ভাস্কৰজ্যোতি দাসৰ প্ৰতিবেদনঃ
ঘটনাটো মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ দিছপুৰৰ চৰকাৰী বাসভৱনত। নিশা তেতিয়া ১১ বাজিছে। একেলগে প্ৰৱেশ কোটিপতি তিনি ঠিকাদাৰ অনুপম শর্মা, অনিল দাস আৰু উদয় গোস্বামীৰ।গড়কাপ্তানি বিভাগত মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ ‘খাচ মানুহ’ হিচাপে নাম থকা ‘ত্ৰিনেত্ৰ’ক দেখি মন্ত্ৰীৰ বাসভৱৰ ৰঞ্জিত ভট্টাচার্যই লগে লগে তেওঁলোকক ভিতৰৰ কোঠালৈ আথে-বেথে মাতি নি বহিবলৈ দিয়ে। ড্ৰয়িং ৰূমত অতিথিলৈ চাহ পর্বৰ শেষত নিশা ১২ বাজিবলৈ কেইমিনিটমান বাকী থকাৰ আগমুহূর্তত বাসভৱনৰ পদূলিত ৰয়হি মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ দীঘলীয়া কনভয়।
কিন্তু এইয়া কি? গাড়ীৰ পৰা নামিয়েই মন্ত্ৰী হিমন্তবিশ্ব শর্মাৰ উগ্ৰমূর্তি– ‘ঠিকাদাৰৰ কাম কি ইয়াত? নিশা ১২ বজাত মন্ত্ৰীৰ ঘৰত প্ৰৱেশ কৰিবলৈ কোনে পাৰমিছন দিলে তেওঁলোকক?’ ইমানতে ৰৈ নাথাকিল মন্ত্ৰী হিমন্ত বিশ্ব শর্মা। এইবাৰ ড্ৰয়িং ৰূমৰ দুৱাৰৰ সন্মুখলৈ গৈ উচ্চ কণ্ঠস্বৰত চিঞৰিলে- গ’ আউট।
মাত্ৰ কিছুদিন আগতে সংঘটিত হয় এই ঘটনাটো। কোৰোনা আক্ৰান্তৰ কেইবাটাও কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদর্শন কৰি দুখ-ভাগৰত জর্জৰিত হৈ মন্ত্ৰী শর্মা উভতি আহিছিল নিজৰ চৰকাৰী বাসভৱনলৈ। দুপৰ নিশা নিজৰ বাসভৱনৰ সন্মুখত ঠিকাদাৰেকইজনৰ বিলাসী গাড়ীকেইখন দেখাৰ লগে লগে সিদিনা নিশা খঙত টিঙিৰতুলা হৈ পৰিছিল মন্ত্ৰী শর্মা।
দুপৰ নিশা দিছপুৰ চৰকাৰী বাসভৱনৰ পৰা গড়কাপ্তানি বিভাগৰ তিনিগৰাকীকৈ বিখ্যাত ঠিকাদাৰক বাহিৰ কৰি দি মন্ত্ৰী শর্মাই ঠিকাদাৰ সমাজলৈকো যেন দিলে এক মেছেজ- মন্ত্ৰীৰ মানুহ বুলি হিমন্ত বিশ্ব শর্মাৰ ওচৰত কাৰো ক’তো স্থান নাই। তোমালোক ঠিকাদাৰ। নিজৰ কাম কৰি যোৱা। কাম দিছো, কাম কৰি যোৱা। কাম কৰিবলৈ মন নাই যদি তোমালোক ওলাই যোৱা। হিমন্ত বিশ্ব শর্মাৰ হাতত যদি কামৰ অভাৱ নাই, তেনেহ’লে জানি থোৱা- তেওঁৰ ওচৰত নতুন ঠিকাদাৰৰো অভাৱ নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ