এক শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে দেশৰ এখন ৰাজ্য৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ৭ জনকৈ লোক অগ্নিদগ্ধ হৈ মৃত্যু হৈছে৷
দুৰ্ঘটনাটো শুকুৰবাৰে পুৱা ৬ মান বজাত কৰ্ণাটকৰ কালাবুৰাগী জিলাৰ কমলাপুৰা চহৰৰ সমীপত সংঘটিত হয়৷
লগতে পঢ়ক প্ৰতীক্ষাৰ অন্ত! শীঘ্ৰে মুক্তি পাব পঞ্চায়ত Season 3
ঘটনাৰ বিৱৰণীৰ মতে টেম্পাে আৰু এখন নৈশ বাছৰ মুখামুখি সংঘৰ্ষৰ পাছতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি ললে ৭ জনকৈ বাছ যাত্ৰীয়ে।
জানিব পৰা মতে, গোৱাৰ পৰা হায়দৰাবাদ অভিমুখী আছিল বাছখন। বাছখনত ২৯ জন যাত্ৰীয়ে যাত্ৰা কৰিছিল।
ঘটনাৰ পাছতে স্থানীয় লোকে আহতসকলক কালাবুৰাগীৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ