অসম লাইভ২৪ঃ মে মাহত দুবাৰকৈ ৰাশিৰ সলনি কৰিব বুধে৷ ইয়াৰ মাজতেই প্ৰথমে ১০ মেত বুধৰ ৰাশি পৰিবৰ্তন হ’ব৷ এই দিনটোত মীন ৰাশিৰ পৰা বাহিৰলৈ ওলাই মেষ ৰাশিত প্ৰৱেশ কৰিব এই গ্ৰহই৷ বুধক বাণী, যোগাযোগ, ব্যৱসায়, বুদ্ধি আৰু অৰ্থ ব্যৱস্থাৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ বুধে ৰাশি পৰিবৰ্তন কৰিলে প্ৰতিজন ব্যক্তিৰ জীৱনলৈ কেইটামান ক্ষেত্ৰত পৰিবৰ্তন আহেই৷ এই সময়ত তিনি ৰাশিৰ জাতকৰ সুখ-সৌভাগ্য অৰ্জন হ’ব৷ এই সময়ত কোন কোন ৰাশি বুধৰ ৰাশি পৰিবৰ্তনৰ দ্বাৰা লাভাম্বিত হ’ব জানি থওক৷
মিথুন ৰাশি
বুধৰ ৰাশি পৰিবৰ্তন মিথুন ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব৷ বুধে আপোনাৰ ৰাশিৰ আয় আৰু লাভৰ স্থানত ভ্ৰমণ কৰিছে৷ ইয়াৰোপৰি এই ৰাশিৰ অধিপতি হৈছে বুধ৷ মেষ ৰাশিত অহাৰ পাচতেই মিথুন জাতকৰ আয় অসাধাৰণ হাৰত বৃদ্ধি পাব৷ ইয়াৰোপৰি নতুন নতুন আয়ৰ উৎস হাতলৈ আহিব৷ কেৰিয়াৰত উন্নতি হ’ব পাৰে৷ বেতনবৃদ্ধিৰ ওপৰিও পদ লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে৷ আয় বৃদ্ধিৰ ফলত কোনো ডাঙৰ পৰিকল্পনা হাতত ল’ব পাৰে৷ শ্বেয়াৰ বজাৰ, বেটিং, লটাৰীত অৰ্থ লাভ কৰিব পাৰে৷ লাভৰ পূৰ্ণ যোগ আছে৷
তুলা ৰাশি
বুধৰ গোচৰ আপোনাৰ বাবে শুভ ফলদায়ী৷ আপোনাৰ ৰাশিৰ সপ্তম স্থানত এই গোচৰ হ’ব৷ অংশীদাৰীৰ কামত ভাল ফলাফল লাভ কৰিব পাৰিব৷ ঘৰ পৰিয়ালৰ মাজত আনন্দমুখৰ পৰিবেশ থাকিব৷ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক মজবুত হ’ব৷ অবিবাহিত জাতকে বিয়াৰ প্ৰস্তাৱ পাব পাৰে৷ চাকৰিয়াল জাতকৰ বেতন বৃদ্ধি হ’ব৷ পদোন্নতি সম্ভৱ৷ তুলা ৰাশিৰ জাতকৰ সমস্ত ইচ্ছা পূৰণ হ’ব৷
সিংহ ৰাশি
বুধৰ ৰাশি পৰিবৰ্তন সিংহ ৰাশিৰ জাতকৰ বাবে অনুকূল৷ নৱম স্থানত এই গোচৰ হোৱাৰ ফলত ভাগ্যৰ সংগ পাব সিংহ ৰাশিৰ জাতকে৷ আয় বৃদ্ধিৰ ফলত বৃহৎ কোনো প্ৰকল্প লগ্নি হ’ব৷ দেশ-বিদেশৰ যাত্ৰাৰ সম্ভাৱনা আছে৷ ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব৷ চাকৰিয়াল জাতকে উন্নতিৰ একাধিক সুযোগ পাব পাৰে৷ এইবাৰ সিংহ ৰাশিৰ ব্যৱসায়ীৰ জাতকে একাধিক ভাল ফল লাভ কৰিব৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় অসাধাৰণ৷ পৰীক্ষাত সফলতা লাভ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ