অসম লাইভ ২৪ঃ পঞ্জাৱত দুৰ্ঘটনাত পতিত হয় ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান MiG-21। বৃহস্পতিবাৰে নিশা পঞ্জাৱৰ মোগাৰ কছবা বাঘাপুৰাণাৰ লংগিয়ানা খুৰ্দ গাঁৱত দুৰ্ঘটনাত পতিত হয় বিমানখন। দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই স্কোড্ৰন লিডাৰ অভিনৱ চৌধুৰীয়ে। অভিনৱ চৌধুৰীয়ে প্ৰশিক্ষণৰ বাবে ৰাজস্থানৰ সুৰতগড়ৰ পৰা হলৱাৰালৈ উৰুৰাইছিল যুঁজাৰু বিমানখন। হলৱাৰৰ পৰা সুৰতগড়লা পুনৰ ৰাওনা হওঁতে দুৰ্ঘটনাত পতিত হয় বিমানখন। দুৰ্ঘটনাৰ খবৰ পাইয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হয় বায়ুসেনাৰ দল। ঘটনাস্থলীৰ পৰা বায়ুসেনাই উদ্ধাৰ কৰে অভিনৱ চৌধুৰীৰ মৃতদেহ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ