৈতে কৰিলে সাফল্য পাব৷ মনত অযথা কোনো নেতিবাচক চিন্তাক ঠাই নিদিব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব পাৰে৷ দৰমহা বঢ়াৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















