অসম লাইভ ২৪ঃ দেওবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত সদৌ অসম মিঞা পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত উদ্বোধন কৰা হৈছে মিঞা সংগ্ৰহালয়। মিঞা মিউজিয়ামৰ উদ্বোধনৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বহুতেই সামাজিক মাধ্যমত সুধিছে কি আছে এই মিউজিয়ামত?
মিঞা মিউজিয়ামত সংৰক্ষণ কৰা সামগ্ৰীৰ তালিকা ইতিমধ্যেই প্ৰকাশ পাইছে। মিউজিয়ামত মিঞা সম্প্ৰদায়ৰ দৈনন্দিন ব্যৱহৃত বহু সামগ্ৰীৰ লগতে তেওঁলোকৰ মূল সাংস্কৃতিক প্ৰতীকো ৰখা পৰিলক্ষিত হৈছে। সংৰক্ষিত সামগ্ৰীৰ তালিকাত আছে ঢাল, গাছা, ডাগা-পাল্লা, ডাহী, পাইছা, খেৰা, বেকী দা , হাঞ্জৰ , পাগা, দাউলকে ধৰি বহুকেইপদ সামগ্ৰী।
মিঞাৰ সাংস্কৃতিক প্ৰতীক নাঙল আৰু বেকী দা মিউজিয়ামত ৰখা হৈছে যদিও বহুতেই চৰ্চা চলোৱাৰ দৰে লুঙী-টুপি আদি বস্ত্ৰৰ তালিকাত ৰখা হৈছেনে সেই সম্পৰ্কে বৰ্তমানো জানিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ