জ্যোতিষশাস্ত্ৰমতে এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰতিটো গ্ৰহই ৰাশি পৰিবৰ্তন কৰি থাকে৷ জ্যোতিষ শাস্ত্ৰৰ সকলোতকৈ দ্ৰুত গতিৰ গ্ৰহ হৈছে চন্দ্ৰ৷ প্ৰতি আঢ়ৈ দিনৰ মূৰে মূৰে ৰাশি পৰিবৰ্তন কৰি থাকে চন্দ্ৰই৷ আৰু আটাইতকৈ ধীৰ গতিৰ গ্ৰহ হৈছে শনি৷ শনিয়ে প্ৰতি আঢ়ৈ বছৰৰ মূৰে মূৰে ৰাশি পৰিবৰ্তন কৰি থাকে৷ চন্দ্ৰৰ পাছতেই সকলোতকৈ দ্ৰুত গতিৰ গ্ৰহ হৈছে গ্ৰহৰ ৰাজকুমাৰ বুধ৷ আগন্তুক ৭ মেত বুধে মঙ্গলৰ ৰাশি মেষত প্ৰৱেশ কৰিব৷ তাৰপাছতেই ২৩ মে ২০২৫ত বৃষ ৰাশিত প্ৰৱেশ কৰিব৷
ইয়াৰ ফলত বুধে দুবাৰ ৰাশি পৰিবৰ্তন কৰিব৷ ২৩ মে ২০২৫ত আকৌ ৰাশি পৰিবৰ্তন কৰি শুক্ৰই বৃষত প্ৰৱেশ কৰিব৷ ইয়াৰ ফলত জাতক জাতিকাৰ জীৱনলৈ উন্নতি আহিব৷ জীৱনলৈ উন্নতিকৰ পৰিস্থিতি আহিব৷ জানি থওক কোন কোন ৰাশিৰ জাতক জাতিকাই উন্নতি কৰিব পাৰিব?
মেষ ৰাশি
মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে বুধৰ ৰাশি পৰিবৰ্তনত বিশাল লাভৰ মুখ দেখিব৷ বুধে আগন্তুক ২ মে ২০২৫ৰ পৰা ২৩ মে ২০২৫ পৰ্যন্ত মেষ ৰাশিত থাকিব৷ ইয়াৰ ফলত জীৱনত উন্নতিকৰ পৰিস্থিতি আহিব৷ চাকৰিত প্ৰমোছন হব পাৰে৷ ব্যৱসায়ত ব্যাপক উন্নতিকৰ পৰিস্থিতি আহিব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ দুবাৰ বুধৰ ৰাশি পৰিবৰ্তনত বিশাল পৰিস্থিতিৰ সৃষ্টি কৰিব৷ লাভপ্ৰদ হ’ব জীৱন৷ ৰাশিৰ দশম ঘৰত এই সংযোগ তৈয়াৰ হৈছে৷ ইয়াৰ ফলত চাকৰিৰ সৈতে ব্যৱসায় বাণিজ্যত লাভৰ মুখ দেখিব জাতক জাতিকাই৷ যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিলে তেওঁলোকে লাভৰ মুখ দেখিব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে বুধৰ দুবাৰ ৰাশি পৰিবৰ্তনত ব্যাপক লাভৰ মুখ দেখিব৷ ভাগ্য, কেৰিয়াৰ আৰু ব্যৱসায় বাণিজ্যত লাভৰ মুখ দেখিব৷ চাকৰিত পদোন্নতি হব পাৰে৷ নতুন নতুন অৰ্ডাৰ পাব পাৰে৷ লাভৰ বাবে বিশাল উন্নতিকৰ পৰিস্থিতি আহিব পাৰে৷ সকলো মিলি এইবাৰ জাতক জাতিকাৰ বিশেষ উন্নতিকৰ পৰিস্থিতি আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ