অসম লাইভ ২৪ঃ লকডাউন নীতি বলৱৎ হোৱাৰ পাছতেই জনতাৰ মাজত ব্যক্তিগত বাহনৰ ব্যৱহাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আনহাতে পেট্ৰ’লজাত দ্ৰব্যৰ দাম বিগত এটা বছৰত যথেষ্ট বৃদ্ধিও পাইছে। অৱশ্যে কামৰ তাগিদাত গ্ৰাহকে তেলৰ দাম বৃদ্ধি হ’লেও দুচকীয়া বা চাৰিচকীয়া বাহন ক্ৰয় কৰিবলৈ বাধ্য হৈ পৰিছে। আনহাতে সুৰক্ষাজনিত কাৰণত মাজে মাজে ৰাজ্যৰ পৰিৱহণ ব্যৱস্থাও সময়ানুযায়ী সলনি কৰিব লগা হৈছে। ফলত চৰকাৰী বা বেচৰকাৰী যিকোনো কৰ্মক্ষেত্ৰত কৰ্মৰত কৰ্মচাৰী-বিষয়াই নিজৰ গাড়ী ব্যৱহাৰ কৰিবলগীয়া হৈছে। এনে সময়তেই কিছু দুষ্ট তেল ডিপোয়ে গ্ৰাহকক লুণ্ঠন চলোৱাৰ বহু অভিযোগ উত্থাপন হৈছে। সেয়ে এইক্ষেত্ৰত গ্ৰাহকসকলৰ বাবে কেইটামান জানিবলগীয়া আৰু সাৱধান হ’বলগীয়া কথা তলত উল্লেখ কৰা হ’লঃ
১) তেল ডিপোত থকা মূল যন্ত্ৰাংশত বৈদ্যুতিক চিপৰ জৰিয়তে গ্ৰাহকক ঠগিব পাৰে। এনে বৈদ্যুতিক চিপৰ জৰিয়তে তেল দিয়াৰ বিপৰীতে ডিজিটেল মিটাৰসমূহত কমকৈ দেখুৱাব পাৰে। গতিকে এইক্ষেত্ৰত গ্ৰাহকসকল সাৱধান হ’ব লাগে। যদি কোনো ডিপোৰ ওপৰত সন্দেহ হয়, তেন্তে বটলত তেল ভৰাই সন্দেহ দূৰ কৰিব পাৰে।
২) তেল ভৰাওঁতে তেল দিয়া কৰ্মচাৰীজনৰ হাতলৈও লক্ষ্য কৰিব লাগে। তেল দি থকাৰ সময়ত পাইপৰ অগ্ৰভাগত থকা অংশটো চেপি ধৰিছে নেকি, সেয়া লক্ষ্য কৰিব লাগে। যদিহে হাতেৰে ধৰি থকা অংশৰ মাজত থকা ‘বাইকৰ ক্লাট্ছ/ ব্ৰেকসদৃশ’ অংশটো আঙুলিৰে চেপি ধৰা নাই, তেন্তে আপত্তি কৰিবলগীয়া নাই।
৩) প্ৰেট্ৰ’লত নেপ্থা নামৰ এবিধ উপজাত দ্ৰব্য মিহলি কৰিব পাৰি। এই দ্ৰব্য মিহলি কৰিলেও এইকাৰণেই সহজে ধৰা পেলাব নোৱাৰি কাৰণ, পেট্ৰ’লৰ দৰে ইয়াৰ ঘনত্ব প্ৰায় একেই। এনে সন্দেহ হ’লে বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে তেল পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।
৪) কেতিয়াবা গ্ৰাহকক ডিপোৰ কৰ্মচাৰীয়ে নিজেই ঠগিব বিচাৰে। ধৰা হওক, যদি এজন লোকে ৫০০ টকাৰ তেল ভৰাব খোজে তেন্তে কৰ্মচাৰীজনে নুশুনাৰ ভাও জুৰি ২০০ টকাৰ তেল দিব পাৰে । তাৰপাছত পুনৰ গ্ৰাহকে ৫০০ টকাৰ তেল দিবলৈ কোৱা বুলি ক’লে মিটাৰত শূন্য নকৰাকৈয়ে ১০০ টকাৰ তেল দি ৩০০ টকা দেখুৱাই গ্ৰাহকক ঠগাৰ সুযোগ থাকে। সেইসময়ত অন্যমনস্ক হৈ থাকিলে গ্ৰাহকে ঠগ খোৱাৰ সম্ভাৱনা অধিক থাকে। সেয়ে তেল ভৰাওঁতে মিটাৰত চকু ৰখাটো অতি প্ৰয়োজনীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ