আৱিষ্কাৰ হৈছে পৃথিৱীৰ দ্বিতীয় চন্দ্ৰ! একেলগে এতিয়া দুটাকৈ জোন দেখা যাব আকাশত! বিজ্ঞানীয়ে নাম দিছে ‘মিনি মুন’৷ কি এই মিনি মুন? খালী চকুৰে এই মিনি মুন দেখা যায়নে?
বিগত কেইবাদিনো ধৰি এই মিনি মুনক লৈ আলোচনা তুংগত উঠিছে৷ দক্ষিণ আফ্ৰিকাৰ ছাদাৰলেণ্ড গ্ৰহাণু টেৰোষ্ট্ৰিয়েল ইমপেক্ট লাষ্ট এলাৰ্ট চিষ্টেমে বিগত ৭ আগষ্টত পৃথিৱীৰ কক্ষপথত এই গ্ৰহাণু দেখা পাইছে৷ এই মিনি মুনৰ আয়তন কিমান সেই তথ্যও উলিয়াইছে বিজ্ঞানীয়ে৷
মিনি মুনৰ ব্যাস প্ৰায় ১০ মিটাৰ অৰ্থাৎ ৩৩ ফুট৷ ২৯ ছেপ্টেম্বৰত এই মিনি মুনে পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিছে৷ নিজ কক্ষপথ এৰি পৃথিৱীৰ কক্ষপথত কিছুদিন কটাব এই মিনি মুনে৷ নিজ কক্ষপথলৈ এই মিনি মুন উভতি নোযোৱা পৰ্যন্ত কি কি ঘটনা ঘটিব পাৰে?
মহাকাশ বিজ্ঞানীয়ে কৈছে, এই গ্ৰহাণুৰ ওপৰত বিজ্ঞানীয়ে আগ্ৰহ দেখুওৱাৰ কাৰণ হৈছে তাত কিবা বহুমূলীয়া দ্ৰব্য আছে নেকি? কেইবাটাও বেচৰকাৰী সংস্থাৰ উদ্যোগত বহুমূলীয়া দ্ৰব্যৰ সন্ধান কৰি থকা হৈছে৷ বহু গ্ৰহাণু কেৱল পাথৰেৰে তৈয়াৰী হ’লেও একাধিক গ্ৰহাণুৰ প্লেটিনাম, সোণ, নিকেল, কোবাল্টৰ দৰে বহুমূলীয়া ধাতুৰ উপস্থিতি লক্ষ্য কৰা যায়৷ বহু গ্ৰহাণুৰ গঠনে বিশ্বৰ অৰ্থনীতিতো প্ৰভাৱ পেলাব পাৰে৷ সেই সম্ভাৱনাক লৈয়ে বিজ্ঞানী এই মিনি মুনক লৈ আগ্ৰহী হৈ উঠিছে৷
পিছে কেনেকৈ গ্ৰহাণুৰ পৰা এই ধাতু আহৰণ কৰিব পাৰিব? এই ধাতু খনন প্ৰক্ৰিয়া সহজনে? গ্ৰহাণু খননৰ প্ৰক্ৰিয়া এক কঠিন আৰু চেলেঞ্জৰ বিষয়৷ কাৰণ এই খননত প্ৰথমেই আছে বৃহৎ অংকৰ বিনিয়োগ৷ তাৰপাছত মহাকাশ যাত্ৰাসহ একাধিক বিষয় ইয়াৰ সৈতে জ়ড়িত হৈ থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ