ভয়ংকৰ অগ্নিকাণ্ড, ডিব্ৰুগড়ৰ ১২০ বছৰীয়া চাহ বাগিচাৰ ফেক্টৰী জ্বলি ছাৰখাৰ
ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় চাহ বাগিচাৰ ১২০ বছৰীয়া ফেক্টৰীত নিশা বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জাহ যায় এটা কোটি টকীয়া শীতল গৃহ।
নিশা প্ৰায় ৯.৪৫ মান বজাত হঠাৎ ফেক্টৰীটোত অগ্নিকাণ্ডৰ সংঘটিত হোৱা কাৰণ শ্বৰ্ট-চাৰ্কিট বুলি বাগিচাখনৰ স্বাত্বাধিকাৰীয়ে জানিবলৈ দিছে। এই অগ্নিকাণ্ড ইমাননেই ভয়ংকৰ আছিল যে চাবুৱাৰ কেইবাখনো গাঁৱলৈ আগুৰি ধৰে ধোঁৱা।
খবৰ লাভৰ পাছতে চাবুৱা, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ পৰা মূঠ ৭ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপিত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয়। কিন্তু তেতিয়ালৈকে প্ৰায় সকলো জ্বলি ছাৰখাৰ হৈ পৰে।
অগ্নিকাণ্ড সংঘটিত হোৱা শীতল গৃহটোত বহু টকাৰ কেঁচা চাহ পাত আছিল বুলি জানিবলৈ দিয়ে ফেক্টৰীৰ মালিকে। কেঁচা চাহপাতৰ লগতে বিশাল শীতল গৃহটো জুইত জাহ যায়।
অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰে যদিও শীতল গৃহটো ৰক্ষা কৰিব নাযায়। কিন্তু আন এটা বিশাল গৃহ আৰু চাহপাত উৎপাদন কৰা প্ৰধান কেন্দ্ৰটো অগ্নি সংযোগ হৈছিল কিন্তু সময়তে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে।
বাগিচা খনৰ সকলো শ্ৰমিক ফেক্টৰীটোলৈ আহি অগ্নি নিৰ্বাপন কৰাত সহযোগিতা কৰে। এই অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কত মালিক পক্ষই কাৰণ অৱগত কৰিলেও শত বৰ্ষ গৰকা কলঘৰটোত কোম্পানীটোৱে আপাতকালীন পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ নিজাববীয়া কোনো পানীৰ ব্যৱস্থা থকা পৰিলক্ষিত নহয়।
কিয়নো যিকোনো আপাতাকালীন পৰিস্থিতি প্ৰাথমিক পৰ্যায়ত ব্যৱস্থা ল’ব পৰা সুকীয়া ব্যৱস্থা ৰখাৰ জৰুৰী। ঐতিহাসিক চাহ বাগিচাখনৰ ফেক্টৰীটো এনেদৰে জাহ যোৱাত শ্ৰমিক সকলে এতিয়া দুখ প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ